বহিঃৰাজ্যৰ পৰা উভতি অহা শ্ৰমিকসকলক নিজ গৃহ আগবঢ়ালে বাইচুং ভুটিয়াই
নিয়মীয়া বাৰ্তা, ১ এপ্ৰিলঃ ফুটবলাৰ বাইচুং ভুটিয়াৰ মহানুভৱতা ! সমগ্ৰ দেশজুৰি ক’ৰোনা ভাইৰাছে মহামাৰীৰ ৰূপ ধাৰণ কৰাৰ সময়তে আন সকলৰ দৰে দুৰ্গতসকলক সহায়ৰ বাবে আগবাঢ়ি আহিছে ফুটবলাৰ বাইচুং ভুটিয়া ।
দেশৰ বিভিন্ন অঞ্চলত কৰ্মৰত ছিকিমৰ লোকসকলক নিজ ৰাজ্যলৈ প্ৰত্যাৱৰ্তন আৰম্ভ কৰিছে । ভাৰতীয় দলৰ প্ৰাক্তন ফুটবলাৰ গৰাকীয়ে বহিঃৰাজ্যৰ পৰা উভতি অহা শ্ৰমিকসকলক নিজ গৃহত থকাৰ ব্যৱস্থা কৰিছে ।
তেওঁ ছ’চিয়েল মিডিয়াযোগে কয়- “লকডাউনৰ সময়ছোৱাত আটাইতকৈ ক্ষতিগ্ৰস্ত হৈছে শ্ৰমিকসকল । এনে পৰিস্থিতিত মোৰ গেংটকত নিৰ্মিয়মান গৃহটো তেওঁলোক থকাৰ বাবে আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো ।”
I feel strongly for the migrant workers who hope to reach their homes to survive coronavirus and the nationwide lockdown. I’m offering my building in Lumsey, Tadong to shelter such workers and suggest them to follow govt’s guidelines. I and USFC will help them get the basics. pic.twitter.com/cS4hQuKwMP
— Bhaichung Bhutia (@bhaichung15) March 30, 2020