নিবনুৱাৰ বাবে সুখবৰ : অসম আৰক্ষীত পুনৰ নতুন চাকৰি
চাকৰি প্রার্থীৰ বাবে সুখবৰ কঢ়িয়াই আজি প্রকাশ পালে অসম আৰক্ষীত খালী পদৰ বিজ্ঞাপন৷
আজি প্রকাশ হোৱা বিজ্ঞাপন অনুসৰি ১৭১৫টা কনিষ্টবল পদৰ বাবে যুৱক–যুৱতীসকলে আৱেদন কৰিব পাৰিব৷ এই বিজ্ঞাপনত সশস্ত্র শাখা (এবি) আৰু নিৰস্ত্র শাখা (ইউবি) দুয়োটাকে সামৰি লোৱা হৈছে৷
উল্লেখ্য যে শেহতীয়াকৈ ৰাজ্য চৰকাৰে ৫৮১৮ গৰাকী প্রার্থীক অসম আৰু গৃহ বিভাগত নিযুক্তি দিছে৷ এই নিযুক্তিপত্র বিতৰণৰ দিনাই মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ঘোষণা কৰিছিল যে অতি সোনকালে অসম আৰক্ষীৰ কনিষ্টবল পদৰ বাবে বিজ্ঞাপন দিয়া হ’ব৷
সেই ঘোষণা অনুসৰিয়েই ১৭১৫টা কনিষ্টবল পদৰ বাবে বিজ্ঞাপন প্রকাশ পালে৷ স্বাভাৱিকতে ৫৮১৮ পদৰ নিযুক্তিৰ পৰা বঞ্চিত হোৱাসকলে এইবাৰ কনিষ্টবল পদত পুনৰ আৱেদনৰ সুযোগ লাভ কৰিব৷
ডিজিটেল ডেস্ক, ৬ ডিচেম্বৰ