অৰণ্য মানৱৰ মুলাই অৰণ্যত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ
আনহাতে এই অৰন্যখন এফালে যোৰহাট আৰু আনফালে মাজুলী জিলাত পৰে বাবে দুয়োটা বন বিভাগে জুৰুৰীকালীন সময়ত গুৰুত্ব নিদিয়ে৷ যাৰ বাবে একাংশ কাঠৰ চোৱাং বেপাৰীয়ে যথেষ্ট গছ গছনি কাটি তহিলং কৰি আহাৰ লগতে গড় হত্যা কৰি খৰ্গও লৈ যোৱা বাতৰি সঘনে প্ৰকাশ হৈ আহিছে৷
অৰণ্য মানৱ যাদৱ পায়েঙে গঢ়ি তোলা মুলাই অৰন্যত কোনো দুষ্কৃতিকাৰীয়ে গছপুলি নাৰ্চাৰী এখনত অগ্নিসংযোগ কৰে৷ অতি পৰিতাপৰ বিষয় যে গছ গছনি ৰোপন কৰি ২০১২ চনত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ “স্কুল অফ এনভায়ামান্ট চায়েঞ্চ’’ বিভাগে যাদৱ পায়েঙলৈ ফৰেষ্ট মেন অৱ ইন্ডিয়া সন্মান প্ৰদান কৰিছিল৷
কিন্তু এনে মহান কাম কৰা ব্যক্তিজনৰ অৰন্যখন একাংশ দুষ্কৃতিকাৰীয়ে ধংস কৰিবলৈ বহু বছৰে পৰা চেষ্টা কৰি আহিছে৷ বিশেষ সূত্ৰে জানিব পৰা মতে অঞ্চলতোত আজি বহু দিনৰে পৰা একাংশই ব্ৰহ্মপুত্ৰ বালি মহল ল’বলৈ আৰু দিনে ৰাতিয়ে বালি খান্দি নগৰৰ একাংশ বৃহৎ পুজিপতি লোকে বন বিভাগৰ লগত গোপন বুজাবুজি কৰি বেপাৰ চলাই আহিছিল৷
কিন্তু সেই ক্ষেত্ৰত যাদৱ পায়েঙে বালি উঠোৱা বন্ধ কৰিবলৈ যোৰহাট বন বিভাগকক জনাইছিল যদিও যোৰহাট বন প্ৰাধিকাৰীগৰাকীয়ে কোনো গুৰুত্ব দিয়া নাছিল৷ যাক লৈ ককিলামুখ অঞ্চলত বালিমাফিয়া আৰু যাদৱ পায়েঙৰ মাজত শীতল সংঘাত চলি আহিছিল৷
যাদৱ পায়েং ডিব্ৰুগড়লৈ যোৱাৰ পাছত ১১ বজাত ঔণামুখ চাপৰি একাংশ লোকে যাদৱ পায়েঙৰ ঘৰত হাবিত জুই লগা খবৰ দিয়ে৷ পিতৃ অনুপস্থিত পৰিয়ালৰ বাকী সদস্যসকলৰ লগত গাৱৰ ৰাইজে নাৰ্চাৰীত জুই নুমাবলৈ সক্ষম হয়৷
যাৰ বাবে মূল অৰন্যখন কথমপি ৰক্ষা পৰে৷ যাদাৱ পায়েঙৰ পৰিয়ালৰ লোকৰ পৰা জানিব পৰা মতে ৫ বিঘামান নাৰ্চাৰীখন সম্পূৰ্ণকৈ নষ্ট হয়৷ যাদৱ পায়েঙৰ জীয়েক মুনমুনি পায়েঙে জনোৱা মতে ২০২২ চনৰে পৰা কলিকতা এটা প্ৰতিষ্ঠানে গছ পুলি বাগান খুলিবলৈ টকা যোগান ধৰিছিল৷ আজি প্ৰায় পাচ বছৰে গছপুলি নাৰ্চাৰীখন প্ৰতিপালন কৰি আহিছিল যদিও হঠাৎ দুস্কৃতিকাৰীয়ে জুই লগাই দিয়া ঘটনাতোৱে সমগ্ৰ দেশবাসীৰ বাবে লজ্জাজনক বিষয় হৈ পৰিছে৷
আনহাতে এই অৰন্যখন এফালে যোৰহাট আৰু আনফালে মাজুলী জিলাত পৰে বাবে দুয়োটা বন বিভাগে জুৰুৰীকালীন সময়ত গুৰুত্ব নিদিয়ে৷ যাৰ বাবে একাংশ কাঠৰ চোৱাং বেপাৰীয়ে যথেষ্ট গছ গছনি কাটি তহিলং কৰি আহাৰ লগতে গড় হত্যা কৰি খৰ্গও লৈ যোৱা বাতৰি সঘনে প্ৰকাশ হৈ আহিছে৷
আন এক তথ্য মতে নাৰ্চাৰীখনত যোগান ধৰা অৰ্থনৈতিক বিৱৰণ বিচাৰি বহুকেইজন লোকে মাজুলী বন বিভাগক আৰ টি আই কৰিছিল যদিও মাজুলী বন বিভাগে ২০২২ চনৰ পৰা আজিলৈকে নিৰ্মাণ কৰা নাৰ্চাৰীখনৰ কোনো গছপুলি ৰোপনৰ বাবে টকা দিয়া নাই বুলি লিখিত ০৩/১২/২০২৫ তাৰিখত (No:B/Majuli/G-37(Part-ii/
মুলাই হাবিত নাৰ্চাৰী থকা কথাটো মাজুলী আৰু যোৰহাট বন বিভাগে অস্বীকাৰ কৰিছিল৷ এতিয়া উচ্চ পৰ্যায়ত তদন্ত কৰিলেহে নাৰ্চাৰীখনত অগ্নি সংযোগৰ প্ৰকৃত ৰহস্য পোহৰলৈ ওলাব৷ ইতিমধ্যে বন মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে ঘটনা বিষয়ে জানিবলৈ পায়েঙৰ জীয়াৰীৰ লগত কথোপকথন কৰে৷
নিয়মীয়া বাৰ্তা, বাহনা, ২৮ ডিচেম্বৰ