নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছাত্ৰ ৰাজনীতি এৰি সক্ৰিয় ৰাজনীতিলৈ…. বিজেপিলৈ ধীৰাজ গোৱালা

 আগন্তুক বিধানসভা নির্বাচনত ধীৰাজ গোৱালাক প্ৰতিদ্বন্দিতা কৰিবলৈ দলে সুবিধা দিবলৈয়ো আহ্বান জনাইছে সমৰ্থকে

ছাত্ৰ ৰাজনীতি এৰি সক্ৰিয় ৰাজনীতিলৈ চাহ জনজাতি ছাত্র সন্থাৰ প্ৰাক্তন সভাপতি ধীৰাজ গোৱালা। আজি আনুষ্ঠানিকভাৱে তিতাবৰৰ সন্তান অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ সদ্য প্ৰাক্তন সভাপতি ধীৰাজ গোৱালাই যোগদান কৰিব বিজেপিত।

গুৱাহাটীৰ বাজপেয়ী ভৱনত বিয়লিৰ ভাগত বৃহৎসংখ্যক সমৰ্থক লৈ যোগদান কৰিব ধীৰাজ গোৱালাই। আগন্তুক বিধানসভা নির্বাচনত তিতাবৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ লক্ষ্যৰে আজি আনুষ্ঠানিকভাৱে প্ৰায় ৫০০ৰো অধিক সমৰ্থক লৈ যোগদান কৰিব গোৱালাই।

তিতাবৰ বিভিন্ন অঞ্চলৰ পৰা প্ৰায় শতাধিক বাহন লৈ ইতিমধ্যে ধীৰাজ গোৱালাৰ লগত দলত যোগদান কৰাৰ লগতে উষ্ম আদৰণি জনোৱাৰ উদ্দেশ্যেৰে গুৱাহাটীলৈ ৰাওনা কৰিছে ধীৰাজ গোৱালাৰ সমৰ্থক।

তিতাবৰৰ বহুকেইখন চাহ বাগিচা আৰু সমৰ্থকসহ প্ৰায় পাঁচশৰো অধিক লোক গুৱাহাটীৰ বিজেপি ৰাজ্যিক কাৰ্যালয়লৈ ৰাওনা হৈছে। আগন্তুক বিধানসভা নির্বাচনত ধীৰাজ গোৱালাক প্ৰতিদ্বন্দিতা কৰিবলৈ দলে সুবিধা দিবলৈয়ো আহ্বান জনাইছে সমৰ্থকে।

ধীৰাজ গোৱালাই বিজেপিত যোগদান কৰাক লৈ এতিয়া তিতাবৰত তীব্ৰ ৰাজনৈতিক চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ধীৰাজ গোৱালা ।

ডিজিটেল ডেস্ক, ৯ ডিচেম্বৰ

লগতে এইটোও পঢ়ক —-  কংগ্রেছৰ ২২টা ছীটত ১০ কোটি টকালৈকে চলিছে দৰদাম, ড০ শর্মাৰ বিস্ফোৰক অভিযোগ

You might also like