নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুকন্য়া : ঔপন্যাসিক–গল্পকাৰ, শিশু সাহিত্যিক বন্দিতা ফুকনৰে সাক্ষাৎকাৰ

আপোনাৰ শৈশৱৰ বিষয়ে কওকচোন, যি শৈশৱে আজিৰ মানুহগৰাকীক গঢ়ি তুলিছে?
মোৰ শৈশৱ পাৰ হৈছিল ‘নেফা’–বর্তমানৰ অৰুণাচল প্রদেশত৷ মোৰ প্রয়াত পিতৃ বিপিন চন্দ্র ফুকনদেৱে নেফাৰ শিক্ষা বিভাগত চাকৰি কৰিছিল৷ মোৰ প্রাথমিক শিক্ষা আৰম্ভ হৈছিল তেজু চহৰত৷ শ্রেণীত মই এজনী ছোৱালী– জনজাতীয় (আদি–মিচিমি ল’ৰা–নেপালী) ল’ৰাৰ সৈতেই পঢ়িছিলো৷ আন শ্রেণীবোৰত অসমীয়া–বাঙালী, জনজাতি–নেপালী ল’ৰা–ছোৱালীয়ে পঢ়িছিল৷ প্রকৃতিৰ মাজত আছিল মোৰ শৈশৱ৷ অৰুণাচলত থকা দিনবোৰৰ কথা মোৰ আজিও মনত পৰে৷ সেইবোৰক স্থায়ী কৰি ৰাখিবলৈ মই মোৰ প্রথমখন শিশু কিতাপ লিখিছিলো৷ ‘জুমি–ৰীমা আৰু সিহঁত’ত মোৰ শৈশৱৰ সঁচা কাহিনীবোৰ আছে৷ সেই গ্রন্থখনে প্রকাশন পৰিষদৰ পৰা পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল৷ মোৰ শৈশৱৰ কাহিনীৰে লিখা কিতাপখনে পুৰস্কাৰ পোৱাত মই অতি আনন্দিত হৈছিলো, যিহেতু তাত মোৰ শৈশৱ আছে, মোৰ শৈশৱ আছে মানে হয়তো অনেক শিশুৰ শৈশৱ এনেকৈয়ে আৰম্ভ হৈছে৷

আপোনাৰ শিক্ষা জীৱনৰ বিষয়ে জনাওকচোন?
দেউতাৰ চাকৰি সূত্রে শৈশৱৰ কেইটামান বছৰ নেফাত কটাবলগীয়া হৈছিল৷ সেই সময়ত অৰুণাচলৰ নৈ, জান–জুৰি, পাহাৰ–পর্বত, বনৰীয়া জীৱ–জন্তুৰে ভৰপূৰ প্রাকৃতিক পৰিৱেশে মোক বিশেষভাৱে আকর্ষণ কৰিছিল৷ তেওঁৰ জীৱনৰ আদিপাঠ অর্থাৎ প্রাহমেৰী শিক্ষা নেফাৰ তেজু চহৰত আৰম্ভ হৈছিল৷ সেই সময়তে নেফাৰ বিদ্যালয়সমূহৰ মাধ্যম অসমীয়া ভাষাৰ পৰা হিন্দী ভাষালৈ সলনি কৰাত আমি মা আৰু ভণ্টীৰ সৈতে অসমলৈ গুচি আহোঁ৷ তাৰপিছত নগাঁৱৰ ছোৱালী হাইস্কুলত নামভর্তি কৰোঁ৷ নগাঁৱৰ ছোৱালী হাইস্কুলৰ পৰা প্রৱেশিকা পৰীক্ষা পাছ কৰি আৰু নগাঁও ছোৱালী কলেজৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীর্ণ হৈ গুৱাহাটীৰ জালুকবাৰীস্থিত অভিযান্ত্রিক কলেজত যান্ত্রিক শাখাত নামভর্তি কৰোঁ৷ অসম অভিযান্ত্রিক মহাবিদ্যালয়ৰ পৰাই ১৯৭০ চনত যান্ত্রিক শাখাত স্নাতক ডিগ্রী লাভ কৰোঁ৷

