নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডুবাইত এছিয়ান য়ুথ পেৰা গেমছত পদক অর্জন আনিস্মিতা-লালৰামৰ

ডুবাইত সদ্যসমাপ্ত এছিয়ান য়ুথ পেৰা গেমছত মুঠ ৫টা পদক জয় কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই অনা আনিস্মিতা কোঁৱৰ আৰু লালৰামসুওক মাৰক সম্বর্ধনা জনোৱা হয়৷ স্থানীয় নেহৰু ষ্টেডিয়ামত বিয়লি আয়োজিত এক সম্বর্ধনা অনুষ্ঠানত আনিস্মিতা আৰু লালৰামক পেৰালিম্পিক এছ’চিয়েচন অৱ আছামৰ মুখ্য পৃষ্ঠপোষক ৰিণিকি ভূঞা শর্মাই সম্বর্ধনা জনায়৷

সম্বর্ধনা অনুষ্ঠানত দুয়োগৰাকী খেলুৱৈক প্রত্যেককে ২৫ হাজাৰ টকাৰ চেক প্রদান কৰি আনিস্মিতা আৰু লালৰামৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰে ৰিণিকি ভূঞা শর্মাই৷

উল্লেখ্য যে ডুবাইত অনুষ্ঠিত প্রতিযোগিতাখনত আনিস্মিতাই লং জাম্পত স্বর্ণ, ১০০ মিটাৰ দৌৰত ৰূপ আৰু ২০০ মিটাৰ দৌৰত ব্রঞ্জৰ পদক লাভ কৰাৰ বিপৰীতে লালৰামে জেভেলিন থ্র’ত স্বর্ণ আৰু ডিছকাছ থ্র’ত ব্রঞ্জৰ পদক অর্জন কৰিছিল৷

নিউজ ডেস্ক, ১৮ ডিচেম্বৰ :

You might also like