জম্মুত ৩০ পাক উগ্রপন্থীৰ আত্মগোপন, কূটাঘাতৰ আশংকাত ভাৰতীয় সেনাৰ অভিযান তীব্রতৰ
ডিজিটেল ডেস্ক, ২৮ ডিচেম্বৰ : জম্মুত আত্মগোপন কৰি আছে ৩০ৰ পৰা ৩৫ পাকিস্তানী উগ্রপন্থীয়ে৷ এই গোপন তথ্য লাভ কৰাৰ পিছত ভাৰতীয় সেনাই সম্ভাব্য কূটাঘাত ৰুধিবলৈ তালাচী অভিযান তীব্রতৰ কৰিছে৷ উপত্যকাটোৰ কিষ্টৱাৰ আৰু দোদা জিলাত আৰম্ভ হৈছে উগ্রপন্থীবিৰোধী অভিযান৷
পেহেলগাম আক্রমণৰ পিছত সেনাৰ অভিযান বৃদ্ধিৰ পৰিপ্রেক্ষিতত জম্মুত উগ্রপন্থীৰ স্থানীয় নেটৱর্ক দুর্বল হৈ পৰিছে৷ এনে পৰিপ্রেক্ষিতত সেনাৰ প্রত্যক্ষ সংঘাতৰ পৰা হাত সাৰিবলৈ পাকিস্তানী উগ্রপন্থীয়ে জম্মুৰ পাহাৰীয়া অঞ্চলত আত্মগোপন কৰিছে৷ শীতকালত এই অঞ্চলবোৰ বৰফেৰে আবৃত হৈ পৰাত কোনো বসতি নাথাকে৷ ইয়াৰ বাবে উগ্রপন্থীয়ে আত্মগোপনৰ বাবে পাহাৰীয়া অঞ্চল বাছি লয়৷
সেনাই গোপন খবৰৰ ভিত্তিত জম্মু–কাশ্মীৰ আৰক্ষী, চিআৰপিএফ, স্পেচিয়েল অপাৰেচন গ্রুপ, ফৰেষ্ট গার্ড আৰু গাঁওৰক্ষী বাহিনী লগত লৈ যৌথ অভিযান আৰম্ভ কৰিছে৷ সুবিধা পালেই উগ্রপন্থীয়ে জনবসতিপূর্ণ অঞ্চলত প্রৱেশ কৰি কূটাঘাত সংঘটিত কৰাৰ আশংকাৰ প্রতি লক্ষ্য ৰাখি সেনাই ইয়াৰ পূর্বেই সমস্যা সমাধানৰ কঠোৰ প্রচেষ্টা অব্যাহত ৰাখিছে৷