আপোনাৰ কর্মজীৱনৰ বিষয়ে জানিবলৈ বিচাৰোঁ৷
মই প্রথমে অসম গেছ কোম্পানী, দুলীয়াজানৰ অইল হণ্ডিয়া লিমিটেড, অসম কনডাক্টর্ছ এণ্ড টিউব্ছ লিমিটেড আৰু অসম ঔদ্যোগিক বিকাশ নিগমত বিভিন্ন সন্মানজনক পদত অধিষ্ঠিত হৈ কার্যনির্বাহ কৰোঁ৷ ২০০১ চনত মই অসম ঔদ্যোগিক বিকাশ নিগমৰ পৰা স্বেচ্ছাই অৱসৰ গ্রহণ কৰিলোঁ৷ ২০০১ চনত আমেৰিকাৰ এক ঔদ্যোগিক বিকাশ কেন্দ্রত যোগদান কৰিবৰ বাবে আমেৰিকালৈ গৈছিলো৷ প্রায় দুবছৰ কাল আমেৰিকাত কটোৱাৰ পিছত মই পুনৰ অসমলৈ ঘূৰি আহোঁ আৰু কেহটামান ব্যক্তিগত খণ্ডৰ প্রতিষ্ঠানত কাম কৰিছিলো৷ ইয়াৰ কেইবছৰমান পিছতেই মই চাকৰিৰ পৰা অব্যাহতি লৈ সাহিত্যৰ বিভিন্ন ক্ষেত্রত একাণপতীয়াকৈ লাগি আছো৷

আপুনি ডেৰ শতাধিক গ্রন্থ ৰচনা কৰিছে৷ এই গ্রন্থসমূহৰ ভিতৰত কেইখনমানৰ বিষয়ে জনাব নেকি?
আচলতে সকলোৰে নাম উল্লেখ কৰিলে তালিকাখন দীঘলীয়া হ’ব৷ তাৰ ভিতৰত কেইখনমান হ’ল– ১৷ কিয় এনে হৈছে? ২৷ সোণটিহঁতৰ বিপদ ৩৷ জুমি, ৰীমা আৰু সিহঁত (পুৰস্কাৰপ্রাপ্ত) ৪৷ বন্ধৰ দিনত সোণটিহঁত (পুৰস্কাৰপ্রাপ্ত) ৫৷ সিহঁতে খেলিছিল (পুৰস্কাৰপ্রাপ্ত) ৬৷ বান আহিছিল ৭৷ সুন্দৰ পুৱাত সোণটি ৮৷ সোণটিৰ বেমেজালি ৯৷ ককাৰ জিমি ১০৷ সোণটিহঁতৰ চুবুৰিত ১১৷ এখন চার্কাছ আহিছিল ১২৷ সোণটিৰ কেইদিনমান ১৩৷ সোণটিহঁতৰ পিক্নিক ১৪৷ মিনুৰ অতিথি ১৫৷ সোণটি আৰু হেনৰিহঁত ১৬৷ সেউজীয়া ধৰণী (সাহিত্য অকাডেমিৰ শিশু সাহিত্য বঁটাপ্রাপ্ত) ১৭৷ ৰাজীৱৰ গান ১৮৷ সোণটিহঁতৰ চহৰখন ১৯৷ সোণটিৰ খেতি৷ শিশু আৰু কিশোৰৰ বাবে লিখা কল্পবিজ্ঞান উপন্যাসঃ ১৷ সোণটিৰ ‘ৰবট কুকুৰ’ ২৷ মিনুৰ ৰবট সখী ৩৷ শিশুৰ বাবে লিখা অনূদিত জীৱনী পুথি  ১৷ এলবার্ট ২৷ টমাছ আলভা এডিচন ৩৷ আলেকজেণ্ডাৰ ফ্লেমিং ৪৷ মেৰি কুৰি ৫৷ গেলিলি’ হার্ভে ৭৷ আলেকজেণ্ডাৰ৷ শিশুৰ বাবে লিখা বিজ্ঞানমূলক জীৱনী পুথিঃ ১৷ জোৱান অৱ আর্ক ২৷ আলেকজেণ্ডাৰ গ্রাহাম বেল ৩৷ আর্কিমিডিছ ৪৷ মাহকেল ফাৰাৰ৷ শিশুৰ বাবে লিখা বিজ্ঞানধর্মী পুথিঃ ১৷ যন্ত্রপাতি চিনো আহা ২৷ মটৰগাড়ী কেনেকৈ চলে ৩৷ পৰীক্ষা কৰো আহাঁ ৪৷ মানুহৰ যন্ত্রপাতি৷ নির্বাচিত কিশোৰ ৰচনাঃ ১৷ সাতনেজীয়া নিগনি পোৱালি ২৷ যাদুৰ নগৰী ৩৷ স্বাধীনতাৰ এটা পথ৷ শিশুৰ বাবে লিখা সচিত্র কাহিনীঃ ১৷ জয়মতী (পৰিৱেশকঃ অমৰ চিত্র কথা, মুম্বাই)৷ জীৱনী পুথিঃ ১৷ হৰিশ চন্দ্র গোস্বামী ২৷ জ্যোতি প্রকাশ মেধি ৩৷ বিজ্ঞান জগদীশ চন্দ্র বসু আৰু তেওঁৰ নির্বাচিত কিশোৰ ৰচনা৷ ৪৷ গুণাভিৰাম বৰুৱা (গতি অসমৰ জীৱনী প্রকল্পত)৷ চুটি গল্প সংকলনঃ ১৷ আন্তৰিক ২৷ ৰজা ৩৷ শিপা ৪৷ আমেৰিকাৰ আপোন কাহিনী৷ কল্পবিজ্ঞান কাহিনী বিষয়ক উপন্যাসঃ ১৷ তেওঁ কেনে আছে? ২৷ আপেক্ষিকাবাদ ৩৷ তেওঁৰ বাবেহ ৪৷ আঠ ৰহস্য৷

