নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফাইনেলত ভাৰতৰ প্ৰতিদ্বন্দ্বী চিৰপ্রতিদ্বন্দ্বী পাকিস্তান

কাইলৈ হ’বলগীয়া খিতাপ যুঁজৰ মেচখনত ভাৰতে চিৰপ্রতিদ্বন্দ্বী পাকিস্তানৰে মুখামুখি হ’ব৷ আনখন ছেমিত পাকিস্তানে বাংলাদেশক ৮ উইকেটত পৰাস্ত কৰে

অপ্রতিৰোধ্য ভাৰতে চলিত ১৯ বছৰ অনূর্ধ্ব এছিয়া কাপৰ ফাইনেলত প্রৱেশ কৰিছে৷ ডুবাইত অনুষ্ঠিত বর্ষাবিঘ্ণিত প্রথমখন ছেমিফাইনেলত আয়ুস মাত্রে নেতৃত্বাধীন ভাৰতীয় দলটোৱে শ্রীলংকাক সহজেই ৮ উইকেটত পৰাস্ত কৰি খিতাপ যুঁজত স্থান সুৰক্ষিত কৰে৷

প্রবল বৰষুণৰ বাবে ৫০ অভাৰৰ পৰিৱর্তে ২০ অভাৰলৈ হ্রাস কৰা মেচখনত টছত জয়লাভ কৰি প্রথমে বেটিং কৰাৰ আমন্ত্রণ জনাই শ্রীলংকাক৷ প্রথমে বেটিং কৰিবলৈ আহি প্রাৰম্ভিক বিপর্যয়ৰ সন্মুখীন হোৱা সিংহলী বাহিনীয়ে নির্ধাৰিত ২০ অভাৰত ৮টা উইকেট হেৰুৱাই ১৩৮ ৰান সংগ্রহ কৰে৷

দলটোৰ হৈ সর্বাধিক ৪২ ৰান কৰে চামিকা হিনাটিগালাই৷ অধিনায়ক বিমথ ডিনছাৰাই ৩২ আৰু ছেথমিকাই ছেনেভিৰত্নেই ৩০ ৰানৰ অৱদান আগবঢ়ায়৷ অ’পেনাৰ বিৰন চামুডিথাই ১৯ ৰানত বিদায় লয়৷ দলটোৰ মাত্র ৪গৰাকী বেটাৰে দহকৰ ঘৰ স্পর্শ কৰে৷

দলীয় স্ক’ৰ ১৫ ৰানতে প্রথমটো উইকেট হেৰুৱায় বিপর্যয়ৰ সন্মুখীন হোৱা শ্রীলংকাই পৰৱর্তী সময়ত ভাৰতীয় বলাৰৰ সন্মুখত উন্নত প্রদর্শন দাঙি ধৰাত ব্যর্থ হয়৷ ভাৰতীয় দলটোৰ হৈ হেনিল পেটেল আৰু কনিষ্ক চৌহান উভয়ে সর্বাধিক দুটাকৈ উইকেট লাভ কৰাৰ লগতে কিশন সিং, দীপেশ দেবেন্দ্র আৰু খিলান পেটেলে এটাকৈ উইকেট লাভ কৰে৷

১৩৯ ৰানৰ জয়ৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি ভাৰতীয় দলটোৱে দলীয় স্ক’ৰ ২৫ ৰানতে দুয়োজন অ’পেনাৰ হেৰুৱাই বিপদত পৰিছিল যদিও আৰ’ন জর্জ আৰু বিহান মালহোট্রাৰ দর্শনীয় অপৰাজিত অর্ধশতকৰ সহায়ত ১৮ অভাৰত দুটা উইকেট হেৰুৱাই জয়ৰ লক্ষ্যত উপনীত হয়৷

অধিনায়ক আয়ুষ মাত্রেই ৭ আৰু বিস্ফোৰক অ’পেনাৰ বৈভৱ সূর্যবংশীয়ে মাত্র ৯ ৰান কৰি বিদায় লয়৷ আৰ’ন আৰু বিহানে তৃতীয় উইকেটত অপৰাজিতভাৱে ১১৪ ৰান সংগ্রহ কৰি দলৰ জয় নিশ্চিত কৰে৷ আৰনে ৫৮ আৰু বিহানে ৬১ ৰান কৰি নট আউট হৈ থাকে৷

কাইলৈ হ’বলগীয়া খিতাপ যুঁজৰ মেচখনত ভাৰতে চিৰপ্রতিদ্বন্দ্বী পাকিস্তানৰে মুখামুখি হ’ব৷ আনখন ছেমিত পাকিস্তানে বাংলাদেশক ৮ উইকেটত পৰাস্ত কৰে৷

ডিজিটেল ডেস্ক, ২০ ডিচেম্বৰ

You might also like