কণ্ঠশিল্পী ববিতা শৰ্মাৰ ধিপিংকৈ মাৰিলে শীৰ্ষক গীতৰ শুভমুক্তি
মাঘ বিহুৰ প্ৰাকক্ষণত ৰাজ্যখনৰ সাংস্কৃতিক প্ৰেমী ৰাইজৰ বাবে এটি ভাল খবৰ। বি এচ মিউজিকেলৰ নিবেদনত মুক্তি লাভ কৰিলে ববিতা শৰ্মাৰ বিহুগীত “ধিপিংকৈ মাৰিলে”।
অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ববিতা শৰ্মাই কণ্ঠদান কৰা এটি বিহুগীত শনিবাৰে শুভমুক্তি লাভ কৰিলে। কণ্ঠশিল্পী ববিতা শৰ্মাই নিজৰ ৪৫সংখ্যক জন্মদিনৰ লগত সংগতি ৰাখি মুক্তি দিছে বিহুগীতটো।
গানটো চাবলৈ ইয়াত ক্লিক কৰক ববিতা শৰ্মাৰ ধিপিংকৈ মাৰিলে
“ধিপিংকৈ মাৰিলে” শীৰ্ষক গীতটো মুক্তি দিয়াৰ লগে লগে দৰ্শকৰ সঁহাৰি লাভ কৰা দেখা গৈছে। অসমীয়ৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স’তে বহুকেইটা জনপ্ৰিয় গীত গোৱাৰ বহু বছৰ বিৰতিৰ পাছত এইবাৰ ববিতা শৰ্মাই এককভাবে কণ্ঠদান কৰিছে “ধিপিংকৈ মাৰিলে” শীৰ্ষক বিহুগীতটোত।
গীতটোৰ কথা মনোজ মনৰ। গীতটো সংগীতেৰে সজাইছে দীপকেশ বৰগোহাঁইয়ে। বাদ্য সংগত কৰিছে ক্ৰমে ঢোলত লাচিত বৰুৱা, পেঁপাত পীতি বৰা, বাঁহীত অঞ্জন মেধিয়ে। ডিজি মিউজিক ষ্টুডিঅ’ত গীতটো বাণীবন্ধন কৰা হৈছে।
গীতটোৱে দৰ্শকৰ মাজত জনপ্ৰিয় হ’ব বুলি আশা প্ৰকাশ কৰিছে কণ্ঠশিল্পী ববিতা শৰ্মাই। গীতটো ববিতা শৰ্মা মিউজিকেল ইউটিউব চেনেলত উপলব্ধ হৈছে বুলি কণ্ঠশিল্পী ববিতা শৰ্মাই জানিবলৈ দিয়ে।
ডিজিটেল ডেস্ক, ১০ জানুৱাৰী