নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিগাঁৱত চাইবাৰ অপৰাধীৰ মূৰৰ কামোৰণি DSP সমীৰণ বৈশ্য

মৰিগাঁও অতিৰিক্ত আৰক্ষী অধীক্ষকজনৰ নেতত্বত নিশা চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অভিযান চলায় লাহৰীঘাটত

মৰিগাঁও আৰক্ষীৰ আন এক বৃহৎ সাফল্য। অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত তিনি বছৰত গ্ৰেপ্তাৰ ৩০২ চাইবাৰ অপৰাধী। মৰিগাঁও অতিৰিক্ত আৰক্ষী অধীক্ষকজনৰ নেতত্বত নিশা চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অভিযান চলায় লাহৰীঘাটত।

নিশাৰ অভিযানত লাহৰীঘাটৰ পৰা তিনিজন চাইবাৰ অপৰাধী গ্ৰেপ্তাৰ কৰে মৰিগাঁও আৰক্ষীয়ে। আমিৰ হামজা, কামাল উদ্দিন, জাহাঙ্গীৰ আলম নামৰ তিনিজনক গ্ৰেপ্তাৰ কৰে যদিও অভিযানৰ উমান পাই অন্য কেইবাজনে পলায়ন কৰে।

চাইবাৰ অপৰাধীকেইটাৰ পৰা আৰক্ষীয়ে চাইবাৰ অপৰাধত ব্যৱহৃত বহু নথিপত্ৰ আৰু কেইবাটাও মোবাইল জব্দ কৰে। উল্লেখ্য যে আদিত্য বিৰলা কোম্পানীৰ পৰা জালিয়াতিৰে প্ৰায় ১৫ লাখ টকা হৰলুকী কৰিছিল চাইবাৰ অপৰাধীকেইটাই।

ডিজিটেল ডেস্ক, ১০ ডিচেম্বৰ

You might also like