অসম গ্রন্থমেলা বাকৰিত ধীৰেন ভৰালীৰ ৩খন গ্ৰন্থ উন্মোচন
অসম গ্রন্থমেলাৰ বাকৰিত ভৰালী প্রকাশনৰ তিনিখন গ্রন্থ উন্মোচন হয়৷ উক্ত গ্রন্থসভাখনত ড০ বসন্ত কুমাৰ গোস্বামী, বিশিষ্ট সাহিত্যিক ড০ দীনেশ বৈশ্য আৰু ‘নিয়মীয়া বার্তা’ৰ সম্পাদক নৰেশ কলিতাই পর্যায়ক্রমে ধীৰেন ভৰালীৰ বিষ্ণু ৰাভাৰ অজ্ঞাতবাস, কামৰূপীয়া ঢুলীয়া, আৰু ভাৰিপুত্র নামৰ তিনিখন গ্রন্থ উন্মোচন কৰে৷
অসম প্ৰকাশন পৰিষদৰ উদ্যোগত অনুষ্ঠিত ২০২৫ বৰ্ষৰ অসম গ্ৰন্থমেলাৰ প্ৰফুল্ল গোবিন্দ বৰুৱা সভাগৃহত নতুনকৈ আত্মপ্ৰকাশ কৰা ভৰালী প্ৰকাশনে লেখক ধীৰেন ভৰালীৰ তিনিখনকৈ গ্ৰন্থ উন্মোচন কৰা হয়।
উন্মোচক হিচাপে উপস্থিত থাকে অসম সাহিত্য সভাৰ সভাপতি ড০ বসন্ত গোস্বামী, বিশিষ্ট সাহিত্যিক, লেখক তথা বি বৰুৱা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড০ দীনেশ বৈশ্য আৰু নিয়মীয়া বাৰ্তা কাকতৰ সম্পাদক নৰেশ কুমাৰ কলিতা।
উন্মোচনী ভাষণত দীনেশ বৈশ্যই কয়, ভৰালীৰ উপন্যাস “ভাৰী পুত্ৰ” এখন গাঁৱলীয়া চহা জীৱনৰ কাহিনীসমৃদ্ধ উপন্যাস। সেই তাহানিৰ ভাৰ কৰি কাঁহ পিতলৰ ব্যৱসায় কৰা আৰু আজি ডিজিটেল যুগৰ ব্যৱসায়ৰ মাজত থকা পাৰ্থক্য সুন্দৰ ভাৱে উপস্থাপন কৰে।
উন্মোচনী ভাষণত নৰেশ কলিতাই কয় যে আজি ধীৰেন ভৰালীয়ে যি তিনিখন গ্ৰন্থ পাঠকৰ মাজলৈ আগবঢ়াই দিলে সেয়া এক সমাজখনৰ বাবে মূল্যৱান সম্পদ। আজি পঢ়ুৱৈৰ সংখ্যা বৃদ্ধি পাইছে। ই সমাজখনৰ বাবে শুভ লক্ষণ। আজি গ্ৰন্থমেলাত কিতাপ বিক্ৰী ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। অসমীয়া সমাজৰ বাবে শুভ লক্ষণ। ধীৰেন ভৰালীৰ যি তিনিখন গ্ৰন্থ আজি উন্মোচন কৰা হ’ল, ই সমাজখনক এক গতি প্ৰদান কৰিব।
উন্মোচনী সভাত ড০ বসন্ত গোস্বামীয়ে ধীৰেন ভৰালীক সমাজৰ মাজলৈ যি তিনিখন গ্ৰন্থ উপহাৰ দিলে তাৰ বাবে তেওঁক ধন্যবাদ জ্ঞাপন কৰে আৰু লগতে ভৰালীৰ কলম যাতে থমকি নৰয় তাৰবাবে আহ্বান জনায়।
তেওঁ লগতে কয় অসম সাহিত্য সভাই গ্ৰন্থ প্ৰকাশৰ ক্ষেত্ৰত কিছু নতুন পদক্ষেপ গ্ৰহণ কৰা বুলি উন্মোচনী সভাত মন্তব্য আগবঢ়ায়। তেওঁ ধীৰেন ভৰালীৰ পৰা আৰু কিন্তু লিখনি সমাজৰ মাজত মেলি দিবলৈ আহ্বান জনায়।
উন্মোচনী সভাত প্ৰায় ২০০ লোকৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
ডিজিটেল ডেস্ক, ২৬ ডিচেম্বৰ