নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অপ্ৰকাশিত কাহিনীৰে নীলাক্ষি শৰ্মা ভট্টাচাৰ্যৰ উপন্যাস মনোমোহা মণিপুৰ

পূৰবী বৰা

বহুবাৰ মণিপুৰলৈ গৈছোঁ আৰু মণিপুৰৰ বিষয়ে এখন উপন্যাস লিখাৰ পৰিকল্পনা পৰিকল্পনা হৈ ৰ’ল। অসমৰ জনপ্ৰিয় আলোচনী ‘প্ৰান্তিক’ত ধাৰাবাহিকৰূপে প্ৰকাশ পোৱা ‘মনোমোহা মণিপুৰ’ পঢ়োঁতে মাজে মাজে দুই এটা খণ্ড পঢ়িব নোপোৱাৰ আক্ষেপ উপন্যাসখন পঢ়ি দুআষাৰ লিখিবলৈ ল’লোঁ । উত্তৰ পুৰ্বাঞ্চলৰ সাতোভনীৰ ভিতৰত মণিপুৰ যে অলপ সুকীয়া ।

জীয়া প্ৰেমৰ  অলিখিত  কাহিনী ‘মনোমোহা মণিপুৰ’ উপন্যাসখন পঢ়িবলৈ মন যোৱাৰ প্ৰধান কাৰণ আছিল মণিপূৰলৈ কেইবাবাৰো ভ্ৰমণ কৰা বাবেই হয়তো। ঔপন্যাসিক নীলাক্ষী শৰ্মা ভট্টাচাৰ্যই উপন্যাসৰ আগকথাত উল্লেখ কৰিছে যে মনোমোহা মণিপূৰ এখন কাল্পনিক উপন্যাস ।উপন্যাসখন যদি আগকথা নপঢ়াকৈ পঢ়িলোঁহেতেঁন হয়তো এটা সচা কাহিনী বুলিয়েই ভাৱিলোঁহেতেঁন । প্ৰতিটো চৰিত্ৰ ইমান সুন্দৰভাৱে আগুৱাই লৈ গৈছে যে প্ৰতিটো পৃষ্ঠা লুটিয়াই যাওঁতে মণিপূৰৰ এখন জীয়া ছবি চকুত ভাঁহি আহে ।উপন্যাসৰ নায়ক শ্বেইজাৰ চৰিত্ৰৰ মাজেৰে মণিপূৰৰ জীয়া আৰু সচা ছবিখন বুজিবলৈ শেষলৈকে নপঢ়াকৈ মাজতে এৰি দিব নোৱাৰাকৈ কৰা বৰ্ণনাই উপন্যাসখনক অন্য মাত্ৰা দিছে।

এখন তথ্যভিত্তিক,ঐতিহাসিক আৰু ভৌগলিক সমৃদ্ধ উপন্যাস। বিষ্ণুপুৰৰ সৰু চহৰ মৈৰাংৰ পৰা যাত্ৰা আৰম্ভ কৰা সুকন্যা,বীৰেন্দ্ৰ আৰু হোটেল ক্লাচিকত ৰবি,থৈবী,হহইৰ কথাবতৰাবোৰ পঢ়ি যাওঁতে চকুৰ আগত প্ৰতিখন ছবি জীৱন্ত হৈ ধৰা দিছিল। গোলাকৃতি ওপঙা লকটাক হ্ৰদৰ মাছধৰাৰ কৌশল ,ওপঙা পাৰ্ক,অস্থায়ী মাছ ধৰাৰ কথাবোৰ সুন্দৰকৈ বৰ্ণনা কৰি যাওঁতে ক’বলৈ পাহৰা নাছিল এই অস্থায়ী ঘৰবোৰ কেতিয়াবা উগ্ৰপ্ন্থীৰ অস্থায়ী শিবিৰো যে হৈ পৰে ।

মেইটে সকলৰ জন্শ্ৰুতিমতে মৈৰাঙৰ কাডেং নামৰ যুৱকজনে প্ৰিয়তমা ‘তনু’লৈ গাভিনী হৰিণীৰ কাহিনী আৰু কইবুল নামজাওৰ বিশদ অথচ মনোমোহাকৈ বিৱৰণ দি যাওঁতে আৱেগিক কৰি তোলে। একেলগে ভ্ৰমণ কৰা বন্ধু বান্ধৱীৰ মাজত হোৱা গ্ৰুপ কুইজৰ মজেৰেই মণিপুৰৰ বহু নজনা কথাৰ সম্ভেদ সুন্দৰকৈ প্ৰকাশ কৰিছে ।

