নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাৰি দশকৰ বাঁওপন্থী দুৰ্গ ভাঙি কেৰালাত বিজেপিৰ ডাঙৰ সাফল্য

ধন্যবাদ তিৰুৱনন্তপুৰম! তিৰুৱনন্তপুৰম মহানগৰ নিগমত বিজেপি-এনডিএয়ে লাভ কৰা জনাদেশ কেৰালাৰ ৰাজনীতিত এক ঐতিহাসিক মোৰ। জনসাধাৰণৰ পূৰ্ণ বিশ্বাস আছে যে ৰাজ্যৰ উন্নয়নৰ আকাংক্ষা কেৱল আমাৰ দলেই পূৰণ কৰিব পাৰে

কেৰালাৰ স্থানীয় সংস্থাৰ নিৰ্বাচনৰ ফলাফলত ভাৰতীয় জনতা পাৰ্টি (বিজেপি)-এ তিৰুৱনন্তপুৰম মহানগৰ নিগমত এক ঐতিহাসিক বিজয় অৰ্জন কৰিছে। চাৰি দশক ধৰি লেফ্ট ডেমোক্ৰেটিক ফ্ৰণ্ট (LDF)-ৰ দুৰ্গ হিচাপে পৰিচিত তিৰুৱনন্তপুৰমত বিজেপিয়ে গেৰুৱা পতাকা উৰুৱাবলৈ সক্ষম হৈছে। কেৰালাত বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ এই সফলতাই ৰাজ্যৰ ৰাজনীতিত এক ডাঙৰ আলোড়ন সৃষ্টি কৰিছে। বিজেপিৰ এই ঐতিহাসিক জয়ৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুভেচ্ছা জনাইছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে সামাজিক মাধ্যম এক্সত এটা পোষ্ট শ্বেয়াৰ কৰি তিৰুৱনন্তপুৰমৰ জনসাধাৰণক নিৰ্বাচনত বিজয় নিশ্চিত কৰাৰ বাবে ধন্যবাদ জনাইছে। তেওঁ কয়, “কেৰালাত অনুষ্ঠিত স্থানীয় সংস্থাৰ নিৰ্বাচনত বিজেপি আৰু এনডিএ প্ৰাৰ্থীসকলক ভোট দিয়া ৰাজ্যৰ সকলো লোকক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। কেৰালা এতিয়া UDF আৰু LDF-ত ক্লান্ত হৈ পৰিছে। ৰাজ্যৰ জনসাধাৰণে এতিয়া এনডিএকেই একমাত্ৰ এনে বিকল্প বুলি ভাবে, যিয়ে সু-শাসন দিব পাৰে আৰু সকলোৰে বাবে সুযোগেৰে ভৰপূৰ্ণ উন্নত কেৰালাম গঢ়ি তুলিব পাৰে।”

আন এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়, “ধন্যবাদ তিৰুৱনন্তপুৰম! তিৰুৱনন্তপুৰম মহানগৰ নিগমত বিজেপি-এনডিএয়ে লাভ কৰা জনাদেশ কেৰালাৰ ৰাজনীতিত এক ঐতিহাসিক মোৰ। জনসাধাৰণৰ পূৰ্ণ বিশ্বাস আছে যে ৰাজ্যৰ উন্নয়নৰ আকাংক্ষা কেৱল আমাৰ দলেই পূৰণ কৰিব পাৰে। আমাৰ দলটোৱে এই সজীৱ নগৰৰ উন্নয়নৰ বাবে সম্পূৰ্ণ দায়িত্ব লৈ কাম কৰিব আৰু জনসাধাৰণৰ বাবে ‘ইজ অৱ লিভিং’ অধিক উন্নত কৰিব।”

ইয়াৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, “তিৰুৱনন্তপুৰম মহানগৰ নিগমত এই উৎকৃষ্ট নিৰ্বাচনী ফলাফল নিশ্চিত কৰিবলৈ জনসাধাৰণৰ মাজত কঠোৰ পৰিশ্ৰম কৰা সকলো পৰিশ্ৰমী বিজেপি কৰ্মীৰ প্ৰতি মই কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ আৰু অভিনন্দন জনাইছোঁ। আজি কেৰালাত বহু প্ৰজন্ম ধৰি তৃণমূল স্তৰত কাম কৰি অহা সেই কৰ্মীসকলৰ পৰিশ্ৰম আৰু সংগ্ৰাম স্মৰণ কৰাৰ দিন, যিসকলৰ বাবেই আজি এই ফলাফল সম্ভৱ হৈ উঠিছে।” তেওঁ লগতে কয় যে আমাৰ কৰ্মীসকলেই আমাৰ শক্তি, আৰু আমি তেওঁলোকৰ ওপৰত গৌৰৱ অনুভৱ কৰোঁ।

ডিজিটেল ডেস্ক, ১৩ ডিচেম্বৰ

You might also like