নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুর্ব্যৱহাৰ কৰা সন্তানক ঘৰৰ পৰা উলিয়াই দিব পাৰে জ্যেষ্ঠজনে, দিল্লী উচ্চ ন্যায়ালয়ৰ আইনী পর্যবেক্ষণ

নিউজ ডেস্ক, ৪ ডিচেম্বৰ : সন্তানে দুর্ব্যৱহাৰ কৰিলে, হাৰাশাস্তি কৰিলে তেনে সন্তানক নিজৰ ঘৰৰ পৰা উলিয়াই দিব পাৰে জ্যেষ্ঠ নাগৰিকসকলে৷ এই কথা জনালে দিল্লী হাইক’র্টে৷ সন্তানে তেনে জ্যেষ্ঠ নাগৰিকক কৰা হাৰাশাস্তিৰ কোনো প্রমাণ দিয়াৰ প্রয়োজন নাই৷ ২০০৭ বর্ষৰ অভিভাৱক কল্যাণ তথা জ্যেষ্ঠ নাগৰিক আইনৰ এনে পর্যবেক্ষণ ৰখাৰ কথা জনাইছে উচ্চ ন্যায়ালয়ে৷ দিল্লী ৰাজা গার্ডেনৰ বাসিন্দা পিয়াৰে কৰা এটা গোচৰ সন্দর্ভত এই পর্যবেক্ষণৰ কথা প্রকাশ কৰে দিল্লী উচ্চ ন্যায়ালয়ে৷

২০১৪ বর্ষত পিয়াৰে তেওঁৰ কন্যা-জোঁৱাই আৰু নাতি–নাতিনীক নিজৰ নতুন দিল্লীৰ ৰঞ্জিত নগৰত থকা ঘৰৰ তিনি মহলাত থাকিবলৈ দিছিল৷ পিয়াৰে কৰা অভিযোগ মতে, তাৰ পিছৰে পৰা তেওঁ আৰু তেওঁৰ পত্নীক দুর্ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰে তেওঁৰ কন্যাই৷ ২০০৭ বর্ষৰ জ্যেষ্ঠ নাগৰিক আইন অনুসৰি কন্যা আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে ২০২২ বর্ষত থানাত অভিযোগ দাখিল কৰে পিয়াৰে৷ জিলা প্রশাসকে অভিযুক্ত কন্যাক পিতৃৰ ঘৰ এৰি যাবলৈ নির্দেশ দিয়ে৷ গোচৰ চলি থকা অৱস্থাত পিয়াৰে নিজৰ কন্যাক ‘ত্যাজ্য পুত্রী’ আখ্যা দিয়ে৷

কিন্তু জিলা প্রশাসকৰ এই নির্দেশৰ বিৰুদ্ধে বিভিন্ন আদালতত আবেদন জনাই পিয়াৰৰ কন্যাই৷ অৱশেষত পিয়াৰৰ কন্যা দ্বাৰস্থ হয় দিল্লী উচ্চ ন্যায়ালয়ৰ৷ এই গোচৰৰ প্রসংগতে দিল্লী উচ্চ ন্যায়ালয়ে জনায় যে সন্তানে বেয়া ব্যৱহাৰ কৰিলে তেনে সন্তানক নিজৰ ঘৰৰ পৰা বাহিৰ কৰি দিব পাৰে পিতৃ–মাতৃয়ে৷ এই আইনগত ব্যৱস্থাটো কার্যকৰী কৰা হৈছে নে নাই, তাক চোৱাচিতা কৰাৰ নির্দেশ দিয়া হয় দিল্লীৰ ডেপুটী কমিছনাৰক৷

সাম্প্রতিক সময়ত জ্যেষ্ঠ নাগৰিকসকলৰ প্রতি তেওঁলোকৰ সন্তানে কৰা দুর্ব্যৱহাৰৰ পৰিপ্রেক্ষিতত দিল্লী উচ্চ ন্যায়ালয়ৰ এনে এটি ৰায় তাৎপর্যপূর্ণ হিচাপে বিবেচনা কৰা হৈছে৷ এই সন্দর্ভত এগৰাকী আইনজীৱীয়ে কয় যে উচ্চ ন্যায়ালয়ৰ এই নির্দেশে এই কথাকেই বুজালে যে পিতৃ–মাতৃৰ ঘৰত থকা সন্তানৰ অধিকাৰ চিৰস্থায়ী নহয়৷ জ্যেষ্ঠ নাগৰিকসকলে যাতে নিজৰ ঘৰত সন্মানৰ সৈতে জীয়াই থাকিব পাৰে তাৰ বাবে ২০০৭ বর্ষৰ এই আইনখনত বিভিন্ন ব্যৱস্থা সুনিশ্চিত কৰি জ্যেষ্ঠ নাগৰিকসকলৰ জীৱনযাত্রাক সুচল কৰাৰ প্রয়াস কৰা হৈছে৷

You might also like