মণিপুৰ আৰু অসমৰ মাজত ঐতিহাসিক সম্পৰ্ক আহোম ৰাজপত্নী কুৰংগনয়নীৰ কথা উল্লেখ কৰি যাওঁতে মহাভাৰতৰ বব্ৰুবাহন আৰু চিত্ৰাংগদাৰ পুত্ৰ অৰ্জুনৰ যুদ্ধত বব্ৰুবাহনে শ্ৰীকৃষ্ণৰু উপদেশ মৰ্মে পাতালৰ পৰা সঞ্জীৱিনী মণি আনি অৰ্জুনক পুনৰজীৱন দিয়া বাবে কিদৰে এই ঠাইখিনিৰ নাম মণিপুৰ যে হৈছিল তাৰ বৰ্ণনাই মহাভাৰতৰ কাহিনীলৈ লৈ যাব খোজে। মণিপুৰৰ ইতিহাসৰ সৈতে ঔপন্যাসিক গৰাকীৰ নিশ্চয় সচা সম্পৰ্ক আছে বাবেই কথাবোৰ স্পষ্টকৈ ফুটাই তুলিবলৈ সক্ষম হৈছে ।

 মৈৰাংৰ গৌৰৱময় ইতিহাস আজাদ হিন্দ ফৌজ স্মৃতি সংৰক্ষিত য’ত বৃটিছ সৈন্যসকল জাপানী আৰু আই এন এ ৰ সন্মুখত তচনচ হৈ গৈছিল ।বৃটিছৰ হাতৰ পৰা নিজ দখললৈ অহাৰ চিত্ৰ প্ৰদৰ্শন কাংলা ফৰ্টত কেনেদৰে কি পৰিপ্ৰেক্ষিতত উন্নৈশ চোৰাল্লিছ চনৰ চৈধ্য এপ্ৰিলত ট্ৰাই কালাৰ উৰিছিল উল্লেখ কৰি  বহু কথা পঢ়ুৱৈৰ আগত প্ৰকাশ কৰি গৈছে । মাজত বগা অংশত এটা বাঘৰ ছবি।মৈৰাংৰ নীলমণি হৈমাম সিঙে ৰেংগুনলৈ গৈ নেতাজী সুভাষ বসুক লগ ধৰি যুদ্ধৰ বাবে টকা আনিছিল। ৰেংগুন অঞ্চলক  শত্ৰু অঞ্চল ঘোষণা কৰিছিল ।

ম্যানমাৰলৈ আহোম কুৱৰী হেম আইদেউ বোৱাৰী হৈ অহাৰ পাচত মান সেনাৰ হাতত বন্দী হৈ থকাৰে পৰা অসমীয়াৰ কিছু ঠাল ঠেঙুলি এতিয়াও আছে ।ম’ৰেৰ বজাৰৰ পৰা বেআইনীভাৱে হৈ থকা ড্ৰাগছৰ ব্যৱসায়ত কিদৰে কিছুমান যুৱতীয়ে সহায় কৰে ড্ৰাগছ সৰবৰাহৰ শেষ নোহোৱা তিতা কথাবোৰ মিঠাকৈ কৈ যাব বিচাৰিছে ।

কুকি আৰু তাংখ্ৰুল নগা সম্প্ৰাদায়ৰ মাজত থকা  বিবাদ যে বহু পুৰণি আৰু চিৰদিনৰ বাবেই যেন ৰৈ যাব কিছুমান আখ্যানেৰে বৰ্ণাইছে । চৰকাৰী ব্যৱস্থাৰেও সমাধান কৰিব নোৱাৰাৰ কিছু অন্তৰালৰ কথা উপন্যাসৰ পাৰ্শ্ব  চৰিত্ৰ বোৰৰ মাজেৰে প্ৰকাশ কৰাত সাৰ্থক হৈছে ।মহাৰাজ সুৰচন্দ্ৰ সিংহ,টিকেন্দ্ৰ্জিৎ সিংহ আৰু কুলচন্দ্ৰ সিংহৰ মাজৰ পৰা কিদৰে সুৰচন্দ্ৰই ভাৰত চৰকাৰ্ক সহায় কৰিছিল, উপন্যাসৰ পৃষ্ঠাত পঢ়ি যাওঁতে বুৰঞ্জীৰ গৱেষক যেন অনুভৱে চুই যায় ।বুৰঞ্জীৰ পৃষ্ঠাবোৰ যেন সাহিত্য হৈ ভুমুকি মাৰি মিঠা মিঠাকৈ কৈ যাওঁতে কুইনাইন দৰৱ চেনিৰ আৱৰণেৰে খুৱাবলৈ কৰা চেষ্টা সফল হৈছে ।নায়ক শ্বেইজাৰ স্কুলীয়া সহপাঠী উপন্যাসৰ নায়িকাৰ বায়েকৰ শৈশৱৰ বন্ধুত্বই হৃদয়ৰ কোমল কোণত স্থান লৈছিল আৰু কি পৰিস্থিতিত হৃদয়ৰ কোমল স্থানত ধৰি ৰাখিছিল যদিও সময়ৰ সোতঁত বিছিন্ন হৈ গৈছিল ।

