নিয়মীয়া বাৰ্তা, ৩ এপ্ৰিলঃ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ উন্নীতকৰণৰ নামত লাখ লাখ সন্দেহযুক্ত লোকক অসমলৈ ৰঙা দলিচা পাৰি দিয়া আই এ এছ বিষয়াই মহামাৰী ক’ৰোনা সংক্ৰমণৰ সময়তো চৰম গাফলতিৰ পৰিচয় দিছে । শেহতীয়াকৈ মধ্যপ্ৰদেশৰ স্বাস্থ্য আয়ুক্ত পদত কাৰ্যনিৰ্বাহ কৰি থকা হাজেলাৰ দায়িত্বজ্ঞানহীনতাৰ বাবেই ৰাজ্যখনৰ পৰিস্থিতি গুৰুতৰ হৈ পৰিছে । যাৰ বাবে তেওঁক মধ্যপ্ৰদেশৰ স্বাস্থ্য আয়ুক্ত পদৰ পৰা অপসাৰণ কৰা হৈছে । বুধবাৰে মুখ্যমন্ত্ৰীৰে অনুষ্ঠিত এক পৰ্যালোচনা বৈঠকৰ সময়ত প্ৰতীক হাজেলাৰ অকৰ্মণ্যতাৰ স্বৰূপ ওলাই পৰে । যাৰ বাবে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে তৎকালে তেওঁক স্বাস্থ্য আয়ুক্ত পদৰ পৰা অপসাৰণ কৰে । উল্লেখ্য যে, মধ্যপ্ৰদেশত বুধবাৰে দিনটোতে নতুনকৈ ২০ জনকৈ লোক মাৰাত্মক ক’ভিড -১৯ ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হয় । ইতিমধ্যে ৫ জনকৈ লোক মৃত্যুমুখত পৰিছে । পৰিস্থিতি ক্ৰমাত জটিল হৈ পৰাৰ আগজাননী দেখি মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰিছিল । এই বৈঠকত মুখ্যমন্ত্ৰী চৌহানে স্বাস্থ্য আয়ুক্ত প্ৰতীক হাজেলাক শেহতীয়া পৰিস্থিতি সন্দৰ্ভত কেতবোৰ প্ৰশ্ন কৰে । কিন্তু হাজেলাই এই শ্ৰশ্নসমূহৰ উত্তৰ দিবলৈ অসমৰ্থ হয় । তেওঁ আনকি মুখ্যমন্ত্ৰীক কেতবোৰ ভুল তথ্যও ভুল তথ্যও দিবলৈ চেষ্টা কৰে । যিটো মুখ্যমন্ত্ৰীগৰাকীয়ে ধৰা পেলায় ।
মহামাৰী সংক্ৰমণৰ সময়তো শীৰ্ষ স্বাস্থ্য বিষয়াগৰাকীৰ এনে গাফিলতি দেখি শিৱৰাজ সিং চৌহান টিঙিৰ তুলা হৈ পৰে আৰু হাজেলাক স্বাস্থ্য আয়ুক্ত পদৰ পৰা অপসাৰণ কৰিবলৈ নিৰ্দেশ দিয়ে । তেওঁৰ স্থানত ১৯৯৬ বৰ্ষৰ আই এ এছ বিষয়া ফইজ আহমেদ কিডৱাইক মধ্যপ্ৰদেশৰ নতুন স্বাস্থ্য আয়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছে ।