ভাৰতত পুটিনক ৰাষ্ট্ৰপতি ভৱনত আনুষ্ঠানিক আদৰণি
ভাৰত ভ্ৰমণৰ দ্বিতীয় দিনা শুকুৰবাৰে পুৱা ৰাষ্ট্ৰপতি ভৱনত আনুষ্ঠানিকভাৱে আদৰণি জনায় ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুটিনক গৰিমাময় আৱেগেৰে অভ্যৰ্থনা জনায়। অনুষ্ঠানস্থলী তিনি সেনাৰ গাৰ্ড অৱ অনাৰেৰে মুখৰ হয়। লগতে বাজি উঠে ৰাছিয়া আৰু ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত।
আদৰণী অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী এছ জয়শংকৰ, সৰ্বানন্দ সোণোৱাল, দিল্লীৰ লেফটেনেণ্ট গৱৰ্ণৰ ভি কে ছাক্সেনা, চি ডি এছ জেনেৰেল অনিল চৌহান আৰু বহুতো বিশিষ্ট ব্যাক্তি। ৰাষ্ট্ৰপতি মুৰ্মু আৰু পুটিনে ইজনে সিজনৰ সৈতে চিনা-পৰিচয় হয়। পুটিনৰ সৈতে ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰী আন্দ্ৰে বেলৌছভ আৰু ক্ৰেমলিন সহায়ক ডিমিট্ৰি পেস্কোভো উপস্থিত থাকে।
আদৰণিৰ পিছত ৰাষ্ট্ৰপতি পুটিন ৰাজঘাটলৈ লৈ মহাত্মা গান্ধীৰ স্মৃতিসৌধত পুষ্পাঞ্জলি অৰ্পণ কৰে। তেওঁ দৰ্শনাৰ্থী গ্ৰন্থতো স্বাক্ষৰ কৰে। এই সময়ত তেওঁৰ সৈতে থাকে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী কীৰ্তি বৰ্ধন সিং।
ইফালে প্ৰায় ৪ বছৰৰ অন্তত ভাৰতত ভ্ৰমণ কৰা ৰাষ্ট্ৰপতি পুটিনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে অনুষ্ঠিত দ্বিপাক্ষিক বৈঠকত অংশ লয়। উল্লেখযোগ্য, ২০২১ চনৰ ডিচেম্বৰ মাহত পুটিনে অন্তিমবাৰৰ বাবে ভাৰত ভ্ৰমণ কৰিছিল।
যোৱানিশা পালম বিমানবন্দৰত পুটিন উপস্থিত হোৱাৰ লগে লগেই প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁক আদৰণি জনায়। এক্সৰ এটা পোষ্টত মোদীয়ে উল্লেখ কৰে— “মোৰ বন্ধু ৰাষ্ট্ৰপতি পুটিনক ভাৰতলৈ আদৰণি জনাবলৈ পাই বিশেষ আনন্দিত।”
দুয়ো নেতা একেলগে বাহন প্ৰধানমন্ত্ৰী মোদীৰ লোককল্যাণ মাৰ্গৰ বাসগৃহলৈ যায়, য’ত পুটিনক এখন ‘গীতা’ উপহাৰ আগবঢ়ায় মোদীয়ে। প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে— “ভাৰত-ৰাছিয়া বন্ধুত্বই দুয়ো দেশৰ জনসাধাৰণক উপকৃত কৰি আহিছে।”
ডিজিটেল ডেস্ক, ৫ ডিচেম্বৰ