শ্বেইজাৰ সৈতে লগ হোৱাৰ সুযোগ হয়তো হৈছিল ।দেশপ্ৰেমক অগ্ৰাধিকাৰ দিয়া শ্বেইজাৰ বাবে  দেশৰ মুক্তি আছিল মুখ্য। সেয়েহে অৰণ্যক নিজা কৰি লোৱা শ্বেইজাক বন্ধু জ্ঞান কৰিলেও শ্বেইজা যে বিদ্ৰোহী নেতা। বিদ্ৰোহী নেতাৰ প্ৰেমৰ স্মৃতিচিহ্ন গুলীবিদ্ধ ৰক্তাত্ত শৰাৰীৰ কান্ধত ওলমি থকা মোনাত নায়িকাই বিচাৰি পাইছিল । বিচাৰি পাইছিল সংগঠনত যোগ দিয়াৰ প্ৰকৃত কাৰণ ।আজিও সেয়া সেউজীয়া।

কাছিনলৈ বিদ্ৰোহী সকলক সশস্ত্ৰ সংগ্ৰামৰ প্ৰশিক্ষণ দিবলৈ গৈ অসমৰ সশস্ত্ৰ সংগ্ৰামী আৰু মণিপুৰৰ সশস্ত্ৰ সংগ্ৰামীৰ মাজত থকা প্ৰ্ভেদ সমূহ ফঁহিয়াই দেখুৱাই যাওঁতে পাঠকৰ নিজকে প্ৰশিক্ষণ শিবিৰত থকা যেন লগা অনুভৱে চুই যায় ।

বন্দুক তুলি লোৱা সহজ নহয় ,অথচ বন্দুক তুলি ল’বলৈ একো একোটা সৰু যেন লগা ঘটনাই কেনেকৈ বাধ্য কৰোৱাই বা প্ৰৰোচিত কৰা বৰ্ণনাবোৰে জীয়া ছবি এখন অঙ্কন কৰিছে ।

পক্ষীপ্ৰেমৰ প্ৰেমেৰে শ্বাশ্বত প্ৰেমৰ উপন্যাস  বুলি পঢ়ি গ’লে ‘জীয়া প্ৰেমৰ অলিখিত কাহিনী মনোমোহা মণিপুৰ এখন প্ৰেমগাথাঁ বুলি কেতিয়াবা পাহৰি যাব খোজোতেই যে আচলতে অগ্নিগৰ্ভা মণিপুৰ প্ৰতি প্ৰচ্ছদতে প্ৰতিফলিত হয় ই জানো সচাকৈয়ে মনোমোহা মণিপুৰ?

উগ্ৰপন্থী সংগঠন বোৰ চলিবলৈ নে চলাবলৈ অগ্নিগৰ্ভা মণিপুৰে ড্ৰাগচ ট্ৰেফিকিংৰ কামবোৰ কৰি  কেতিয়াও সমাধনৰ মুখামুখি হ’ব নোখোজা পন্থা দুয়োপক্ষই কিয় বাচি লৈছে সেয়া হয়তো সাথঁৰ হৈয়ে ৰৈ যাব । নায়ক শ্বেইজৰ মৃত্যুৱে কথাবোৰ ভৱাই তুলিছিল । এখন সুখপাঠ্য উপন্যাস। তত্বগধূৰ বিভিন্ন চৰিত্ৰৰ মাজেৰে এটা গধূৰ কিন্ত কেক এটাত আইচিং দি আগুৱাই লৈ যোৱাত ঔপন্যাসিকা সাৰ্থক হৈছে । নীলক্ষী শৰ্মা ভট্টচাৰ্যৰ অন্তৰ্নিহিত চেষ্টা  সফল হৈছে । জ্যোতি প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত দুশ তেৰ পৃষ্ঠাৰ উপন্যাসখন এখন সুখপাঠ্য উপন্যাস। মনোমোহা উপন্যাসৰ নায়ক নে পাৰ্শ্বনায়ক শ্বেইজাকে মোৰ বিচাৰেৰে নায়ক বুলি ক’ম

বিদ্ৰোহী শ্বেইজাও যে উদ্দীপ্ত হাজৰিকাৰ দৰে কবি। নহ’লেনো শ্বেইজাই অৰণ্যত লিখিছিল আৰু বুকুৰ  মাজত লৈ ফুৰিছিল

“ I want to sing and fly

Like the birds in the forest

But I feel like a bird

In the cave under arrest”

You might also like