নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুথি পৰিচয় : সঞ্চয়িতা

মূল 'সঞ্চ‌য়িতা'ত মুঠ ৫৫৬ পৃষ্ঠা আছে আৰু তাত প্ৰায় ৫০০ কবিতা সন্নিহিত কৰা হৈছে। ফুকনে ইয়াৰে স্বনিৰ্বাচিত ৫৪টা কবিতা অসমীয়ালৈ অনুবাদ কৰি তেওঁৰ গ্ৰন্থখনত অন্তৰ্ভুক্ত কৰিছে। গ্ৰন্থখনৰ প্ৰতিটো অনূদিত কবিতাৰ আগত মূল বাংলা কবিতাটো দিয়া হৈছে

অমল ভাগৱতী

লেখক-অনুবাদক গিৰীশ চন্দ্ৰ ফুকনে বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ কালজয়ী কাব্যগ্ৰন্থ ‘সঞ্চয়িতা’ৰ কেইটামান কবিতা অসমীয়ালৈ অনুবাদ কৰি একেটা নামেৰে শেহতীয়াকৈ এখন গ্ৰন্থ প্ৰণয়ন কৰিছে। জে এছ পাব্লিকেশ্বনছ (জাতীয় সাহিত্য প্ৰকাশন)ৰ হৈ গ্ৰন্থখন প্ৰকাশ কৰিছে প্ৰণৱ হাজৰিকাই। প্ৰচ্ছদ সজাইছে পংকজ পৰাণে।

মূল ‘সঞ্চ‌য়িতা’ত মুঠ ৫৫৬ পৃষ্ঠা আছে আৰু তাত প্ৰায় ৫০০ কবিতা সন্নিহিত কৰা হৈছে। ফুকনে ইয়াৰে স্বনিৰ্বাচিত ৫৪টা কবিতা অসমীয়ালৈ অনুবাদ কৰি তেওঁৰ গ্ৰন্থখনত অন্তৰ্ভুক্ত কৰিছে। গ্ৰন্থখনৰ প্ৰতিটো অনূদিত কবিতাৰ আগত মূল বাংলা কবিতাটো দিয়া হৈছে।

ফুকনে কবিতাসমূহৰ মূলভাব বিঘ্নিত নোহোৱাকৈ যিমান দূৰ সম্ভৱ যথাযথভাৱে অনুবাদ কৰাৰ প্ৰয়াস কৰিছে। যদিও ফুকনে মূল ‘সঞ্চয়িতা’ৰ পৰা নিৰ্বাচিত কেইটিমান কবিতাহে অনুবাদ কৰি তেওঁৰ গ্ৰন্থখন প্ৰণয়ন কৰিছে, তথাপি এই সীমিতসংখ্যক কবিতাতে কবিগুৰুৰ চিন্তা তথা অনুভৱৰ বিস্তৃতি তথা বৈচিত্ৰ্যৰ নান্দনিক প্ৰকাশ ঘটিছে। কবিগুৰুৰ জীৱন আৰু জগত সম্পৰ্কে ধাৰণা, স্বদেশপ্ৰীতি, প্ৰেমৰ অনুভৱ ইত্যাদি বিভিন্ন বিষয়ৰ অৱতাৰণা কৰা হৈছে কবিতাসমূহত।

‘সঞ্চয়িতা’ৰ কবিতাত কবিৰ মানৱ প্ৰেমৰ সুন্দৰ প্ৰকাশ ঘটিছে। ‘প্ৰাণ’ শীৰ্ষক কবিতাটিত কবিয়ে লিখিছে— “মৰিতে চাই না আমি সুন্দৰ ভুবনে/মানবেৰ মাঝে আমি বাঁচিবাৰে চাই/এই সূৰ্যকৰে‌এই পুষ্পিত কাননে/জীবন্ত হৃদয়-মাঝে যদি স্থান পাই!” তাৎপৰ্যপূৰ্ণভাৱে,‌ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় সংগীতটো ‘সঞ্চয়িতা’ত লিপিবদ্ধ হৈ আছে।

কাব্যগ্ৰন্থখনৰ ‘ভাৰত বিধাতা’ শীৰ্ষক কবিতাটোৰ আৰম্ভণিৰ একাংশ হিচাপে ৰাষ্ট্ৰীয়‌সংগীতটো পোৱা যায়। গ্ৰন্থখনৰ কেইবাটাও কবিতাত কবিৰ প্ৰগতিবাদী মানসিকতাৰ আভাস পোৱা যায়। ‘প্ৰাচীন’ শীৰ্ষক কবিতাটোত কবিয়ে লিখিছে— “ই‌য়াৰ পৰা আঁতৰি যোৱা প্ৰাচীন/ই‌য়াত নতুন খেলা হৈছে আৰম্ভ।/আকৌ বাজিছে বাঁহী, আকৌ উঠিছে হাঁহি/বসন্তৰ বতাহ বলিছে।” তেওঁৰ মৃত্যু-চেতনাৰ সম্ভেদ পোৱা যায় একাধিক কবিতাত; ‘অতিথি’ শীৰ্ষক কবিতাটোত লিখিছে এনেদৰে—“বাকী আছে কেৱল আহিবলৈ আৰু এজন অতিথি,/তেওঁৰ সৈতে শেষ পৰিচয়।/তেওঁ আহি প্ৰদীপ নুমাই দিব এদিন,/তুলি ল’ব মোক ৰথত—/লৈ যাব মোক ঘৰৰ পৰা কোন গৃহহীন/গ্ৰহ তাৰকাৰ পথত।।” দুই-এটি কবিতাত ৰমন্যাসিক ভাবৰ আভাস পোৱা যায়।

‘মানসী’ শিৰোনামৰ কবিতাটিত লিখিছে—“সিন্ধুৰ পৰা মুকুতা আহে,খনিৰ পৰা সোণ,/বসন্তৰ ফুলনিৰ পৰা আহে কুঁকি ভৰা ফুল,/চৰণ ৰঙা কৰিবলৈ পতংগই দিয়ে তাৰ প্ৰাণ।/লাজ দিয়ে, বেশ-ভূষা দিয়ে, দিয়ে আৱৰণ,/তোমাক দুৰ্লভ কৰি কৰিছে গোপন।/পৰিছে তোমাৰ পাছত উজ্জ্বল বাসনা—/আধা মানৱী তুমি আধা কল্পনা।” ‌ ফুকনে ‘সঞ্চয়িতা’ৰ এমুঠি কবিতা অনুবাদ কৰি এটি মহৎ কৰ্ম‌সম্পাদন কৰা বুলি ক’ব পাৰি।

তেওঁ ইতিপূৰ্বে দেশ-বিদেশৰ কেইবাগৰাকী প্ৰথিতযশা কবিৰ কবিতা অসমীয়ালৈ অনুবাদ কৰিছে। তেওঁৰ কাব্যানুবাদ অব্যাহত থাকিব বুলি আশা কৰিলোঁ।

You might also like