নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১২ বছৰত গ্রেপ্তাৰ ২১,৪০৭ বাংলাদেশী, ভাৰত–বাংলা সীমান্তৰ ২১% উন্মুক্ত

উন্মুক্ত সীমান্তৰে এতিয়াও অব্যাহত আছে অবৈধ বাংলাদেশীৰ অনুপ্রৱেশ৷ ৪,০৯৬.৭০ কিলোমিটাৰ দৈর্ঘ্যৰ ভাৰত–বাংলাদেশ সীমান্তৰ ২০.৯২ শতাংশ বর্তমানেও উন্মুক্ত হৈয়ে আছে৷ এই ৮৫৬.৭৭৮ কিলোমিটাৰৰ উন্মুক্ত সীমান্তৰে বিগত ১২ বছৰত ২১,৪০৭জন অবৈধ বাংলাদেশীক সীমান্তৱর্তী এলেকাৰ পৰা নিৰাপত্তা বাহিনীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে৷

চলিত বছৰত নৱেম্বৰ মাহলৈকে গ্রেপ্তাৰ কৰা হৈছে ২,৫৫৬জন অবৈধ বাংলাদেশীক৷ কেৱল যোৱা নৱেম্বৰ মাহটোত সীমান্তৰ পৰা গ্রেপ্তাৰ কৰা হৈছে ৩০৬জন অবৈধ বাংলাদেশীক৷ লোকসভাত কেন্দ্রীয় গৃহ ৰাজ্যমন্ত্রী নিত্যানন্দ ৰায়ে এই উদ্বেগজনক তথ্য দাঙি ধৰিছে৷ সদনৰ প্রশ্ণোত্তৰকালত তৃণমূল কংগ্রেছৰ সাংসদ জগদীশ চন্দ্র বর্মা বাসুনিয়া আৰু শর্মিলা সৰকাৰে উত্থাপন কৰা এক প্রশ্ণৰ উত্তৰত বিভাগীয় ৰাজ্যমন্ত্রীজনে প্রদান কৰা তথ্য অনুসৰি, ভাৰত–বাংলাদেশ সীমান্তৰ সমান্তৰালকৈ ভাৰত–ম্যানমাৰ সীমান্তৰেও অনুপ্রৱেশৰ সংখ্যা শেহতীয়াকৈ ব্যাপকভাৱে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷

যোৱা ১২ বছৰত নিৰাপত্তা বাহিনীয়ে ভাৰত-ম্যানমাৰ সীমান্তৰ পৰা কৰায়ত্ত কৰিছে ১,৬০২জন অবৈধ নাগৰিকক৷ ইয়াৰ ভিতৰত কেৱল এই বছৰতে গ্রেপ্তাৰ কৰা হৈছে ৪৩৭জন লোকক৷ যোৱা বছৰত গ্রেপ্তাৰ কৰা হৈছিল ৪৪১জন অবৈধ নাগৰিকক৷

লক্ষণীয়ভাৱে ২০২২ চনৰ পৰা ভাৰত-ম্যানমাৰ সীমান্তত অবৈধ নাগৰিকৰ আগমন বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷ ২০২২ চনত ১৭৩জন আৰু ২০২৩ চনত ২১২জন অবৈধ নাগৰিকক ভাৰত–ম্যানমাৰ সীমান্তৰ পৰা গ্রেপ্তাৰ কৰা হয়৷

মন্ত্রী ৰায়ে প্রদান কৰা তথ্য অনুসৰি, ১,৬৪৩ কিলোমিটাৰব্যাপী ভাৰত–ম্যানমাৰ সীমান্তৰ মাত্র ৯.২১৪ কিলোমিটাৰ এলেকাত কাঁহটীয়া তাঁৰৰ বেৰ আছে৷ আনহাতে, ভাৰত-বাংলাদেশ সীমান্তত ২০১৪ চনৰ পৰা ২০২৪ চনলৈকে বছৰি কৰায়ত্ত কৰা অবৈধ বাংলাদেশীৰ সংখ্যা হৈছে ক্রমে ২,১৬০, ২,৮০৯, ১,৬০১, ৯০৭, ৮৮৪, ১,১০৯, ৯৫৫, ১,২০৮, ২,০৭৬, ২,৬১৭ আৰু ২,৫২৫৷ অর্থাৎ ২০২২ চনৰ পৰা ভাৰত–বাংলাদেশ সীমান্ততো অবৈধ বাংলাদেশীৰ তৎপৰতা বৃদ্ধি পাইছে৷

লক্ষণীয়ভাৱে মন্ত্রী ৰায়ে প্রদান কৰা তথ্য কেৱল সীমান্তৱর্তী অঞ্চলৰ পৰা কৰায়ত্ত কৰা অবৈধ বাংলাদেশীৰহে৷ ইয়াৰ উপৰি গোপনে কিমানসংখ্যক অবৈধ বাংলাদেশীয়ে ভাৰতত প্রৱেশ কৰিছে তাৰ কোনো হিচাপ চৰকাৰৰ ওচৰত নাই৷ মন কৰিবলগীয়া যে ভাৰত-বাংলাদেশ সীমান্তৰ ৭৯ শতাংশ কাঁইটীয়া তাঁৰৰ বেৰেৰে সুৰক্ষিত কৰাৰ বিপৰীতে ২,১৩৫.১৩৬ কিলোমিটাৰব্যাপী ভাৰত-পাকিস্তান সীমান্তৰ ৯৩.২৫ শতাংশই বেৰেৰে সুৰক্ষিত৷

বিশেষ বার্তা, নতুন দিল্লী, ১৮ ডিচেম্বৰ :

You might also like