নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টি-২০ বিশ্বকাপৰ বাবে ভাৰতীয় দল ঘোষণা, দুবছৰ মূৰত কোন খেলুৱৈয়ে পালে স্থান…

ডিজিটেল ডেস্ক, ২০ ডিচেম্বৰ : সকলো অপেক্ষা আৰু জল্পনা-কল্পনাৰ অন্ত পেলাই ঘোষণা হ’ল টি-২০ বিশ্বকাপৰ বাবে ভাৰতীয় দল। আশ্চৰ্যজনকভাৱে এই দলৰ পৰা বাদ পৰিল তাৰকা ক্ৰিকেটাৰ শুভমন গিল। বিপৰীতে সকলোকে আচৰিত কৰি দলত স্থান লাভ কৰিলে ঈশান কিষনে। অহা বছৰৰ ফেব্ৰুৱাৰী মাহত দেশৰ মাটিত অনুষ্ঠিত হ’ব টি-২০ বিশ্বকাপ। তাৰ পূৰ্বে আজি ব’ৰ্ডৰ সচিব দেৱজিত শইকীয়া, মুখ্য নিৰ্বাচক অজিত আগৰকাৰ আৰু অধিনায়ক সূৰ্যকুমাৰ যাদৱে ভাৰতৰ ১৫ জনীয়া দলটো ঘোষণা কৰে। উল্লেখ্য যে এই দলটোৱেই আগন্তুক নিউজিলেণ্ডৰ বিৰুদ্ধেও টি-২০ শৃংখলা খেলিব।

সূৰ্যকুমাৰ যাদৱ অধিনায়ক হিচাপে থকা দলটোত সহঃ অধিনায়ক হিচাপে পুনৰ দায়িত্ব দিয়া হৈছে অক্ষৰ পেটেলক। শেহতীয়াকৈ জিতেশ শৰ্মাক “ফিনিশ্বাৰ” হিচাপে দেখা গৈছিল যদিও তেওঁকো দলৰ পৰা বাদ দিয়া হৈছে। তাৰ পৰিৱৰ্তে ভাৰতীয় ক্ৰিকেটত তুলনামূলকভাৱে অধিক পৰিচিত “ফিনিশ্বাৰ” ৰিংকু সিঙে দলত স্থান পাইছে। আটাইতকৈ ডাঙৰ চমক ঈশান কিষন। ছৈয়দ মুস্তাক আলী ট্ৰফীত তেওঁ উন্নত খেল প্ৰদৰ্শন কৰিছিল। তেওঁ ভাৰতৰ হৈ শেষবাৰৰ বাবে টি-২০ খেলিছিল ২০২৩ চনৰ নৱেম্বৰত। অৰ্থাৎ দুবছৰৰ পিছত তেওঁ পুনৰ জাতীয় দললৈ ঘূৰি আহিছে— সেয়াও বিশ্বকাপত।

টি-২০ বিশ্বকাপৰ ঘোষিত ভাৰতীয় দলটো : সূৰ্যকুমাৰ যাদৱ (অধিনায়ক), অভিষেক শৰ্মা, তিলক বাৰ্মা, হাৰ্দিক পাণ্ডিয়া, শিৱম ডুবে, ৰিংকু সিং, অক্ষৰ পেটেল (সহঃ অধিনায়ক), ঈশান কিষন (উইকেটকীপাৰ), সঞ্জু ছেমছন (উইকেটকীপাৰ), যশপ্ৰীত বুমৰাহ, বৰুণ চক্রৱৰ্তী, অৰ্শদীপ সিং, কুলদীপ যাদৱ, হৰ্ষিত ৰাণা, ৱাশ্বিংটন সুন্দৰ।

You might also like