এতিয়ালৈ নিৰ্বাপণ হোৱা নাই Sohum Emporia-ৰ জুই
গুৱাহাটী মহানগৰত Sohum Emporiaত ভয়ংকৰ অগ্নিকাণ্ড, কোটি-কোটি টকাৰ সম্পত্তি ভস্মীভূত
গুৱাহাটী মহানগৰত মঙলবাৰে মাজনিশা সংঘটিত হৈছে এক ধ্বংসাত্মক অগ্নিকাণ্ড। এবিচিস্থিত Sohum Emporia শ্বপিং মলত এই জুই লাগি মুহূৰ্ততে ভয়ংকৰ ৰূপ লয়। অট্টালিকাটোৰ চাৰি-ছটা মহলাকেই ছানি ধৰিছিল জুই, য’ত কোটি-কোটি টকাৰ সামগ্ৰী ভস্মীভূত হৈছে বুলি অনুমান কৰা হৈছে। সৌভাগ্যবশতঃ বৰ্তমানলৈকে কোনোধৰণৰ হতাহত হোৱাৰ ঘটনা প্ৰকাশ পাই নাহি।
মাজনিশা জুই লগাৰ পাছতেই কলা ধোঁৱাই সমগ্ৰ অট্টালিকা ঢাকি ধৰে। ঘটনাৰ খবৰ পোৱাৰ লগে লগেই অগ্নিনিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হয়। কেইবাখনো অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে নিশাৰ পৰা অবিৰতভাৱে চেষ্টা অব্যাহত ৰাখিছে, তথাপিও জুই সম্পূৰ্ণভাবে নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হোৱা নাই।
গুৱাহাটী আৰু সমীপৰ জিলা অঞ্চলসমূহৰ পৰা ২৫খনতকৈও অধিক অগ্নিনিৰ্বাপক বাহনৰ সহায়ত জুই নিয়ন্ত্ৰণ কৰাৰ চেষ্টা চলি আছে। বিভিন্ন স্থানৰ পৰা অগ্নিনিৰ্বাপক বাহিনীৰ বাহন ঘটনাস্থলীত উপস্থিত হয়। যদিও জুই নিৰ্বাপণ হোৱা নাই।
অগ্নিকাণ্ডৰ কাৰণ এতিয়াও স্পষ্ট হোৱা নাই আৰু তদন্ত অব্যাহত আছে। উল্লেখযোগ্য যে, Sohum Emporia শ্বপিং কমপ্লেক্সটোৰ ভিতৰত একাধিক বুটিক, ব্যৱসায়িক প্ৰতিষ্ঠানৰ উপৰি ভাৰতীয় ষ্টেট বেংকৰ কেইবাটাও শাখা অৱস্থিত। আগ্নিকাণ্ডই মলটোৰ আভ্যন্তৰীণ অংশত ব্যাপক ক্ষতি সাধন কৰিছে বুলি অনুমান কৰা হৈছে। ঘটনাস্থলীত বৰ্তমানো জুই নিয়ন্ত্ৰণৰ প্ৰচেষ্টা অব্যাহত আছে।
ডিজিটেল ডেস্ক, ১০ ডিচেম্বৰ