ছিডনীৰ ইহুদী গণহত্যাকাৰী পিতৃ–পুত্রৰ পাকিস্তান সংযোগ
🔹 দুই সন্ত্রাসবাদীৰ গাড়ীত উদ্ধাৰ ইছলামিক ষ্টেট (আইএছ)ৰ পতাকা
নিউজ ডেস্ক, ১৬ ডিচেম্বৰ : সন্ত্রাসবাদীৰ আক্রমণত দেওবাৰে ৰক্তাক্ত হৈ পৰে পর্যটকৰ আকর্ষণস্থলী ছিডনী৷ এই ঘটনাৰ তদন্তত সন্মুখলৈ আহিছে সন্ত্রাসবাদৰ অভিকেন্দ্র পাকিস্তানৰ সংযোগ৷ ইহুদীৰ উৎসৱত গুলী চলাই যি দুজন লোকে ১৬জন লোকৰ প্রাণ কাঢ়ি নিয়ে, তেওঁলোক হ’ল ছাজিদ আক্রম (৫০) আৰু তেওঁৰ পুত্র নৱিদ আক্রম (২৪)৷
জানিব পৰা মতে, এই পিতা–পুত্র পাকিস্তানৰ নাগৰিক অথবা পাক বংশোদ্ভৱ৷ তেওঁলোকৰ গাড়ীৰ পৰা উদ্ধাৰ কৰা হৈছে সন্ত্রাসবাদী সংগঠন ইছলামিক ষ্টেট চমুকৈ আইএছৰ পতাকা৷ অষ্ট্রেলিয়াৰ সংবাদ মাধ্যমে দেশখনৰ চোৰাংচোৱা সংস্থা আছিঅ’ৰ উদ্ধৃতি দি জনায় যে দুয়োগৰাকী আক্রমণকাৰী সম্ভৱতঃ পাকিস্তানৰ নাগৰিক অথবা পাক বংশোদ্ভৱ৷ এই আক্রমণৰ প্রকৃত উদ্দেশ্য জানিব পৰা হোৱা নাই যদিও এইটো জানিব পৰা গৈছে যে ঘাতক পিতৃগৰাকীৰ অষ্ট্রেলিয়াত আছে এখন ফলৰ দোকান৷ দেওবাৰে গাড়ী চলাই সমুদ্রৰ তীৰলৈ আহিছিল পুত্র নাৱিদ৷ আৰক্ষীয়ে তেওঁৰ ড্রাইভিং লাইচেঞ্চখন উদ্ধাৰ কৰিছে৷
আৰক্ষীয়ে জনোৱা মতে, ঘটনাস্থলীতে নাৱিদৰ পিতৃক আৰক্ষীয়ে গুলীয়াই নিধন কৰে৷ গুৰুতৰভাৱে আহত অৱস্থাত পুত্র নাৱিদ বর্তমান চিকিৎসাধীন৷ এই ঘটনাৰ সৈতে তৃতীয় কোনো বন্দুকধাৰী জড়িত থকাৰ প্রমাণ এই পর্যন্ত পোৱা নাই৷ উল্লেখ্য যে দেওবাৰে দুপৰীয়া ছিডনীৰ নাতিদূৰৈত বিখ্যাত বণ্ডী বিচ্চত ইহুদীসকলৰ হানুক্কাহ উৎসৱ চলি আছিল৷ সহস্রাধিক লোক উপস্থিত থকা এই উৎসৱতে দুই বন্দুকধাৰীয়ে সোমাই জধে–মধে গুলীচালনা কৰাত ১৬জন লোকৰ প্রাণহানি হয়৷
অষ্ট্রেলিয়াৰ গৃহমন্ত্রীয়ে জনোৱা মতে, ১৯৯৮ চনত নাৱিদৰ পিতৃ ষ্টুডেণ্টৰ ভিছা লৈ অষ্ট্রেলিয়ালৈ আহিছিল৷ পিছলৈ ৰেছিডেণ্ট ভিছা লৈ তাৰ বাসিন্দা হৈ পৰে৷ নাৱিদৰ জন্ম অষ্ট্রেলিয়াতে হয়৷ আন্তঃৰাষ্ট্রীয় সংবাদ মাধ্যমৰ সূত্রই জনোৱা মতে, ঘটনাস্থলীৰ ওচৰৰ পৰা দুটা বিস্ফোৰক উদ্ধাৰ কৰি তাক নিষ্ক্রিয় কৰে তদন্তকাৰীসকলে৷ তেওঁলোকৰ গাড়ীত আইএছৰ পতাকা উদ্ধাৰ কৰাৰ পৰা ছিডনী আৰক্ষীয়ে তেওঁলোকৰ সন্ত্রাসবাদী সংগঠনৰ সৈতে সংযোগ থকাৰ সন্দেহ কৰে৷
ইফালে, দুই পিতৃ–পুত্রই যে এনেধৰণৰ অপকর্ম সংঘটিত যে কৰিছে তাক বিশ্বাস কৰিব পৰা নাই নাৱিদৰ মাতৃয়ে৷ তেওঁৰ মতে, তেওঁৰ পুত্র খুবেই ভাল৷ যিকোনো, মাতৃয়ে এনেধৰণৰ পুত্র পাবলৈ সদায়ে কামনা কৰিব৷ অষ্ট্রেলিয়াৰ প্রধানমন্ত্রী এণ্টনী আলবানিজে দেওবাৰৰ দিনটোক ‘ক’লা দিন’ হিচাপে চিহ্ণিত কৰিছে৷ এই ঘটনাৰ পিছত দেশৰ আগ্ণেয়াস্ত্র আইন আৰু অধিক কঠোৰ কৰি তোলাৰ দিশত আগবাঢ়িছে দেশখনৰ প্রশাসন৷
প্রধানমন্ত্রী আলবানিজে স্পষ্ট কৰি দিয়ে যে আগ্ণেয়াস্ত্র আইন আৰু অধিক কঠোৰ হ’ব৷ দেশৰ যাৱতীয় অস্ত্র সম্পর্কে ৰিপ’ৰ্ট বিচাৰিছে আলবানিজে৷ তাৰ পিছত অষ্ট্রেলিয়াৰ প্রশাসনে আইনখনৰ দ্রুত সংশোধনৰ দিশত আগবাঢ়িব পাৰে বুলি খবৰ ওলাইছে৷