নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দীপৰ বিলৰ মাজেৰে ৰে’লৱে উৰণ সেতু নির্মাণৰ বাবে গছ কটাৰ বিৰোধিতা

দীপৰ বিলৰ দাঁতিকাষৰীয়া মেঘালয়ৰ খাচী জয়ন্তীয়া পাহাৰৰ পৰা জলকেলি কৰিবলৈ নামি আহে বন্যহস্তীৰ জাক৷ দীপৰ বিললৈ এনেদৰে জলকেলি কৰিবলৈ অহা বন্যহস্তীৰ জাক প্রায়েই দুর্ঘটনাত পতিত হৈ মৃত্যুবৰণ কৰিবলগীয়া হৈছে

প্রাকৃতিক সৌন্দর্যৰ ৰম্যভূমি দীপৰ বিলৰ দাঁতিকাষৰীয়া চকর্দো মাটিয়া অঞ্চলৰ মাজেৰে পাৰ হৈ যোৱা ৰে’লপথটোৰ বাবেই প্রায়েই সংঘটিত হৈ আহিছে বহুসংখ্যক দুর্ঘটনা৷ এনে দুর্ঘটনাৰ বাবে বিভিন্ন সময়ত কৰুণভাৱে মৃত্যুমুখত পৰিবলগীয়া হৈছে বন্যহস্তী৷

উল্লেখনীয় যে দীপৰ বিলৰ দাঁতিকাষৰীয়া মেঘালয়ৰ খাচী জয়ন্তীয়া পাহাৰৰ পৰা জলকেলি কৰিবলৈ নামি আহে বন্যহস্তীৰ জাক৷ দীপৰ বিললৈ এনেদৰে জলকেলি কৰিবলৈ অহা বন্যহস্তীৰ জাক প্রায়েই দুর্ঘটনাত পতিত হৈ মৃত্যুবৰণ কৰিবলগীয়া হৈছে৷

তেনেক্ষেত্রত দীপৰ বিল সংৰক্ষণৰ হকে মাত মাতি অহা দীপৰ বিল সুৰক্ষা মঞ্চই দীপৰ বিললৈ জলকেলি কৰিবলৈ অহা বন্যহস্তীৰ প্রৱেশ পথসমূহ সুৰক্ষিত কৰাৰ লগতে উক্ত স্থানেৰে যোৱা ৰে’লপথটো ৰে’লৱে উৰণ সেতুলৈ ৰূপান্তৰ কৰাৰ বাবে ৰাজ্য চৰকাৰক পূর্বৰে পৰা দাবী জনাই আহিছে৷

অৱশেষত চকর্দো মাটিয়া অঞ্চলৰ মাজেৰে পাৰ হৈ যোৱা কামাখ্যা–যোগীঘোপা ৰে’লপথটোৰ প্রায় পাঁচ কিলোমিটাৰ দৈর্ঘ্য আৰু ২১ ফুট উচ্চতাত এখন ৰে’লৱে উৰণ সেতু নির্মাণ কৰাৰ বাবে উত্তৰ–পূব সীমান্ত ৰে’লৱে কর্তৃপক্ষই শেহতীয়াভাৱে চকর্দো–মাটিয়া অঞ্চলত জৰীপ কার্য আৰম্ভ কৰিছে৷

কিন্তু লক্ষণীয় কথা এই যে ৰে’লৱে উৰণ সেতুখন নির্মাণ কৰাৰ নামত প্রাকৃতিক সৌন্দর্যৰ ৰম্যভূমি দীপৰ বিলৰ পাৰত থকা বহু পুৰণি যথেষ্টসংখ্যক বিবিধ প্রজাতিৰ গছ কটা যাব৷ তাকে লৈ স্থানীয় ৰাইজৰ মাজত আৰম্ভ হৈছে ব্যাপক প্রতিক্রিয়া৷

কিয়নো প্রতিবছৰে দীপৰ বিললৈ ডিচেম্বৰ–জানুৱাৰী মাহত দূৰ দূৰণিৰ পৰা বনভোজ খাবলৈ অহা দলে দীপৰ বিলৰ প্রাকৃতিক সৌন্দর্য উপভোগ কৰি আপ্লুত হৈ পৰে৷ সমান্তৰালকৈ দীপৰ বিলৰ পাৰত থকা গছসমূহে বৃহত্তৰ অঞ্চলটোৰ লগতে ঐতিহাসিক দীপৰ বিলখনৰ পাৰিপার্শ্বিক ভাৰসাম্য ৰক্ষা কৰাৰ ক্ষেত্রতো বিশেষ ভূমিকা গ্রহণ কৰি আহিছে৷

তেনেক্ষেত্রত দীপৰ বিল সুৰক্ষা মঞ্চৰ সাধাৰণ সম্পাদক প্রমোদ কলিতাই সদৰী কৰা মতে বিগত সময়ত দীপৰ বিললৈ জলকেলি কৰিবলৈ অহা ১৫টা বন্যহস্তী ইতিমধ্যে নিশাৰ ভাগত ৰে’লপথ অতিক্রম কৰিবলৈ লোৱা মুহূর্তত চলন্ত ৰে’লে খুন্দা মৰাৰ ফলত কৰুণভাৱে মৃত্যুমুখত পৰিছে৷

শেহতীয়াভাৱে ৰাজ্য চৰকাৰৰ সংশ্লিষ্ট বিভাগৰ তৎপৰতাত তথা উত্তৰ–পূব সীমান্ত ৰে’লৱেৰ উদ্যোগত যিখন ৰে’লৱে উৰণ সেতু নির্মাণৰ প্রাক্কলন প্রস্তুত কৰিছে, সেই পদক্ষেপক আমি আদৰণি জনাইছোঁ৷ কিন্তু শেহতীয়াভাৱে বন বিভাগে দীপৰ বিলৰ পাৰত থকা গছসমূহ কটাৰ ক্ষেত্রত বিভাগীয়ভাৱে জৰীপ কৰি গছসমূহত কেতবোৰ নম্বৰ দিয়াৰ যি পদক্ষেপ গ্রহণ কৰিছে, সেই সন্দর্ভত আমি বন বিভাগক অনুৰোধ জনাব বিচাৰোঁ যে অতি পুৰণি গছসমূহৰ যিখিনি নাকাটিলে নহয়, সেইখিনি কাটি প্রয়োজন সাপেক্ষে পুৰণি গছসমূহৰ ঠাল–ঠেঙুলি কাটি ৰে’লৱে উৰণ সেতু নির্মাণ কৰিব লাগে, যাতে দীপৰ বিলৰ প্রাকৃতিক সৌন্দর্য আৰু পাৰিপার্শ্বিক ভাৰসাম্য বিনষ্ট নহয়৷ পুৰণি মূল্যৱান গছসমূহৰ ঠাল–ঠেঙুলি কাটি ৰে’লৱে উৰণ সেতু নির্মাণ হ’লে বন্যহস্তীৰ জীৱনো সুৰক্ষিত হ’ব আৰু দীপৰ বিলৰ পাৰিপার্শ্বিক ভাৰসাম্যও বর্তি থাকিব৷

মহানগৰ বার্তা, আজাৰা, ১৭ ডিচেম্বৰ

You might also like