ইমৰানৰ কাৰামুক্তিৰ সকলো পথ বন্ধ, পত্নীকো ১৭ বছৰৰ কাৰাদণ্ডৰ নির্দেশ
পাকিস্তানৰ শ্বাহবাজ চৰকাৰে প্রাক্তন প্রধানমন্ত্রী ইমৰান খানৰ কাৰামুক্তিৰ সকলো পথ বন্ধৰ বাবে ৰুজু কৰিছে এটাৰ পিছত আনটো গোচৰ৷ শেহতীয়াকৈ পাকিস্তানৰ আদালতে ইমৰান খান আৰু তেওঁৰ পত্নীৰ বিৰুদ্ধে দুর্নীতিৰ গোচৰত ১৭ বছৰৰ কাৰাদণ্ডৰ নির্দেশ দিছে৷
ইতিমধ্যে একাধিক গোচৰত কাৰাবন্দী হৈ আছে ইমৰান খান৷ ২০২১ চনত এটা গোচৰত দোষী সাব্যস্ত হৈ বন্দিত্বৰ জীৱন কটাইছে প্রাক্তন প্রধানমন্ত্রীগৰাকীয়ে৷ সেই বছৰ ছৌদি আৰবৰ পৰা পোৱা চৰকাৰী উপহাৰত ইমৰান খান আৰু তেওঁৰ পত্নী বুছৰা বিবিয়ে দুর্নীতি সংঘটিত কৰা বুলি অভিযোগ উত্থাপন হৈছিল৷ ইয়াৰ বাবে ১০ বছৰ কাৰাদণ্ড আৰু আন কেইটামান ধাৰাত অতিৰিক্ত সাত বছৰ কাৰাদণ্ডৰ নির্দেশ দিয়া হৈছে৷ তদুপৰি দুয়োৰ ওপৰত এক কোটিকৈ জৰিমনাও বিহা হৈছে৷
নিউজ ডেস্ক, ২১ ডিচেম্বৰ :