নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম আৰক্ষীক ভর্ৎসনা ছুপ্রিম ক’ৰ্টৰ, চার্জশ্বীট অবিহনে ধৃতক দুবছৰ বন্দী

বিশেষ বার্তা, নতুন দিল্লী, ৭ ডিচেম্বৰ : বেআইনী কার্যকলাপ প্রতিৰোধ আইন (ইউএপিএ)ৰ অধীনত গ্রেপ্তাৰ কৰি চার্জশ্বীট দাখিল নকৰাকৈ দুবছৰৰো অধিক কাল এজন জনগোষ্ঠীয় লোকক নিজৰ জিম্মাত ৰাখি উচ্চতম ন্যায়ালয়ৰ ভর্ৎসনাৰ সন্মুখীন হ’ল অসম আৰক্ষী৷ ন্যায়াধীশ বিক্রম নাথ আৰু সন্দীপ মেহতাৰে গঠিত খণ্ড বিচাৰপীঠে অসম আৰক্ষীৰ এনে কার্যক ভয়ংকৰ বুলি অভিহিত কৰিছে৷ ইউএপিএ যিমানেই কঠোৰ নহওক কিয়, এজন ব্যক্তিক উক্ত আইনৰ ধাৰাত গ্রেপ্তাৰ কৰি অভিযোগনামা দাখিল নকৰাকৈ দুবছৰলৈকে কেনেকৈ বন্দী কৰি ৰাখিব পাৰে সেই বিষয়ত ন্যায়ালয়ে পোনপটীয়াকৈ প্রশ্ণ উত্থাপন কৰে৷

অসম আৰক্ষীৰ এনে কার্যক উচ্চতম ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠখনে সম্পূর্ণ বেআইনী বুলি অভিহিত কৰি ৰাজ্য চৰকাৰক প্রতিনিধিত্ব কৰা অধিবক্তা শুভদীপ ৰায়ৰ উদ্দেশ্যে ন্যায়াধীশ মেহতাৰ প্রশ্ণ– অসম আৰক্ষীক দেশৰ সর্বশ্রেষ্ঠ তদন্তকাৰী সংস্থা বুলি ভাবে নেকি?

উল্লেখ্য যে টনলং কন্যাক নামৰ এজন যুৱকক অসম ৰাইফলছে ২০২৩ চনৰ ২৩ জুলাইত নাগালেণ্ডৰ ম্যানমাৰ সীমান্তত ৩,২৫,০০০ টকাৰ সৈতে গ্রেপ্তাৰ কৰিছিল৷ ৪৩ বছৰীয়া কন্যাকৰ বিৰুদ্ধে আলফাৰ সৈতে সম্পর্ক থকা ম্যানমাৰৰ বাসিন্দা বুলি অভিযোগেৰে পৰৱর্তী সময়ত অসমত গোচৰ ৰুজু কৰা হয়৷ ন্যায়ালয়ত অসম চৰকাৰক প্রতিনিধিত্ব কৰা অধিবক্তা ৰায়ৰ বক্তব্য– কন্যাক হৈছে ম্যানমাৰৰ নাগৰিক তথা তেওঁৰ পৰা ভাৰতীয় জাল মুদ্রা জব্দ কৰা হৈছিল৷

এনেক্ষেত্রত ইউএপিএৰ ৪৩ডি(৭) ধাৰা অনুসৰি বেআইনীভাৱে প্রৱেশ কৰা অনা–ভাৰতীয় এজন নাগৰিকক উক্ত আইনৰ অধীনত গ্রেপ্তাৰ কৰা হ’লে তেওঁক জামিন দিব নোৱাৰি৷ ইয়াৰ পৰিপ্রেক্ষিতত ন্যায়াধীশ মেহতাই স্পষ্ট কৰি দিয়ে যে ইউএপিএৰ ধাৰা যিমানেই কঠোৰ নহওক কিয় এই আইনৰ অধীনত অবৈধ জিম্মাৰ কোনো অৱকাশ নাই৷ এয়া ভয়ংকৰ৷ ন্যায়িক নির্দেশ অবিহনে ১৮০ দিনতকৈ বেছি ইউএপিএৰ অধীনত কোনো অভিযুক্তক বন্দী কৰি ৰাখিব নোৱাৰি৷ ইয়াৰ পিছত খণ্ড বিচাৰপীঠে কন্যাকক ডিফল্ট (নিজাববীয়া) জামিন প্রদান কৰে৷

উল্লেখ্য যে ইয়াৰ পূর্বে গুৱাহাটী উচ্চ ন্যায়ালয়েও ২০২৪ চনৰ ২০ ডিচেম্বৰত কন্যাকৰ অবৈধভাৱে ভাৰতত প্রৱেশ কৰাৰ অভিযোগত জামিন আবেদন খাৰিজ কৰিছিল৷ পিছে উচ্চতম ন্যায়ালয়ত কন্যাকৰ হৈ যুক্তি আগবঢ়োৱা অধিবক্তা এছ আলমে কয় যে অভিযুক্ত ব্যক্তিজন হৈছে দৰাচলতে ম্যানমাৰ সীমান্তৱর্তী নাগালেণ্ডৰ কন্যাক জনজাতিৰ এজন খিলঞ্জীয়া ভাৰতীয় নাগৰিক৷ ভাৰত–ম্যানমাৰৰ মুক্ত বিচৰণ অঞ্চলৰ পৰা তেওঁক গ্রেপ্তাৰ কৰা হৈছিল তথা তেওঁৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগৰ কোনো প্রমাণ অসম আৰক্ষীয়ে এতিয়ালৈকে দিব পৰা নাই৷ চলিত বছৰৰ ৩১ জুলাইত অসম আৰক্ষীয়ে যি অভিযোগনামা দাখিল কৰিছিল তাতো কোনো উপযুক্ত প্রমাণ নাই৷ ইয়াৰ পৰিপ্রেক্ষিতত খণ্ড বিচাৰপীঠে কন্যাকক জামিন দিবলৈ আনুষ্ঠানিক নির্দেশনা জাৰি কৰে৷ ন্যায়ালয়ে স্পষ্ট কৰি দিয়ে যে নাগৰিকত্বৰ প্রশ্ণত এজন ব্যক্তিক জামিন লাভৰ অধিকাৰৰ পৰা বঞ্চিত কৰিব নোৱাৰি৷ যথোপযুক্ত কাৰণ অবিহনে ব্যক্তিগত স্বাধীনতা আমি কেতিয়াও কর্তন কৰিব নোৱাৰিম বুলি উচ্চতম ন্যায়ালয়ে লগতে স্পষ্ট কৰি দিয়ে৷

You might also like