নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিজকে ভেনিজুৱেলাৰ ‘ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতি’ বুলি দাবী কৰিলে ডনাল্ড ট্ৰাম্পে

নিউজ ডেস্ক, ১২ জানুৱাৰী : আকৌ চৰ্চাত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প! মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পে নিজৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ট্ৰুথত এটা পোষ্ট শ্বেয়াৰ কৰি দেশজুৰি আলোড়নৰ সৃষ্টি কৰিছে। এই পোষ্টটোত ট্ৰাম্পৰ এখন ফটো শ্বেয়াৰ কৰি লিখিছে- বৰ্তমান তেওঁ ভেনিজুৱেলাৰ ‘ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতি’।

শেহতীয়াকৈ ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰো আৰু তেওঁৰ পত্নী চিলিয়া ফ্ল’ৰেছক গ্ৰেপ্তাৰ কৰি আমেৰিকালৈ লৈ অনা হৈছে আৰু এতিয়া তেওঁলোকক জিম্মাত লৈ নিউয়ৰ্কত নিচাযুক্ত সন্ত্ৰাসবাদৰ অভিযোগত ন্যায়িক প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে।

মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কয়- আমেৰিকাই ভেনিজুৱেলাৰ ক্ষমতা তেতিয়ালৈকে নিয়ন্ত্ৰণ কৰিব যেতিয়ালৈকে তাত এটা নিৰাপদ, উচিত আৰু বুজাবুজিৰ উপায়েৰে ক্ষমতা পৰিৱৰ্তন নকৰে। তেওঁ দাবী কৰে যে আমেৰিকাই ভেনিজুৱেলাৰ জনসাধাৰণৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি এই দায়িত্ব পালন কৰিছে।

উল্লেখ্য যে ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰো আৰু তেওঁৰ পত্নী চিলিয়া ফ্ল’ৰেছক গ্ৰেপ্তাৰ কৰি আমেৰিকালৈ লৈ অনাৰ পিছতে ভেনিজুৱেলাৰ উপ-ৰাষ্ট্ৰপতি ডেলচি ৰড্ৰিগজে দেশৰ অন্তৰ্ৱৰ্তীকালীন ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিছে।

You might also like