নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুৰ্ঘটনাত চালক-হেণ্ডিমেনসহ থিতাতে নিহত ২

ট্ৰাকখনৰ ষ্টেৰিঙত খুন্দা খাই চালকজন থিতাতে নিহত হোৱাৰ লগতে হেণ্ডিমেনজনক চিমেন্টে হেচি ধৰাৰ ফলত থিতাকে নিহত হয়

বোকাখাতত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়৷ এই দুৰ্ঘটনাত চালক হেণ্ডিমেনসহ দুজন থিতাতে নিহত হয় ৷

নগাঁও ডবকাৰ পৰা চিমেন্ট ভৰ্তি AS 03 BC 3451 নম্বৰৰ ট্ৰাকখন যোৰহাটলৈ বুলি আহি থকা অৱস্থাত বোকাখাতৰ লতাবাৰীৰ ৰয়েল আৱাসৰ সন্মুখত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ খাৱৈত বাগৰি পৰে৷

ট্ৰাকখনৰ ষ্টেৰিঙত খুন্দা খাই চালকজন থিতাতে নিহত হোৱাৰ লগতে হেণ্ডিমেনজনক চিমেন্টে হেচি ধৰাৰ ফলত থিতাকে নিহত হয় ৷

পৰৱৰ্তি সময়ত বোকাখাত আৰক্ষী আৰু যানবাহন শাখাৰ আৰক্ষী উপস্থিত হৈ জেচিবিৰ সহায়ত মৃত অৱস্থাত চালক আৰু হেণ্ডিমেনক উদ্ধাৰ কৰে৷

চালক আৰু হেণ্ডিমেন দুয়োজনকে নগাঁও ডবকাৰ বুলি জানিব পৰা গৈছে যদিও তেওঁলোকৰ পৰিচয় বৰ্তমানো জানিব পৰা হোৱা নাই ৷

ডিজিটেল ডেস্ক, ১০ ডিচেম্বৰ

You might also like