বিক্ষোভকাৰীৰ তাণ্ডৱত অগ্নিগর্ভ বাংলাদেশ
দেশখনৰ প্রথম শাৰীৰ বাংলা বাতৰিকাকত ‘প্রথম আলো’ আৰু ইংৰাজী বাতৰিকাকত ‘ডেইলী ষ্টাৰ’ৰ কার্যালয়ত বৃহস্পতিবাৰে নিশা উন্মত্ত জনতাই তাণ্ডৱ চলায়৷ প্রথম আলোৰ চাৰিমহলীয়া ভৱনটো সম্পূর্ণৰূপে ভস্মীভূত হৈ পৰে
পুনৰ অগ্নিগর্ভ হৈ উঠিছে বাংলাদেশ৷ দেশখনত ক্রমে বৃদ্ধি পাবলৈ ধৰিছে ভাৰত বিৰোধিতা৷ ইনকিলাব মঞ্চৰ আহ্বায়ক ওছমান হাডিৰ ছিংগাপুৰৰ এখন চিকিৎসালয়ত মৃত্যু হোৱাৰ খবৰ বিয়পি পৰাৰ পিছতেই উত্তাল হৈ পৰে বাংলাদেশ৷
হাডিৰ মৃত্যুৰ খবৰ বাংলাদেশত বিয়পি পৰাৰ পিছতে ঢ়াকাৰ শ্বাহবাগত সমৱেত হয় অনেক লোক৷ এই ঠাইতে বৈষম্যবিৰোধী ছাত্র আন্দোলনৰ নেতাসকলে উচটনিমূলক বক্তব্য দিয়াৰ অভিযোগ উঠিছে৷ তাৰ পিছতেই দেশখনৰ বিভিন্ন চহৰত হিংসাত্মক বিক্ষোভ বিয়পি পৰে৷ বৃহস্পতিবাৰে নিশাতে বিভিন্ন ঠাইত হিংসাত্মক কার্য সংঘটিত হয়৷
দেশখনৰ প্রথম শাৰীৰ বাংলা বাতৰিকাকত ‘প্রথম আলো’ আৰু ইংৰাজী বাতৰিকাকত ‘ডেইলী ষ্টাৰ’ৰ কার্যালয়ত বৃহস্পতিবাৰে নিশা উন্মত্ত জনতাই তাণ্ডৱ চলায়৷ প্রথম আলোৰ চাৰিমহলীয়া ভৱনটো সম্পূর্ণৰূপে ভস্মীভূত হৈ পৰে৷ নিশা ৯ বজাত খুলনাত এগৰাকী সাংবাদিকক গুলীয়াই হত্যা কৰে দুষৃকতিকাৰীসকলে৷ মৃত সাংবাদিকজনক ইমদাদুল হক মিলন বুলি চিনাক্ত কৰা হৈছে৷
গুলীবিদ্ধ হোৱা আন এগৰাকী সাংবাদিকক চিকিৎসালয়ত চিকিৎসাধীন কৰা হৈছে৷ ইফালে ডেইলী ষ্টাৰ কার্যালয় ভৱনটোৰ তলৰ দুটি মহলা অগ্ণিত জাহ যায়৷ উদ্ধাৰকাৰী সেনা জোৱান পুৱতিনিশা ঘটনাস্থলীত উপস্থিত হয় আৰু সাংবাদিকসকলক তাৰ পৰা উদ্ধাৰ কৰে৷ শ্বেখ মুজিবুৰ ৰহমানৰ ধানমন্দিৰ ঘৰত পুনৰ চলে আক্রমণ৷
তদুপৰি ৰাজশ্বাহীত থকা মুজিবৰৰ আন এটি ঘৰ আৰু আৱামী লীগৰ কার্যালয়টো ভাঙি চূৰমাৰ কৰা হয়৷ বাংলাদেশৰ বিভিন্ন ঠাইত বিক্ষোভকাৰীৰ মুখত শ্বেখ হাছিনা আৰু ভাৰত বিৰোধী শ্ল’গান শুনিবলৈ পোৱা যায়৷ ছত্রগ্রামত থকা ভাৰতীয় দূতাৱাসক লক্ষ্য কৰি আক্রমণ কৰাৰ উপৰি নিশাৰে পৰা দূতাৱাসৰ সন্মুখত যুৱ–ছাত্রৰ একাংশই অৱস্থান গ্রহণ কৰে৷
দেশখনৰ ধর্মনিৰপেক্ষ সাংস্কৃতিক প্রতিষ্ঠান ছায়ানট ভৱনো লণ্ডভণ্ড কৰে বিক্ষোভকাৰীসকলে৷ বাংলাদেশৰ সংবাদ মাধ্যমৰ বাতৰি মতে ছায়ানটত লণ্ডভণ্ড কৰাৰ উপৰি ভৱনটোত অগ্নিসংযোগো কৰে৷ ভৱনটোত থকা হাৰমনিয়ামসহ বিভিন্ন যন্ত্রপাতিও ভাঙি পেলায়৷ তদুপৰি জ্বলাই দিয়ে কবিগুৰু ৰবীন্দ্র নাথ ঠাকুৰৰ আলোকচিত্র আৰু গ্রন্থ৷ ফালি পেলোৱা হয় লালন ফকীৰৰ ছবিও৷
দেশখনৰ খুলনাত এগৰাকী সাংবাদিককো গুলীয়াই হত্যা কৰে৷ দেশখনৰ আইন–শৃংখলা পৰিস্থিতিৰ দ্রুত অৱনতিক লৈ চিন্তিত মহম্মদ ইউনুছৰ অন্তর্ৱর্তীকালীন চৰকাৰ৷ পৰিস্থিতি পর্যালোচনা কৰাৰ বাবে শুকুৰবাৰে ঢাকাত এখন উচ্চ পর্যায়ৰ বৈঠক অনুষ্ঠিত হয়৷
উল্লেখ্য যে বাংলাদেশৰ ইনকিলাব মঞ্চৰ মুখপাত্র শ্বৰীফ ওছমান হাডিক যোৱা শুকুৰবাৰে এটা জনবহুল এলেকাত অজ্ঞাত বন্দুকধাৰীয়ে গুলীয়াই আহত কৰে৷ তাৰ পিছত তেওঁক উন্নত চিকিৎসাৰ বাবে ছিংগাপুৰলৈ পঠিওৱা হয়৷ যোৱা এসপ্তাহ ধৰি মৃত্যুৰ সৈতে যুঁজি যুঁজি বৃহস্পতিবাৰে নিশা তেওঁ শেষ নিশ্বাস ত্যাগ কৰে৷ আগন্তুক ফেব্রুৱাৰী মাহত দেশখনৰ সাধাৰণ নির্বাচন অনুষ্ঠিত হ’ব৷ তাৰ পূর্বে এইধৰণৰ ব্যাপক হিংসাত্মক কার্যকলাপে বিশেষ তাৎপর্য বহন কৰিছে বুলি কোৱা হৈছে৷
ডিজিটেল ডেস্ক, ২০ ডিচেম্বৰ