আপুনি শিশু সাহিত্য বিষয়টোত অধিক গুৰুত্ব দিয়াৰ কাৰণ?
মই আচলতে কাহানিও লিখিম বুলি ভবাই নাছিলো৷ শৈশৱৰ পৰাই আছিলো গোগ্রাসে পঢ়া এজন পাঠকহে৷ কলেজত পঢ়ি থাকোঁতে অনুবাদ কৰিছিলো৷ অনুবাদৰ জৰিয়তেহে মই সাহিত্যৰ জগতখনত প্রৱেশ কৰিছিলো৷ নেফাৰ স্কুলবোৰত হিন্দী মাধ্যম হোৱাৰ বাবে মোৰ মায়ে ছোৱালী তিনিজনীক লৈ ভৈয়ামলৈ আহে৷ সেই সময়ত অসমীয়া শিশু সাহিত্য বৰ চালুকীয়া অৱস্থাত আছিল৷ প্রথিতযশা সাহিত্যিকসকলে শিশু সাহিত্য ৰচনাত গুৰুত্ব দিয়া নাছিল৷ সেয়ে আমাৰ দৰে শিশুসকলৰ বাবে মানসিক খাদ্যৰ অভাৱত ভুগিছিলো৷ আনহাতে চুবুৰীয়া ৰাজ্য পশ্চিমবংগত ডাঙৰ সাহিত্যিকসকলে কিন্তু শিশুৰ বাবেও লিখে৷ অসমীয়া মাধ্যমত পঢ়িছিলো যদিও পঞ্চম শ্রেণীৰ পৰাই এনিড ব্লাইটন, ব্রাহট ষ্টৰী ৰিডার্ছৰ শিশু সাহিত্য, বাংলা শিশু সাহিত্য পঢ়িছিলো৷ মোৰ মায়ে সেই সৰুতেই মোক নগাঁৱৰ জিলা পুথিভঁৰালৰ সদস্যভর্তি কৰাইছিল৷ তেতিয়াই ভাবিছিলো যদি কাহানিবা লিখোঁ শিশুৰ বাবে বহুত কিতাপ লিখিম৷

