নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীৰ সত্ৰশালত ছাত্ৰ সন্থাৰ উৰুকা-মাঘ বিহুৰ বিশেষ আয়োজন

ধুবুৰী জিলাৰ গোলকগঞ্জ বিধানসভা সমষ্টিৰ অন্তৰ্গত তথা ভাৰত-বাংলাদেশ সীমান্তৰ সমীপৰ সত্ৰশালত বিস্তৃত কাৰ্যসূচীৰে ধুবুৰী জিলা ছাত্ৰ সন্থাৰ উদ্যোগত উৰুকা আৰু মাঘ বিহুৰ আয়োজন কৰা হৈছে।

ছাত্ৰ সংগঠনটোৰ কাৰ্যকৰী সাধাৰণ সম্পাদক জীৱনজ্যোতি বৰুৱাই সদৰী কৰা অনুসৰি, কাইলৈ উৰুকাৰ নিশা বিশেষ সন্মান জনোৱাৰ উপৰি জ্যেষ্ঠজনৰে উৰুকাৰ এসাঁজ অনুষ্ঠিত হ’ব। আনহাতে, পিছদিনা অৰ্থাৎ বিহুৰ দিনা পুৱা নাম-কীৰ্তনেৰে কাৰ্যসূচী আৰম্ভ হ’ব। তাৰ পিছত জ্যেষ্ঠজনক সন্মান আৰু বিশিষ্ট ব্যক্তিবৰ্গক সম্বৰ্ধনা জনোৱাৰ পিছত অনুষ্ঠিত হ’ব পিঠা খোৱা প্ৰতিযোগিতা। সম্পূৰ্ণ পাৰম্পৰিক নিয়মেৰে মেজি ঘৰ প্ৰজ্বলনেৰে মাঘ বিহুৰ এই বিশেষ কাৰ্যসূচীৰ সমাপন ঘটিব।

নিয়মীয়া বাৰ্তা, ধুবুৰী, ১২ জানুৱাৰী :

You might also like