নিয়মীয়া বাৰ্তা, ১ এপ্ৰিলঃ দেশৰ ৰাজধানী দিল্লীৰ নিজামুদ্দিন মাৰ্কাজৰ ক’ৰোনাবাহকে বিপদঘণ্টা বজালে দেশত । দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু কেন্দ্ৰীয় চৰকাৰৰ লকডাউনক উলংঘা কৰি নিজামুদ্দিন মাৰ্কাজত আয়োজন কৰা ধৰ্মীয় সমাৱেশেই দেশলৈ ক’ৰোনা ভাইৰাছৰ সামাজিক সংক্ৰমণৰ ভয়াৱহতা বৃদ্ধি কৰিলে । ইতিমধ্যে নিজামুদ্দিন মাৰ্কাজৰ ধৰ্মীয় সমাৱেশৰ পৰা নিজ নিজ ৰাজ্যলৈ উভতি যোৱা ইছলাম ধৰ্মাৱলম্বী লোক ক’ভিড -১৯ ত আক্ৰান্ত হৈছে । এই আক্ৰান্তৰ ভিতৰত ১০ জনে প্ৰাণ হেৰুৱাইছে । প্ৰাণ হেৰুওৱা সকলৰ ভিতৰত তেলেংগানাত ৬ জন, কৰ্ণাটক-কাশ্মীৰ আৰু অন্ধ্ৰপ্ৰদেশত একোজনক লোকে মাৰাত্মক ক’ৰোনা ভাইৰাছত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাইছে ।
তবলিগী-ই-জামাত ইছলামৰ নিজামুদ্দিন মাৰ্কাজত আয়োজিত ধৰ্মীয় সমাৱেশত দেশৰ ১৯খন ৰাজ্যৰ লোকে অংশগ্ৰহণ কৰাৰ লগতে বিদেশৰ প্ৰায় তিনি শতাধিক লোকে অংশ লৈছিল । মালয়েছিয়া, ইণ্ডোনেছিয়া, থাইলেণ্ডকে ধৰি ১৬ খন দেশৰ প্ৰতিনিধিয়ে অংশ লোৱা মাৰ্কাজৰ ধৰ্মীয় সমাৱেশ এতিয়া ক’ৰোনা বোমা হিচাপে চিহ্নিত হৈছে । বিদেশৰ প্ৰায় ৩০০ প্ৰতিনিধিৰ লগতে আন্দামান, অসম, বিহাৰ , হাৰিয়ানা, হিমাচল, হায়দৰাবাদ, কৰ্ণাটক, কেৰালা, মহাৰাষ্ট্ৰ, মেঘালয়, মধ্যপ্ৰদেশ, ওড়িশা, পঞ্জাৱ, ৰাজস্থান, ঝাৰখণ্ড, তামিলনাডু, উত্তৰাখণ্ড, উত্তৰপ্ৰদেশ আৰু পশ্চিমবংগৰ লোক আছে ।