জীৱনত লেখক হোৱাই আপোনাৰ সপোন আছিল নেকি?
মই কাহানিও লেখক হোৱাৰ কথা কল্পনাহ কৰা নাছিলো৷ অথচ মোৰ মা প্রয়াত হিৰণ্যময়ী দেৱী বিশাৰদ, এগৰাকী ঔপন্যাসিক, শিশু সাহিত্যক, কবি, অনুবাদক, শিশু নাট্যকাৰ আছিল৷ ককাদেউতা কুমুদেশ্বৰ বৰঠাকুৰ আছিল প্রথমজন অসমীয়া ডিটেক্টিভ কাহিনী ‘গোলাই ছিৰিজ’ৰ লেখক৷ মোৰ মাৰ ভায়েকসকলেও লিখে৷ সেয়ে মই ভাবিছিলো কিয়নো মই লেখক হ’ম? মই পঢ়ুৱৈয়েই হৈ থাকিম৷

আপুনি কল্পবিজ্ঞান সাহিত্যক অধিক জনপ্রিয় কৰি তুলিছে৷ কল্পবিজ্ঞানৰ প্রতি আপুনি কেতিয়াৰ পৰা আকর্ষিত হ’ল?
মই বিজ্ঞানৰ ছাত্রী, বিজ্ঞান মোৰ প্রিয় বিষয়৷ লক্ষ্য কৰিছিলো বেছিভাগ ছাত্র–ছাত্রীয়ে বিজগণিত বিষয়ক ভয় কৰে, টান পায়৷ পিছে বিজ্ঞানো এটা আমোদজনক বিষয়৷ সেয়ে বিজ্ঞানক পঢ়ুৱৈৰ ওচৰ চপাবলৈ, বিজ্ঞানক জনপ্রিয় কৰিবলৈ মই কল্পবিজ্ঞান কাহিনী লিখিবলৈ লওঁ৷

আপুনি শিশু সাহিত্য ৰচনা কৰিছে, আপুনি প্রথম মহিলা মেকানিকেল ইঞ্জিনীয়াৰ, এজন ঔপন্যাসিক, বিজ্ঞান লেখক৷ ভৱিষ্যৎ প্রজন্মহ আপোনাক কেনেকৈ মনত ৰখাটো বিচাৰে?
মই কেৱল শিশু সাহিত্যই ৰচনা নকৰোঁ৷ ডাঙৰৰ বাবেও মই বহুতো উপন্যাস ৰচনা কৰিছো৷ প্রায় এশৰো অধিক চুটি গল্গ ৰচনা কৰিছোঁ৷ কেইবাখনো চুটি গল্প সংকলন প্রকাশ পাইছে৷ কেইবাখনো বিদেশী উপন্যাসৰ লগতে বিজ্ঞানীৰ জীৱনী, বিজ্ঞানৰ গ্রন্থ অনুবাদ কৰিছো৷ মোৰ অনূদিত গ্রন্থ প্রায় ৪০খনৰো অধিক৷ মই কেইবাখনো কাৰিকৰী গ্রন্থও লিখিছো৷ তাৰ ভিতৰত ‘মটৰ গাড়ী কেনেকৈ চলে?’ অন্যতম৷ মোৰ মুঠ প্রকাশিত গ্রন্থ ডেৰশতকৈও অধিক৷ ভৱিষ্যৎ প্রজন্মই মোক সাহিত্যিক–অভিযন্তা বুলি মনত ৰাখিব নেকি? কাৰণ অভিযান্ত্রিক বিষয়টো পঢ়োঁতে বৰ কষ্ট কৰিয়েই পঢ়িছিলো যে৷

