নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰাণঘাতী ভাইৰাছে ধ্বংস কৰিব মানৱ জাতিঃ মাইকেল জেকচনে কৰিছিল ভৱিষ্যতবাণী

নিয়মীয়া বাৰ্তা, ১ এপ্ৰিলঃ তিনি দশক পূৰ্বেই কিংবদন্তি পপ ষ্টাৰ মাইকেল জেকচনে কৰিছিল এক ভৱিষ্যতবাণী । এক প্ৰাণঘাতী ভাইৰাছে সমগ্ৰ মানৱ সমাজকে তচনচ কৰি দিব বুলি কৈছিল জেকচনে । শেহতীয়াভাৱে মাইকেল জেকচনৰ দেহৰক্ষী মিট ফিডেচে উল্লেখ কৰিছে এই কথা । ক’ৰোনা আতংকই সমগ্ৰ বিশ্বকে স্থবিৰ কৰি দিয়াৰ সময়ত মিট ফিডেচৰ এই বক্তব্যক লৈ আৰম্ভ হৈছে চৰ্চা । দেহৰক্ষী গৰাকীয়ে কৈছে যে, সকলো সময়তে মাইকেল জেকচন এক ভাইৰাছত আক্ৰান্ত হোৱাৰ আশংকা পুহি ৰাখিছিল মনত । জেকচনে বিশ্বাস কৰিছিল কোনো এক প্ৰাণঘাতী ভাইৰাছে মানৱ জাতিৰ অস্তিত্ব সংকটাপন্ন কৰি তুলিব পাৰে । অৱশ্যে বাস্তৱতো বৰ্তমান দেখা দিছে ক’ৰোনা আতংকই ।

ফিডেচে কৈছিল – ‘মাইকেল জেকচনে সকলো সময়তে এখন মাস্কেৰে নিজৰ মুখ ঢাকি ৰাখিছিল । আমি সকলো সময়তে তেওঁক মাস্কখন খুলিবলৈ কৈছিলো যদিও সেইটো শুনা নাছিল জেকচনে । সকলো সময়তে এটা ভাইৰাছ আক্ৰমণৰ আশংকাত থকা তেওঁ কৈছিল সমগ্ৰ বিশ্বতে মোৰ কোটি কোটি অনুৰাগী আছে । মই অসুস্থ হৈ পৰিলে তেওঁলোকে মনত কষ্ট পাব ।’

মাইকেল জেকচনৰ দেহৰক্ষী মিট ফিডেচৰ দাবী সেইসময়তে এক সঠিক সিদ্ধান্ত লৈছিল জেকচনে । বিশ্বত ত্ৰাস সৃষ্টি কৰা ক’ৰোনা ভাইৰাছৰ এই কথা যেন তিনি দশকৰ পূৰ্বেই অনুভৱ কৰিছিল এইগৰাকী পপষ্টাৰে ।

You might also like