ড° খনীন্দ্ৰ মোহন দাসক নেচনেল কালচাৰেল এৱাৰ্ড প্ৰদান
পিতৃ নগেন্দ্ৰ মোহন দাস আৰু মাতৃ শৈলজানন্দ দাসৰ অনুপ্ৰেৰণাত সৰুৰে পৰা সাহিত্য আৰু সংস্কৃতি চৰ্চাত নিমৰ্জিত হৈ পৰা দাসে বিভিন্ন কাকত আলোচনীত সাহিত্য কৰ্মৰ সৈতে জড়িত হৈ আহিছে৷
কামৰূপ জিলাৰ মিৰ্জাৰ বৰহাটৰ বিশিষ্ট শিল্পী ড° খনীন্দ্ৰ মোহন দাসলৈ গ্লবেল হিউমেন প্ৰটেকচন ফৰামে আগবঢ়াইছে নেচনেল কালচাৰেল এৱাৰ্ড ২০২৫৷
পিতৃ নগেন্দ্ৰ মোহন দাস আৰু মাতৃ শৈলজানন্দ দাসৰ অনুপ্ৰেৰণাত সৰুৰে পৰা সাহিত্য আৰু সংস্কৃতি চৰ্চাত নিমৰ্জিত হৈ পৰা দাসে বিভিন্ন কাকত আলোচনীত সাহিত্য কৰ্মৰ সৈতে জড়িত হৈ আহিছে৷
গুৱাহাটী অনাতাঁৰ কেন্দ্ৰতো তেওঁ নিয়মীয়াভাবে বিভিন্ন সাহিত্য অনুষ্ঠানত অংশগ্ৰহণ কৰি আহিছে৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিহু হুচৰি, বিহুৱতী আৰু সংগীত প্ৰতিয়োগিতাত বিচাৰকৰ দায়িত্ব পালন কৰি অহা দাসে ইতিমধ্যে উত্তৰ পূৰ্বাঞ্চল প্ৰেৰণা বঁটাৰ লগতে বাবু জগজীৱনৰাম আদি বিভিন্ন ৰাষ্ট্ৰীয় সন্মান লাভ কৰিছে৷
সাহিত্য আৰু সংস্কৃতি জগতলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতি হিচাপে অলপতে নতুন দিল্লীত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত তেওঁ নেচনেল কালচাৰেল এৱাৰ্ড লাভ কৰে৷
নিয়মীয়া বাৰ্তা, বেজেৰা, ২০ ডিচেম্বৰ