চেলিব্ৰিটী বিয়াখন আধাতেই স্তব্ধ… আনুষ্ঠানিক ঘোষণা স্মৃতি মান্ধানাৰ
ভাৰতীয় মহিলা ক্ৰিকেট দলৰ তাৰকা স্মৃতি মান্ধানাই পলাশ মুচ্চলৰ সৈতে তেওঁৰ বিবাহ বাতিল কৰাৰ ঘোষণা কৰিছে।
মান্ধানাই ইনষ্টাগ্ৰামত এটা বিবৃতি প্ৰকাশ কৰি এই ঘোষণা কৰে। যোৱা মাহত বিবাহ স্থগিত হোৱাৰ পিছত সৃষ্টি হোৱা নানা গুঞ্জন আৰু অনুমানৰ প্ৰতি সঁহাৰি জনাবৰ প্ৰয়োজনবোধ কৰি তেওঁ এই সিদ্ধান্ত লয়।
“কেইটামান সপ্তাহ ধৰি মোৰ ব্যক্তিগত জীৱনক লৈ বহু অনুমান চলি আছে আৰু এই সময়ত মোৰ কোৱাটো অত্যাবশ্যক বুলিয়ে মই অনুভৱ কৰিছো। মই খুব বেছিকৈ ব্যক্তিগত ধৰণৰ মানুহ আৰু সেইদৰে থাকিব বিচাৰো, কিন্তু স্পষ্টকৈ ক’ব লাগিব– বিবাহ বাতিল কৰা হৈছে,” বুলি স্মৃতিয়েই ইনষ্টাগ্ৰাম ষ্ট’ৰীত লিখে। তেওঁ অনুৰাগী আৰু সংবাদ মাধ্যমক ব্যক্তিগত গোপনীয়তা সন্মান কৰিবলৈ আবেদন জনায়।
বিবৃতিটোত আৰু কোৱা হৈছে, “মই এই বিষয়টো ইয়াতেই বন্ধ কৰিব বিচাৰো আৰু আপোনালোকেও একেদৰে কৰাৰ বাবে অনুৰোধ জনাওঁ। এই সময়ত দুয়ো পক্ষৰ পৰিয়ালৰ গোপনীয়তাক সন্মান কৰক। মোৰ বাবে সকলোতকৈ ডাঙৰ লক্ষ্য সদায়ে দেশলৈ প্ৰতিনিধিত্ব কৰা বুলি মই বিশ্বাস কৰোঁ।”
“মই ভাৰতৰ বাবে খেলি যাব, বিজয় সাব্যস্ত কৰিব লাগিব আৰু সেই লক্ষ্য লৈ আগলৈ যিকোনো সময়ত মোৰ প্ৰাথমিক মনোনিৱেশ হব। আপোনালোকৰ সহযোগিতাৰ বাবে ধন্যবাদ। এতিয়া আগলৈ আগবঢ়াৰ সময়,” বুলি স্মৃতিয়ে লিখে।
এই ঘটনাৰ পিছত পলাশ মুচ্চলকো আগবাঢ়ি যোৱাৰ বাবে মন্তব্য দি নিশ্চিত কৰে যে বিবাহ বাতিল কৰা হৈছে।
২৩ নৱেম্বৰত বিবাহ বন্ধনত আবদ্ধ হোৱাৰ কথা থকা এই দম্পতীয়ে আগতে স্মৃতিৰ দেউতাকৰ অসুস্থতা আৰু পলাশৰ নিজস্ব স্বাস্থ্যজনিত সমস্যাৰ বাবে বিবাহ স্থগিত কৰিছিল।
ডিজিটেস ডেস্ক, ৭ ডিচেম্বৰ