১৫ বছৰ পাছত ঘৰুৱা ক্ৰিকেট খেলিব কোহলিয়ে, খেলিব পণ্টেও
জল্পনা–কল্পনাৰ অন্ত৷ সুদীর্ঘ ১৫ বছৰ পাছত দেশৰ ঘৰুৱা এদিনীয়া প্রতিযোগিতা বিজয় হাজাৰে ট্রফীত খেলিব বিৰাট কোহলিয়ে৷ টীম ইণ্ডিয়াৰ তাৰকা বেটাৰগৰাকীয়ে আগন্তুক প্রতিযোগিতাখনত দিল্লীৰ হৈ খেলাৰ প্রতিশ্রুতি দিয়ে৷
বিজয় হাজাৰেত বিৰাট কোহলিৰ অংশগ্রহণ সন্দর্ভত দিল্লী ক্রিকেট সন্থাৰ সভাপতি ৰোহন জেটলীয়ে কয় যে কোহলিয়ে দিল্লীৰ হৈ বিজয় হাজাৰে ট্রফীত খেলিব৷
ডিডিচিএৰ সম্পাদক অশোক শর্মায়ো একেই মন্তব্য কৰিছে৷ তেওঁ কয় যে কোহলিয়ে দিল্লী ক্রিকেট সন্থাৰ সভাপতি ৰোহন জেটলীক জনায় যে তেওঁ বিজয় হাজাৰে ট্রফীত খেলিব৷
১৫ বছৰ পাছত পুনৰ ঘৰুৱা এদিনীয়া ক্রিকেট খেলিব তাৰকা বেটাৰগৰাকীয়ে৷ যোৱা বছৰ তেওঁ ৰঞ্জি ট্রফীৰ এখন মেচত খেলিছিল৷ অৱশ্যে ২০১০ চনৰ পৰা বিজয় হাজাৰে ট্রফীত অংশগ্রহণ কৰা নাছিল কোহলিয়ে৷ ইফালে, কোহলিৰ পিছত টীম ইণ্ডিয়াৰ তাৰকা উইকেটকীপাৰ বেটাৰ ঋষভ পণ্টেও বিজয় হাজাৰে ট্রফীত অংশগ্রহণ কৰিব বুলি দিল্লী ক্রিকেট সন্থাই এক বিবৃতিযোগে সদৰী কৰে৷
উল্লেখ্য যে ২৪ ডিচেম্বৰৰ পৰা ১৮ জানুৱাৰীলৈ অনুষ্ঠিত হ’ব বিজয় হাজাৰে ট্রফী৷
ডিজিটেল ডেস্ক, ৪ ডিচেম্বৰ