সমাগত বিধানসভা নিৰ্বাচন : মুখ্য়মন্ত্ৰীয়ে দিলে ডাঙৰ বাৰ্তা… সৰ্বত্ৰ উছাহ
ৰহসংখ্যক আসনত বুজাবুজি থাকিব অগপ–বিজেপিৰ, অগপৰ সৈতে আসন ভাগ–বাটোৱাৰাৰ বাবে ইতিমধ্যে আলোচনা বহু আগবাঢ়িছে
বিধানসভা নির্বাচনক লৈ প্রস্তুতি সম্পূর্ণ কৰি তোলা বিজেপিয়ে এইবাৰ নতুন মুখক অগ্রাধিকাৰ দিব৷ ২০২৬ৰ বিধানসভা নির্বাচনক লৈ যথেষ্ট সক্রিয় হৈ পৰা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই কথা স্পষ্ট কৰিলে৷
তৃণমূল পর্যায়ত নির্বাচনক লৈ ৰাজ্যিক বিজেপিয়ে আৰম্ভ কৰা তৎপৰতাৰ মাজতে প্রার্থিত্বকেন্দ্রিক বিষয়টোৱে যথেষ্ট চর্চাৰ সৃষ্টি কৰিছে৷ এনে চর্চাৰ বিপৰীতে মুখ্যমন্ত্রীৰ স্পষ্ট মন্তব্য– বিজেপিৰ মহিলা আৰু যুৱশক্তিক নির্বাচনত প্রাধান্য দিয়া হ’ব৷
সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড০ শর্মাই এই সন্দর্ভত কয়– বিজেপিত প্রত্যেক বছৰে মহিলাৰ সংখ্যা বৃদ্ধি কৰা হয়, যুৱকৰ সংখ্যা বৃদ্ধি কৰা হয়৷ আমাৰ লক্ষ্য হ’ল যে বিজেপি এটা যুৱ শক্তিকেন্দ্রিক দল হৈ থাকে৷ সেইবাবে প্রত্যেক নির্বাচনতে নতুন মুখক প্রাধান্য দিয়া হয়৷
বিগত নির্বাচনত তৰংগ গগৈৰ দৰে যুৱশক্তিক অগ্রাধিকাৰ দিয়া হৈছিল৷ এইবাৰ লক্ষ্য হ’ব তৰংগ গগৈতকৈও কম বয়সৰ ল’ৰা আগুৱাই আহক৷ এজন–দুজন বা তিনিজন যিমানেই নহওক, বিজেপিয়ে ডেকা তথা যুৱশক্তিৰ চেহেৰা বিজেপিলৈ অনা হ’ব৷
মই ভাবোঁ এইবাৰো নির্বাচনত সেই দৃষ্টিৰে বিষয়টো চোৱা হ’ব৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে মহিলা প্রার্থী বেছিকৈ বিচাৰে৷ গতিকে মহিলাৰ সংখ্যাও এইবাৰ বৃদ্ধি হ’ব৷
উল্লেখ্য যে আগন্তুক বিধানসভা নির্বাচনত নতুন মুখক অগ্রাধিকাৰ দিয়াৰ বিপৰীতে একাংশ বিধায়কৰ প্রার্থিত্ব নাকচ হোৱাটো ইতিমধ্যে স্পষ্ট হৈছে৷ যোৱা সময়ছোৱাত ৰাজ্যিক বিজেপিৰ সভাপতি তথা মুখ্যমন্ত্রীয়েও কেইবাটাও সমষ্টিত নতুন মুখক অগ্রাধিকাৰ দিয়া হ’ব বুলি ঘোষণা কৰাৰ পাছত শাসকীয় দলটোৰ দখলত থকা বহুকেইটা সমষ্টিত প্রার্থিত্বৰ বাবে নতুন নাম উচ্চাৰণ হৈছে৷ সমান্তৰালভাৱে প্রার্থিত্ব হেৰুওৱাৰ সংকটত পৰিছে একাংশ বিধায়ক৷
বিষয়টোক মুখ্যমন্ত্রীয়ে পুনৰ স্পষ্ট কৰাত বিধানসভা নির্বাচনত যে বহু বিজেপি বিধায়কে প্রার্থিত্ব হেৰুৱাব সেয়া স্পষ্ট হৈ পৰিল৷ ইফালে অগপ–বিজেপিৰ আসন বুজাবুজিৰ বিষয়টোক লৈও আজি মুখ্যমন্ত্রী ড০ শর্মাই স্থিতি স্পষ্ট কৰিলে৷ মুখ্যমন্ত্রীৰ মন্তব্য– সৰহসংখ্যক আসনতে বিজেপি–এজিপিয়ে বুজাবুজিৰে প্রতিদ্বন্দ্বিতা কৰিব৷
সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রীয়ে কয়– বিগত নির্বানত অগপ আৰু বিজেপিয়ে নির্বাচনী মিত্রতা কৰিছে যদিও বহুকেইটা সমষ্টিত বন্ধুত্বমূলক প্রতিদ্বন্দ্বিতা হৈছিল৷ অগপৰ লগত ইতিমধ্যে আসন ভাগ–বাটোৱাৰাৰ আলোচনা বহুখিনি আগবাঢ়ি গৈছে৷ প্রয়োজন হয় যদি এখন–দুখন আসনত বন্ধুত্বমূলকভাৱে প্রতিদ্বন্দ্বিতা কৰাত আমাৰ আপত্তি নাই৷
কিন্তু সৰহসংখ্যক আসনতে অগপ–বিজেপিয়ে বুজাবুজি কৰিব৷ আসন ভাগ–বাটোৱাৰাক লৈ অগপৰ কার্যকৰী সভাপতি কেশৱ মহন্তৰ সৈতে দীঘলীয়া বৈঠক অনুষ্ঠিত হৈছে৷ অতি সোনকালে ৰাজ্যিক বিজেপিৰ তৰফৰ পৰা অগপৰ লগত আসন বুজাবুজিক লৈ আনুষ্ঠানিক কথা–বতৰা আৰম্ভ হ’ব৷ মাঘ বিহুৰ পূর্বেই অগপ আৰু বিজেপিৰ মিত্রতা চূড়ান্ত হ’ব৷
একেদৰে ৰাভা হাছং, গণশক্তিৰ লগত মিত্রতাৰ বিষয়টো মাঘ বিহুৰ পূর্বে দলে শেষ কৰিব৷ ইয়াৰ বাবে আমি ১৫ জানুৱাৰী অন্তিম দিন হিচাপে লৈছোঁ৷
ডিজিটেল ডেস্ক, ৬ ডিচেম্বৰ
লগতে এইটোও পঢ়ক —- কান্ধত কান্ধ মিলাই পাকিস্তানক সকীয়নি মোদী–পুটিনৰ