পৰিভ্ৰমী চৰাইৰ কলৰৱত দৃষ্টিনন্দন পৰিৱেশ নগাঁৱৰ বিল-জলাশয়ত
এতিয়া শীতকালৰ ফৰকাল বতৰ। এই সময়ছোৱাতেই ৰাজ্যখনৰ বিভিন্ন জলাশয় ,বিল আদিলৈ আগমন ঘটে দেশী – বিদেশী পৰিভ্ৰমী পক্ষীৰ। পৰিভ্ৰমী পক্ষীৰ কাকলিৰে দৃষ্টিনন্দন পৰিবেশ সৃষ্টি কৰিছে। নগাঁও জিলাৰ বিভিন্ন জলাশয়, বিল, নৈ আদিলৈ আগমণ ঘটিছে অগনন পৰিভ্ৰমী পক্ষীৰ। শীতৰ এই ফৰকাল বতৰত পৰিভ্ৰমী চৰাইৰ কাকলিৰে মুখৰিত হৈছে নগাঁও জিলাৰ বিল, জলাশয় ,নৈ আদি।
জিলাখনৰ হাহিলা বিল,জয়সাগৰ দলনি , জলাহ ,চামগুৰি বিল ঐতিহাসিক ভৰালী বৰুৱা পুখুৰী ,ৰৌমাৰী বিল আদিত পৰিভ্ৰমী পক্ষীৰ কলৰৱ আৰু মুক্ত বিচৰণে প্ৰকৃতিপ্ৰেমীৰ লগতে সকলোকে মোহিত কৰিছে। সাত সাগৰ, তেৰ নদীৰ সিপাৰৰ পৰা অহা পৰিভ্ৰমী পক্ষীৰ নান্দনিক জলকেলিয়ে সকলোকে আকৰ্ষিত কৰা পৰিলক্ষিত হৈছে।
দেশী-বিদেশী পক্ষীৰ জলকেলিত এতিয়া সকলো বিভোৰ। ৰাতিপুৱাৰ পৰা বিয়লিলৈকে নগাঁও জিলাৰ এই জলাশয় ,বিল ,পুখুৰী , নৈ আদি এইদৰে আলহী পক্ষীৰ কাকলিৰে মুখৰিত হৈ পৰে। জিলাখনৰ বিভিন্ন পথৰ দাতিত থকা এই বিল ,জলাশয়,পুখুৰী আদিত অচিনাকি নানাৰঙী পক্ষীৰ নয়নাভিৰাম আৰু নান্দনিক জলকেলি প্ৰতিজন বাটৰুৱাই নয়নভৰি উপভোগ কৰাৰ দৃশ্য সচাকৈয়ে এক অনাবিল আনন্দ প্ৰকাশ কৰে।
প্ৰকৃতিপ্ৰেমী আৰু ৰাইজৰ সুৰক্ষাৰ বাবেই চৰাই বোৰে ইয়াত মুক্তমনে বিচৰণ কৰা দেখা যায়। মুক্ত বিহংগৰ বিচৰণত নগাঁৱৰ বিল ,জলাশয় আদিৰ আকাশ-বতাহ গুঞ্জৰিত হৈ পৰিছে। বুজা -নুবুজাৰ সুৰত প্ৰতিজন প্ৰকৃতিপ্ৰেমীৰ অন্তৰত জাগৰিত হয় আনন্দৰ মায়াজাল। বিল জলাশয় ,পুখুৰী ,নৈৰ বক্ষ শুৱনি কৰি ভৰি পৰিছে বিভিন্ন দেশী বিদেশী পৰিভ্ৰমী চৰাই। পাহাৰৰ গছ গছনি আদিতো পক্ষীৰ বিচৰণ পৰিলক্ষিত হৈছে। শামুকভঙা, কামচৰাই, কণামুছৰি, শৰালী, মণিয়ৰি, গলমণিকা, নাচনী, ৰামপৰা, দীঘলনেজীয়া, বালিমাহী, বগলী, ঘিলাহাহ, পানীকাউৰী, দৈকলা আদি বিভিন্ন প্ৰজাতিৰ পক্ষীৰ কলৰৱত মুখৰিত হৈছে।
একেদৰে সুদূৰ নিউজিলেণ্ড,অষ্ট্ৰেলিয়া, চাইবেৰিয়া, চাইবেৰীয়া ,চীন ,ৰাছিয়া ,ইউৰোপ আদিৰ পৰা উৰি ্আহি আশ্ৰয় লোৱা পৰিভ্ৰমী পক্ষীয়ে ইতিমধ্যে জিলাখনৰ কাষেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰ নদীৰ কেতবোৰ অঞ্চলত ভীৰ কৰা পৰিলক্ষিত হৈছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সংযোজিত এলেকা শিলঘাটৰ লগতে আন অংশৰ জলাশয়-বিল আদি এই পক্ষী ভৰি পৰিছে।
এই পৰিভ্ৰমী চৰাইবোৰৰ ভিতৰত অন্যতম হ’ল কৰ্চন, ধৃতিৰাজ। ধৃতিৰাজ চৰাই বিশ্বৰ আটাইতকৈ দীঘলীয়া সময় আৰু সৰ্বোচ্চ উচ্চতাত পৰিভ্ৰমণ কৰে। প্ৰতিবছৰে নৱেম্বৰ আৰু ডিচেম্বৰ মাহত ৰাচিয়াৰ পৰা অসমলৈ আহে আৰু মাৰ্চ মাহত উভতি যায়।শীতকালত মধ্য এচিয়া, চাইবেৰীয়াৰ পৰা কৰ্চন পক্ষী হাজাৰ হাজাৰ কিলোমিটাৰ অতিক্ৰম কৰি অসমলৈ আহে।
মুক্ত বিচৰণ কৰা পক্ষীকুলৰ কোনোৱে যদি বাহ সাজিছে , আন কোনো পক্ষীয়ে উমনিত বহিছে। মুঠতে এতিয়া এই পক্ষীকুলৰ ব্যস্ততাৰ অন্ত নাই। পক্ষীকুলৰ এই বিচৰণে জিলা খনৰ জলাশয় ,বিল আদিৰ সৌন্দৰ্য বৃদ্ধি কৰাৰ লগতে এক অনন্য নৈসৰ্গিক পৰিবেশ সৃষ্টিত অৰিহণা যোগাইছে। বিভিন্ন কাৰণত ক্ৰমশঃ ,বিল জলাশয়ৰ পৰিসীমা হ্ৰাস পোৱা পৰিলক্ষিত হৈছে। পক্ষীৰ সংৰক্ষণ আৰু সংবৰ্ধনৰ বাবে চৰকাৰে এই বিল ,জলাশয়ৰ ভুমি হ্ৰাস নাপায় তাৰ বাবে চৰকাৰে পদক্ষেপ গ্ৰহণ কৰা উচিত।
বিশেষ বাৰ্তা, নগাঁও, ৯ ডিচেম্বৰ