ড° অৰ্ণৱ নাৰায়ণ পাটোৱাৰীৰ ‘আমেৰিকা : অনুভৱৰ দিনলিপি’ৰ গ্ৰন্থ উন্মোচন
ৰহা মীন মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃ্হত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ গ্ৰন্থ উন্মোচনী সভাত উন্মোচন কৰা হয় মীন মহাবিদ্যালয়ৰ মৎস্য সম্প্ৰসাৰণ, অর্থনীতি আৰু পৰিসংখ্যা বিভাগ সহকাৰী অধ্যাপক ড°অৰ্ণৱ নাৰায়ণ পাটোৱাৰীৰ ‘আমেৰিকা: অনুভৱৰ দিনলিপি’ শীৰ্ষক এখন ভ্ৰমণ কাহিনীৰ গ্ৰন্থ খন।
লেখকে ২০২১ চনত এটা প্ৰকল্পৰ কামত ছয় মাহ কটাইছিল আমেৰিকাত। বিদ্যায়তিক বৃত্তি লৈ অমেৰিকাৰ আাইডাহো বিশ্ববিদ্যালয়ত গবেষণাৰ বাবে কটোৱা সময়ত তেওঁ আমেৰিকাৰ দৰ্শনীয় স্থানসমূহৰ লগতে দেশখনৰ ঐশ্বৰ্য, প্ৰাচুৰ্য, প্ৰযুক্তিগত আধুনিকতা, শক্তিৰ গৰ্ব তথা বিশ্বৰ শীৰ্ষ দেশখনৰ অলেখ কথা-কাহিনী , চাক্ষুস অভিজ্ঞতাৰ অনুভবেৰে প্ৰায় চাৰিশ পৃষ্ঠাৰ গ্ৰন্থখন লিখি উলিয়াইছে।
ইতিমধ্যে ড০ অৰ্ণৱ নাৰায়ন পাটোৱাৰীৰ বিভিন্ন সময়ত বাতৰি-কাকত, আলোচনী আাৰু সামাজিক মাধ্যমত বিভিন্ন লেখা প্ৰকাশ পাই আহিছে। আমেৰিকাৰ আইডাহো বিশ্ববিদ্যালয়ত থকা সময়খিনিত লেখকে গবেষণা আৰু একেসময়তে মুখা-মুখী হোৱা বিচিত্ৰ অভিজ্ঞতাক খুউব পদ্ধতিগত ভাৱে পাঠকৰ মাজলৈ উলিয়াই দিছে।
গুৱাহাটীৰ ‘বৰ্ণ’ প্ৰকাশনে প্ৰকাশ কৰা এই গ্ৰন্থখনৰ শুভ উন্মোচনৰ বাবে আয়োজন কৰা অনুষ্ঠানত গ্ৰন্থখন উন্মোচন কৰে খ্যাতনামা ঔপন্যাসিক, লেখক জুৰী বৰা বৰগোহাঞিয়ে। ‘আমেৰিকা: অনুভৱৰ দিনলিপি’ উন্মোচন কৰি ঔপন্যাসিক গৰাকীয়ে কয়- গ্ৰন্থখন কেৱল এখন ভ্ৰমন কাহিনী নহয়। গ্ৰন্থ খন বিদ্যায়তিক বিভিন্ন অভিজ্ঞতাৰ সমলেৰেও সমৃদ্ধ। যিখন পঢ়িলে পাঠকে অন্য কিছু ভ্ৰমণ কাহিনীৰ পৰা পৃথক অনুভৱ কৰিব। আমাৰ অসমত জীৱনৰ শেষৰ সময়ছোৱাত ফুৰিবলৈ গৈ ভ্ৰমণকাহিনী লিখাৰ পৰম্পৰাৰ বিপৰীতে এইখন গ্ৰন্থ জীৱনৰ আদবয়সতে লিখা আৰু সেয়ে গ্ৰন্থখন কেৱল ভ্ৰমণ কাহিনী হিচাপে পঢ়াতকৈ অন্য কিছু দিশৰ পৰা চাব পাৰি বুলি মন্তব্য কৰি জুৰী বৰা বৰগোহাঞিয়ে গ্ৰন্থখন সকলো পাঠকৰ বাবে গুৰুত্ব্পূৰ্ণ হ’ব বুলি আাশাপ্ৰকাশ কৰে।
ৰহা মীন মহাবিদ্যাল্যৰ বিজ্ঞান গুৰু ড০ প্ৰদীপ চন্দ্ৰ ভূঞাই আদৰণি ভাষণ ৰখা অনুষ্ঠানটোত বিশিষ্ট লেখক-ভ্ৰমণকাৰী, চাবুৱাৰ ডি ডি আৰ কলেজৰ ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী আৰু সহযোগী অধ্যাপক লক্ষীনন্দন বৰগোহাঞিয়ে উপন্যাসৰ পিছতে ভ্ৰমণ কাহিনীৰ পাঠকৰ মাজত যথেষ্ট জনপ্ৰিয়তা থাকে বুলি উল্লেখ কৰি আমেৰিকাৰ অৰ্থনীতি, সংস্কৃতি, শক্তি আদি সকলো সামৰি লিখা চাৰিশ পৃষ্ঠাৰ এই গ্ৰন্থখনৰ পৰা আমি বহু নতুন কথা জানিব পাৰিম বুলি কয়। উন্মোচনী অনুষ্ঠানত ৰহা মীন মহাবিদ্যালয়ৰ জ্যেষ্ঠ প্ৰাধ্যাপক ড০ কমলেশ্বৰ কলিতা, মহাবিদ্যালয় শিক্ষক সন্থাৰ সভাপতি ড: সাৰদা কান্ত ভাগৱতীয়েও বক্তব্য আগবঢ়ায়।
লীনা শৰ্মাই আঁত ধৰা অনুষ্ঠানটোত লেখক পাটোৱাৰীয়ে আমেৰিকা ভ্ৰমণৰ অভিজ্ঞতাৰ অনুভৱ ব্যক্ত কৰে। অনুষ্ঠানত মীন মহাবিদ্যালয়ৰ সমূহ শিক্ষক-কৰ্মচাৰীৰ লগতে লেখকৰ পিতৃ-মাতৃ, পত্নী তথা অসম চৰকাৰৰ প্ৰশাসনিক বিষয়া শৰ্মিষ্ঠা নেওগ আদিৰ ওপৰিও কেবাগৰাকীও বিশিষ্ট ব্যক্তি ,সাংবাদিক আদি উপস্থিত থাকে।
নিয়মীয়া বাৰ্তা, ৰহা, ২৭ ডিচেম্বৰ