নিউজ ডেস্ক, ১১ জানুৱাৰী : প্রচণ্ড শীতপ্রবাহত হাজাৰ হাজাৰ গৃহহীন আৰু আর্তজনে খাদ্য, বস্ত্র আৰু বাসস্থানৰ বাবে হাহাকাৰ কৰি থকাৰ সময়তে দিব্যাংগ ‘ৰাজু ভিক্ষাৰী’ হৈ পৰিছে মমতাৰ প্রতীক৷ নিজে জীৱন যুঁজত ব্রতী হৈ খুজি-মাগি পোৱা টকা সাঁচি ৰাখি উত্তৰ ভাৰতৰ ৫০০ অভাৱগ্রস্ত অঘৰী লোকক কম্বল বিতৰণেৰে মানৱতাৰ নিদর্শন দাঙি ধৰিছে ৰাজুৱে৷
পাঠানকোট নিৱাসী ৰাজুৱে নিজে হুইলচেয়াৰত ঘূৰি ফুৰে৷ তেওঁৰ কোনো নিজা ঘৰ নাই৷ মাহে ৫ হাজাৰ টকাৰ এটা ভাৰাঘৰত জীৱন নির্বাহ কৰা ৰাজুৱে খুজি–মাগি পোৱা ধনৰ সামান্য সঞ্চয় কৰিয়েই এই সঞ্চয়ৰ ধন তেওঁ আন অসহায় লোকক সহায় কৰাৰ বাবে খৰচ কৰিছে৷
প্রধানমন্ত্রীৰ ‘মন কী বাত’ৰ এটা খণ্ডত স্বীকৃতি পোৱা ৰাজু সমাজসেৱাৰ ক্ষেত্রত নতুন নহয়৷ প্রধানমন্ত্রীয়ে ৰাজুৰ মানৱীয় প্রচেষ্টাক দেশজুৰি প্রেৰণা সৃষ্টিৰ কাৰক বুলি প্রশংসা কৰিছে৷ ক’ভিড–১৯ মহামাৰীৰ সময়তো ৰাজুৱে মাস্ক আৰু ছেনিটাইজাৰ বিতৰণ কৰাৰ লগতে খাদ্য যোগান ধৰিছিল৷ শিশুসকলক পঢ়াৰ বাবে প্রয়োজনীয় সামগ্রীও যোগান ধৰি উৎসাহিত কৰি আহিছে ৰাজুৱে৷ তেওঁ ইতিমধ্যে ৫০গৰাকী দুখীয়া ছোৱালীৰ বিবাহত সহায় কৰাৰ লগতে দুখন ক্ষতিগ্রস্ত দলঙো মেৰামতি কৰিছে৷ ৰাজুৰ নিঃস্বার্থ কাম–কাজৰ সকলোৱে প্রশংসা কৰিছে৷