কাৰোবাৰ হাতত ধৰি ‘মই তোমাক ভাল পাওঁ’ বোলাটো সম্ভ্রম হানি
কোনো মহিলাৰ হাতত ধৰি ‘মই তোমাক ভাল পাওঁ’ বুলি কোৱাটো তেওঁৰ বাবে সম্ভ্রম হানিৰ সমান কথা৷ সম্প্রতি এটা গোচৰত এই মন্তব্য কৰিছে ছত্তিশগড় উচ্চ ন্যায়ালয়ে৷
ন্যায়ালয়ৰ পর্যবেক্ষণ মতে বিশেষকৈ গ্রামাঞ্চলত কোনো ছোৱালীৰ সৈতে কোনো যুৱকৰ এনে ধৰণৰ আচৰণক ‘অত্যন্ত আপত্তিকৰ’ বুলি গণ্য কৰা হয়৷
ছত্তিশগড়ৰ এগৰাকী ১৯ বছৰীয়া অভিযুক্তই এগৰাকী কিশোৰীক স্কুলৰ পৰা উভতি অহাৰ সময়ত প্রেম নিবেদন কৰে৷ সেই সময়ত কিশোৰীগৰাকীৰ লগত তেওঁৰ ভগ্নী আৰু এগৰাকী বান্ধৱীও আছিল৷
যুৱকগৰাকীয়ে তেওঁক হাতত ধৰি ‘মই তোমাক ভাল পাওঁ’ বুলি কোৱাক লৈ বিষয়টো আদালত পায়গৈ৷ নিম্ন আদালতে তেওঁক দোষী সাব্যস্ত কৰি দিয়া ৰায়ৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত গোচৰ তৰাত ছত্তিশগড় উচ্চ ন্যায়ালয়ে এই মন্তব্য কৰে৷
ডিজিটেল ডেস্ক, ২৫ ডিচেম্বৰ