নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্যক্তিগত-নৈৰ্ব্যক্তিকত হোমেন বৰগোহাঞি

এটা চিৰসেউজ প্ৰেম গাঁথাৰ জুমুঠিত অন্য এটা প্ৰেম কাহিনীৰে ৰচিত ‘পাৰো’ শীৰ্ষক তেতিয়ালৈ অপ্ৰকাশিত উপন্যাসখনৰ পৰিকল্পিত বিষয়বস্তুৰ বিষয়ে বিতংকৈ কোৱাৰ পিছত বৰগোহাঞি ছাৰে কৈছিল, ‘তুমি লিখা, পঢ়িবলৈ মোৰ এতিয়াই মন গৈছে৷’

–নীলিম আকাশ কাশ্যপ

‘‘দেৱদাসে পাহৰিব পৰা নাছিল পাৰোক৷ পাৰোই পাৰিছিল জানো? দেৱদাস দুখী হৈছিল পাৰোৰ অৱৰ্তমানত? প্ৰেমিকক হেৰুৱাই পাৰো সুখী হৈছিল জানো? শিৰত পতিৰ নামৰ সেন্দূৰ লৈও কলিজাত প্ৰেমিকক ৰখাটো জানো উজু? কেনেকৈনো কম দেৱদাসতকৈ পাৰোৰ দুখচ বেছিহে নহয়নে!’’

বৰগোহাঞি ছাৰক কৈছিলোঁ৷ ছাৰে মন দি শুনিছিল আমাৰ কথাখিনি— চকুত চকু থৈ— একেথিৰে৷ কথা কৈ থকা বৰেণ্য সাহিত্যিকগৰাকীৰ চকুহাললৈ চাই কৈ গৈছিলোঁ কথাকেইষাৰ৷
হোমেন বৰগোহাঞি ৰচিত অন্তিমটো গল্প ‘গৰখীয়া’ৰ আধাৰত আমি লিখা আৰু ‘বনলতা’ই প্ৰকাশ কৰা উপন্যাস ‘জোনাকৰ পখী উৰে’ৰ বেটুপাত চাবৰ পৰত জীৱন্ত কিংবদন্তিগৰাকীয়ে কথা প্ৰসংগত সুধিছিল পৰৱৰ্তী উপন্যাসৰ পৰিকল্পনা সন্দৰ্ভত৷

দুটামান পৰিকল্পনা জনাইছিলোঁ— তাৰে যিটো পৰিকল্পনাক ছাৰে খুব আগ্ৰহেৰে শুনি ‘বৰ ধুনীয়া হ’ব বুলি ভাবিছোঁ’ বুলি কৈছিল, সেই পৰিকল্পিত উপন্যাসখন অতিশেহতীয়াকৈ প্ৰকাশ পাইছে৷ অগ্ৰণী প্ৰকাশন প্ৰতিষ্ঠান ‘বনলতা’ই প্ৰকাশ কৰা উপন্যাসখনৰ শিৰোনাম ‘পাৰো’৷

এটা চিৰসেউজ প্ৰেম গাঁথাৰ জুমুঠিত অন্য এটা প্ৰেম কাহিনীৰে ৰচিত ‘পাৰো’ শীৰ্ষক তেতিয়ালৈ অপ্ৰকাশিত উপন্যাসখনৰ পৰিকল্পিত বিষয়বস্তুৰ বিষয়ে বিতংকৈ কোৱাৰ পিছত বৰগোহাঞি ছাৰে কৈছিল, ‘তুমি লিখা, পঢ়িবলৈ মোৰ এতিয়াই মন গৈছে৷’

‘পাৰো’ নামৰ সেই উপন্যাসখন প্ৰকাশ হ’ল, ‘পাৰো’ৰ পাছত ‘লাজ, ‘পৰশু-ৰাম’, ‘ৰ’দৰ খিৰিকী-বৰষুণৰ গান’ৰ উপৰি শেহতীয়াকৈ ‘চক্ৰবেহু’ প্ৰকাশ হোৱাৰ উপৰি এই লেখা লিখি থকাৰ সাদিনমানৰ ভিতৰতে ‘উঠা-জাগা-সাৰ পোৱা’ আৰু ‘Tempest Over Brahmaputra’ শীৰ্ষক উপন্যাস দুখনো হয়তো প্ৰকাশ হ’ব— কিন্তু ‘পাৰো’ৰ কপী এটা দিম বুলি কথা দি ৰাখিবলৈ যে বৰগোহাঞি ছাৰেই আজি নাই আমাৰ মাজত— কায়িকভাৱে। অন্যকেইখনৰ ক্ষেত্ৰতো একেই!

কথাখিনি ব্যক্তিগত— কিন্তু নৈৰ্ব্যক্তিকো! নহয়নে? আমাৰ দৰে সাহিত্য সাধনা কৰিবলৈ আৰম্ভ কৰা, শব্দৰে কথা ক’বলৈ শিকি থকা এজন ন-শিকাৰুৰ সপোনক আপদাল কৰি দিঠক হ’বলৈ দিয়াৰোপৰি সেই সময়তে স্বেচ্চাই আৰু অত্যন্ত আগ্ৰহেৰে আমাৰ একাধিক উপন্যাসৰ পৰিকল্পনাৰ বিষয়ে ছাৰে যিদৰে শুনিছিল, শুনি যিদৰে ‘পঢ়িবৰ মন গৈছে’ বুলি কৈছিল— তেনে মন্তব্যয়েই অনেক তৰুণক সৃষ্টিৰ স্বপ্নময় বাটেৰে অধিক দূৰন্ত গতিৰে আৰু অধিক সাধনাৰ আগ্ৰহেৰে লিখি যাবলৈ প্ৰেৰণা নিদিয়েনে?

তেনে প্ৰেৰণা আমি বৰগোহাঞি ছাৰৰ নিচিনা যদি অনেক প্ৰবীণৰ পৰা পাওঁ— সিয়ে বহুসংখ্যক নবীনক শব্দৰ আখৰাৰ বাবে উদ্বুদ্ধ নকৰিবনে— যিয়ে হয়তোবা প্ৰকাৰান্তৰে সম্ভাৱনাৰ ৰেঙণি কঢ়িয়াব আমাৰ সাহিত্য ক্ষেত্ৰলৈয়ে৷

ফোন : ৭৬৬৩৯ ৫৭৫০০

You might also like