আপোনাৰ শিশু সাহিত্যৰ এটি গুৰুত্বপূর্ণ চৰিত্র সোণটি৷ এই চৰিত্রৰ আঁৰৰ ৰহস্য কি?
মোৰ ল’ৰাটোৱেই মোৰ ‘সোণটি’ চৰিত্রটোৰ সৃষ্টি কৰালে৷ মই সদায়েই শিশুসকলৰ প্রতি কৌতূহলী আছিলো৷ সেয়ে মোৰ ল’ৰাটোৰ শৈশৱৰ বহুতো কথা–কাণ্ডই মোক কৌতূহলী কৰাৰ লগতে মোক আমোদো দিছিল৷ তাতকৈ সাত বছৰৰ সৰু ভনীয়েকজনীৰ লগতে তাৰ শৈশৱৰ বন্ধু–বান্ধৱীবোৰেই মোক শিশু সাহিত্য ৰচনা কৰিবলৈ প্রেৰণা যোগালে৷

আপুনি অসমৰ প্রথম মহিলা মেকানিকেল ইঞ্জিনীয়াৰ৷ এই বিষয়টো বাছি লোৱাৰ কাৰণ?
সৰুৰে পৰাই মই যন্ত্রৰ প্রতি আকর্ষিত আছিলো৷ তৃতীয় শ্রেণীতে মোৰ মায়ে মোক কৈছিল– ‘তই ইঞ্জিনীয়াৰ হ’ব লাগিব৷ তেতিয়া মোৰ ধাৰণা আছিল যে ইঞ্জিনীয়াৰিং বিষয়টো যন্ত্রৰ ওপৰতে প্রতিষ্ঠিত৷ চাবি দিয়া ঘড়ীটোৱে কেনেকৈ কাম কৰে তাক জানিব খোজাত সেই সৰু কালতেই মামা এজনে ঘড়ীটো খুলি দেখুৱাই দিছিল৷ তেতিয়াই মোৰ ‘গিয়েৰ’ৰ বিষয়ে জ্ঞান হৈছিল৷ সেইদৰে ৰে’লৰ ইঞ্জিন–মটৰ গাড়ী–বিমানৰ ইঞ্জিনবোৰ কেনেকৈ চলে তাক জানিবলৈ কৌতূহলী আছিলো৷ ডাঙৰ হোৱাৰ পিছতহে বিভিন্ন অভিযান্ত্রিক শাখাবোৰৰ লগত পৰিচিত হৈছিলো৷

এগৰাকী লেখকৰ সফলতাৰ আঁৰৰ ৰহস্য কি?
প্রথমতেই কওঁ যে মই নিজকে সফল লেখক বুলি নাভাবোঁ৷ এতিয়াও যেন মই ভাবি থকা মোৰ প্রিয় কিতাপখন লিখিব পৰা নাই৷ মোৰ ধাৰণা– সফল লেখক হ’বলৈ ভাল ভাল লেখকৰ গ্রন্থ অধ্যয়ন কৰাটোৰ বৰ প্রয়োজন আছে৷ মই ভাবোঁ, সাধনাৰ জৰিয়তেহে ভাল সাহিত্য ৰচনা কৰিব পৰা যায়৷

নতুন প্রজন্মৰ লেখক–লেখিকাক আপুনি কি পৰামর্শ দিব বিচাৰে?
নতুন প্রজন্মৰ লেখক–লেখিকাই ভাল লেখকৰ গ্রন্থ অধ্যয়ন কৰিব লাগে৷ পঢ়ুৱৈক সন্মান কৰিবলৈ শিকক৷ সকলো পঢ়ুৱৈকে অধ্যয়নপিপাসু, গুণী–জ্ঞানী ব্যক্তি হিচাপে ভবা উচিত৷ পঢ়ুৱৈৰ প্রিয় হ’ব পৰাটোৱেই হ’ল লেখক এজনৰ বাবে অন্যতম প্রাপ্তি৷

