কলকাতাৰ যুৱ ভাৰতীত লিঅ’নেল মেছিৰ অনুষ্ঠানত ক্ষুব্ধ ফুটবল অনুৰাগী…
ডিজিটেল ডেস্ক, ১৩ ডিচেম্বৰ : শনিবাৰে কলকাতাত আৰ্জেণ্টিনাৰ কিংবদন্তি ফুটবলাৰ লিঅ’নেল মেছি উপস্থিত হোৱাৰ পিছৰে পৰা মেছি জ্বৰত আক্ৰান্ত কলকাতাত এক বিশৃংখল পৰিস্থিতিৰ সৃষ্টি হয়। হাজাৰ হাজাৰ টকাৰে টিকট কাটিও প্ৰিয় ফুটবল তাৰকাগৰাকীৰ মুখখনকে দেখা নাপাই ক্ষোভত ফাটি পৰে অনুৰাগী। ডিচেম্বৰ মাহৰ শীতকো নেওচি পুৱাই আহি কলকাতাৰ যুৱ ভাৰতী ক্ৰীড়াংগনত ভিৰ কৰিছিল অসংখ্য ফুটবল অনুৰাগীয়ে। একমাত্ৰ উদ্দেশ্য—বিশ্বখ্যাত ফুটবল তাৰকা লিঅ’নেল মেছিক এবাৰ ওচৰৰ পৰা চোৱাৰ। কিন্তু ভিআইপি অতিথিসকলৰ ভিৰত প্ৰিয় ফুটবল তাৰকা মেছিক দেখা নাপাই ক্ষোভ, হতাশাত ফাটি পৰে সমৰ্থকসকল।
শনিবাৰে নিৰ্ধাৰিত সময় মতেই এক অনুষ্ঠানৰ বাবে কিংবদন্তি ফুটবলাৰ লিঅ’নেল মেছি যুৱ ভাৰতী ষ্টেডিয়ামত উপস্থিত হৈছিলহি। মেছিয়ে হাঁহিমুখে দৰ্শকৰ পিনে চাই হাত জোকাৰিছিল যদিও তেওঁৰ চাৰিওফালে প্ৰায় ৫০জন লোক থকা বাবে গেলাৰীত বহি থকা সাধাৰণ দৰ্শকে তেওঁক ভালকৈ দেখা নাপালে। ফলত কিংবদন্তি ফুটবলাৰগৰাকীক ওচৰৰ পৰা চোৱাৰ বহুদিনীয়া সপোন পূৰণ নহ’ল বহু অনুৰাগীৰ।
ফলত অধিক মূল্যত টিকট কাটিও যেতিয়া মেছিৰ মুখখনকে ভালকৈ দেখা নাপালে, তেতিয়াই গেলাৰীত থকা অনুৰাগীৰ মাজত উত্তেজনা বৃদ্ধি পায়। ক্ৰমান্বয়ে ৰুদ্ৰমূৰ্তি ধাৰণ কৰা দৰ্শকে ষ্টেডিয়ামৰ চকীৰ লগতে অন্য সা-সম্পত্তি ভাঙি চূৰমাৰ কৰে। এই ক্ষোভ ষ্টেডিয়ামৰ বাহিৰতো মুকলিকৈ প্ৰকাশ কৰে অনুৰাগীয়ে। যুৱ ভাৰতী ক্ৰীড়াংগনক প্ৰায় ৰণক্ষেত্ৰত পৰিণত কৰে ক্ষুব্ধ দৰ্শকে। ঘটনাক লৈ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ক্ষমা প্ৰাৰ্থনা কৰিবলৈ বাধ্য হয়। অৱশ্যে ইয়াৰ মাজতে বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানে কিংবদন্তি ফুটবলাৰ লিঅ’নেল মেছিক সাক্ষাত কৰিবলৈ সুযোগ লাভ কৰে।
উল্লেখ্য যে দৰ্শকৰ ক্ষোভৰ উমান পাই আয়োজকসকলে নিৰ্ধাৰিত সময়ৰ আগতেই মেছিক উক্ত স্থানৰ পৰা আঁতৰাই নিয়ে বুলি জানিব পৰা গৈছে।