নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৃদ্ধি পাইছে ভাৰতীয় নাগৰিকত্ব ত্যাগৰ হাৰ, কিন্তু কিয়?

শীতকালীন অধিৱেশনত বিদেশ মন্ত্রালয়ে জনাইছে যে ২০১১ৰ পৰা ২০২৪ চন পর্যন্ত ২০ লাখৰো অধিক ভাৰতীয় লোকে দেশৰ নাগৰিকত্ব ত্যাগ কৰিছে

যোৱা ১৪ বছৰত কিমানজন ভাৰতীয় লোকে নাগৰিকত্ব ত্যাগ কৰিছে সেই সম্পর্কীয় এটা লিখিত প্রশ্নৰ উত্তৰত সংসদৰ শীতকালীন অধিৱেশনত বিদেশ মন্ত্রালয়ে জনাইছে যে ২০১১ৰ পৰা ২০২৪ চন পর্যন্ত ২০ লাখৰো অধিক ভাৰতীয় লোকে দেশৰ নাগৰিকত্ব ত্যাগ কৰিছে৷

বিদেশ মন্ত্রালয়ে দিয়া পৰিসংখ্যাত কোৱা হৈছে যে ২০২২ চনৰ পৰা নাগৰিকত্ব ত্যাগৰ হাৰ বৃদ্ধি পাইছে৷ পৰিসংখ্যাত লগতে কোৱা হৈছে যে ২০২০ চনৰ পৰা ২০২৪ চন পর্যন্ত এই সংখ্যাটো ৯ লাখৰো অধিক৷

২০১১ চনৰ পৰা ২০২১ চনলৈ প্রতি বছৰে নাগৰিকত্ব ত্যাগৰ সংখ্যা ১লাখ ২০ হাজাৰৰ পৰা ১ লাখ ৪৫ হাজাৰৰ ভিতৰত উঠা–নমা কৰি আছে৷

কিন্তু ২০২২চনৰ পৰা এই সংখ্যা হৈছেগৈ ২ লাখ পর্যন্ত৷ বিদেশ মন্ত্রালয়ে প্রকাশ কৰা মতে ব্যক্তিগত কাৰণতেই বহুতো লোকে ভাৰতৰ নাগৰিকত্ব ত্যাগ কৰিছে৷ ভাৰতীয়সকলৰ অনেকেই কর্মসূত্রে বিশ্বৰ বিভিন্ন দেশত থিতাপি লৈছেগৈ৷

সেই দেশৰ নাগৰিকৰ সুযোগ–সুবিধা পাই সংশ্লিষ্ট দেশখনৰ নাগৰিকত্ব গ্রহণ কৰে৷ নিয়ম অনুযায়ী অন্য দেশৰ নাগৰিকত্ব লোৱাৰ লগে লগে ভাৰতৰ নাগৰিকত্ব হেৰুৱায় ব্যক্তিগৰাকীয়ে৷ কাৰণ ভাৰতত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা নাই৷

ডিজিটেল ডেস্ক, ১৯ ডিচেম্বৰ

You might also like