শিশু সাহিত্যিক এজনৰ বাবে কি গুণৰ অধিক প্রয়োজন বুলি ভাবে?
শিশু সাহিত্যিকসকলে শিশুক ভাল পাব লাগিব৷ তেওঁলোকৰ কথা–কাণ্ড–আচৰণৰ প্রতি কৌতূহলী হ’ব লাগিব৷ তেওঁলোকৰ বাবে লিখোঁতে সহজ–সৰল ভাষা–শব্দ ব্যৱহাৰ কৰা উচিত৷ ডাঙৰৰ সামাজিক সমস্যা, ডাইনী হত্যাৰ বিৱৰণ, ভয়ানক চৰিত্রবোৰৰ স্পষ্টভাৱে অংকন নকৰাই ভাল৷ তেওঁলোকক দিয়া উপদেশবোৰ পৰোক্ষ হ’ব লাগে৷ কাহিনীত শিশু চৰিত্র এটা ভৰাই দিলেই সেয়া শিশু সাহিত্য হ’ব নোৱাৰে৷

অন্য ভাষাৰ তুলনাত অসমীয়া শিশু সাহিত্যৰ পৰিৱেশৰ বিষয়ে আপুনি কি ক’ব?
অন্য ভাষাৰ তুলনাত অসমীয়া শিশু সাহিত্য এতিয়াও দুর্বল৷ এটা সময়ত অসমত শিশু সাহিত্যিকসকলক দ্বিতীয় শ্রেণীৰ সাহিত্যিক বুলি ধৰা হৈছিল৷ পিছে প্রাপ্তবয়স্ক এজনৰ বাবে শিশুৰ মানসিকতা সম্পর্কে লিখা অতি কঠিন কাম৷ পশ্চিমবংগত প্রথিতযশা সাহিত্যিকসকলে শিশুৰ বাবে নিষ্ঠাৰে লিখি থাকে৷ অসমত আগতে ড০ ভবেন্দ্র নাথ শইকীয়া আৰু ড০ নির্মলপ্রভা বৰদলৈৰ বাহিৰে প্রতিষ্ঠিত সাহিত্যিকসকলে শিশুৰ বাবে কলম তুলি নলয়৷ অথচ ভৱিষ্যতৰ সুনাগৰিক গঢ়াৰ ক্ষেত্রত সাহিত্যিকসকলৰ দায়িত্ব আছে৷ সুখৰ বিষয় সাহিত্য একাডেমিয়ে শিশু সাহিত্যত বঁটা প্রবর্তন কৰাৰ পিছতহে অসমৰ শিশু সাহিত্যিকসকলক কিছু গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে৷

আপোনাৰ সংসাৰৰ বিষয়ে অলপ জনাবচোন৷
১৯৭২ চনৰ ৩ ফেব্রুৱাৰীত আমাৰ বিয়া হৈছিল৷ মোৰ স্বামী স্যমন্ত ফুকন তেৱোঁ এজন যান্ত্রিক (মেকানিকেল) অভিযন্তা৷ অসম অভিযান্ত্রিক কলেজ, জালুকবাৰীত পঢ়া৷ তেওঁ মোতকৈ চাৰি বছৰৰ জ্যেষ্ঠ আছিল৷ তদুপৰি তেওঁ এজন লেখক৷ তেওঁৰ বহুকেইখন উপন্যাস প্রকাশ পাইছে৷ আমাৰ দুটা সন্তান আছে– ল’ৰাৰ নাম আদিম ফুকন৷ তেওঁ মুম্বাইৰ জে জে কলেজৰ পৰা পাছ কৰা এজন স্থপতিবিদ৷ ছোৱালীৰ নাম অভিষ্কা ফুকন৷ সন্দিকৈ ছোৱালী কলেজৰ স্নাতক৷ অভিষ্কা কেইবাখনো অসমীয়া কথাছবি আৰু টিভি ছিৰিয়েলৰ স্ক্রিপ্ট ৰাইটাৰ– চিত্র নাট্যকাৰ৷

