নিউ চণ্ডীগড়ত আজি ভাৰত-দক্ষিণ আফ্রিকাৰ দ্বিতীয় টি–২০
🔹 গিল-সূর্যকুমাৰৰ দুর্বল ফর্মক লৈ চিন্তিত দলীয় মেনেজমেণ্ট
নিউজ ডেস্ক, ১১ ডিচেম্বৰ : ঘৰুৱা দল টীম ইণ্ডিয়া আৰু দক্ষিণ আফ্রিকাৰ মাজৰ পাঁচখনীয়া টি-২০ মেচৰ শৃংখলাটোৰ দ্বিতীয়খন মেচ আজি নিউ চণ্ডীগড়ত অনুষ্ঠিত হ’ব৷ শৃংখলাৰ প্রথমখন মেচত সহজ বিজয় সাব্যস্ত কৰি আত্মবিশ্বাস তুংগত থকা ভাৰতীয় দলটোৱে আজিৰ মেচখনতো জয়ৰ ধাৰা অব্যাহত ৰখাৰ লক্ষ্য লৈছে৷
মঙলবাৰে কটকত অনুষ্ঠিত মেচখনত ভাৰতীয় দলটোৱে সহজ বিজয় সাব্যস্ত কৰিলেও তাৰকা বেটাৰ শুভমন গিল আৰু অধিনায়ক সূর্যকুমাৰ যাদৱৰ দুর্বল ফর্মক লৈ চিন্তিত দলীয় মেনেজমেণ্ট৷ চলিত বর্ষত গিলে এতিয়ালৈকে ১৩খন মেচ খেলিছে যদিও এখনতো অর্ধশতক কৰিবলৈ সক্ষম হোৱা নাই৷ গিলৰ সর্বোচ্চ ৰান হ’ল ৪৭৷ ইফালে, অধিনায়ক সূর্যকুমাৰে চলিত বর্ষত ১৮খন মেচ খেলিছে যদিও অর্ধশতকৰ মুখ দেখা নাই৷ অধিনায়কগৰাকীৰ সর্বোচ্চ ৰান হ’ল অপৰাজিত ৪৭৷ এই দুয়োগৰাকী তাৰকা বেটাৰৰ দুর্বল ফর্মক লৈ সম্প্রতি চিন্তিত হৈ পৰিছে দলীয় মেনেজমেণ্ট৷ অৱশ্যে আজিৰ মেচত দুয়োগৰাকী বেটাৰে নিজৰ ছন্দ ঘূৰাই আনিব পাৰিব বুলি আশাবাদী দলীয় মেনেজমেণ্ট৷
ইফালে, আজিৰ মেচখনৰ মূল একাদশত স্থান লাভৰ বাবে যুঁজ চলিব অর্শদীপ সিং আৰু কুলদীপ যাদৱৰ মাজত৷ বেটিং ক্রমৰ অষ্টম স্থানটো শক্তিশালী কৰাৰ বাবে আজিৰ মেচখনত কুলদীপে মূল একাদশত স্থান লাভ কৰাৰ অধিক সম্ভাৱনা আছে৷
খেলৰ সময় : নিশা ৭ বজা৷