বর্তমান পঢ়ুৱৈৰ সংখ্যা অত্যধিকভাৱে কমি গৈছে৷ বিশেষকৈ সামাজিক মাধ্যমৰ অত্যধিক ব্যৱহাৰে গ্রন্থৰ জগতখনৰ ক্ষতি কৰা বুলি অভিযোগ উঠিছে৷ এইক্ষেত্রত গ্রন্থৰ ভৱিষ্যতৰ বিষয়ে আপুনি কি ভাবে?
পঢ়ুৱৈ গঢ়িবলৈ হ’লে ভাল কিতাপ ৰচনা কৰিব লাগিব৷ যি কোনো সামাজিক–ইতিহাসমূল্ বিজ্ঞানমূলক তথ্যৰে সমৃদ্ধ গ্রন্থ ৰচনা কৰিব লাগিব৷ বাতৰিকাকত–আলোচনী কিতাপবোৰৰ বিজ্ঞাপন সঘনাই প্রকাশ হ’লে ভাল৷ শিশু সাহিত্যত যথেষ্ট পৰিমাণৰ ৰঙীন ছবি সংযোজন কৰিব লাগিব৷ কিতাপৰ প্রতি শিশুৰ মনোযোগ আকর্ষণ কৰিবলৈ পিতৃ–মাতৃয়েও শিশুৰ সন্মুখত কিতাপ পঢ়িব লাগিব৷

আপোনাৰ জীৱনত প্রভাৱিত কৰা সাহিত্যিক?
এনিড ব্লাইটন, প্রেমধৰ দত্ত, প্রেম নাৰায়ণ দত্তবৰুৱা, মহেন্দ্র বৰা, আইজাক এছিমভ, আগাথা ক্রিষ্টি, সুনীল গংগোপাধ্যায়, মহিমবৰা, মামণি ৰয়ছম গোস্বামী৷

আপুনি এতিয়ালৈ লাভ কৰা বঁটাসমূহৰ বিষয়ে জনাওকচোন৷
মই ‘জুমি, ৰীমা আৰু সিহঁত’ শীর্ষক শিশু উপন্যাসৰ বাবে অসম প্রকাশন পৰিষদৰ দ্বাৰা পুৰস্কৃত হৈছিলো৷ তদুপৰি সদৌ অসম লেখিকা সমাৰোহৰ পৰা শ্রেষ্ঠ চুটি গল্পৰ বাবে ‘দুলাল শর্মা’ বঁটা, শিশু সাহিত্যলৈ আগবঢ়োৱা বৰঙণিৰ বাবে ২০০৬ চনত সদৌ অসম লেখিকা সমাৰোহৰ পৰা ‘সম্প্রীতি শহকীয়া টুকটুকি বঁটা’, ‘সেউজীয়া ধৰণী’ গ্রন্থৰ বাবে ২০১১ চনত সাহিত্য অকাডেমিৰ পৰা শিশু সাহিত্য বঁটা, অনুবাদ কর্মৰ বাবে সদৌ অসম লেখিকা সন্থাই প্রদান কৰা ২০১৪–১৫ বর্ষৰ নীলিমা দত্ত সোঁৱৰণী বঁটা, ২০১১ চনত অসম চৰকাৰৰ দ্বাৰা সাহিত্যিক বঁটা আদি লাভ কৰিছোঁ৷ আনহাতে সৌসিদিনা মোক ‘হাউলী বঁটা’ প্রদান কৰিলে৷ ‘মহান বিজ্ঞানীৰ শৈশৱকাল’ আৰু ‘সোণটিহঁতৰ চুবুৰি’ত বড়ো ভাষালৈ অনুবাদ হৈছে৷ ‘তদুপৰি ‘মূল্যবোধ’ নামৰ চুটি গল্পটি অসম মাধ্যমিক শিক্ষা পৰিষদৰ দশম শ্রেণীৰ পাঠ্যক্রমত ৬ বছৰৰ বাবে সন্নিৱিষ্ট কৰা হৈছে৷ শিশু সাহিত্য অকাডেমি বঁটাপ্রাপক শিশু উপন্যাস ‘সেউজীয়া ধৰণী’ ব্রেইললৈ অনুবাদ কৰা হৈছে৷ তদুপৰি মোৰ বহুকেইটা কাহিনীৰে নাটক মঞ্চস্থ কৰা হৈছে৷

সাক্ষাৎ গ্রহণঃ অনুভৱ পৰাশৰ
ফোনঃ ৯৮৬৪৭–৩৪৭৯৮

You might also like