টি আৰ পিৰ সকলো অভিলেখ ভংগ কৰিলে ৰামায়ণে
নিয়মীয়া বাৰ্তা ৩ এপ্ৰিলঃ তিনি দশক পূৰ্বে ভাৰতীয় জনসাধাৰণৰ মাজত এখন ধাৰাবাহিক যথেষ্ট জনপ্ৰিয় হৈছিল । সেই জনপ্ৰিয় ধাৰাবাহিক খন হৈছে ৰামানন্দ সাগৰৰ ৰামায়ণ। সেই সময়ত ধাৰাবাহিক খনৰ অভিনেতা অভিনেত্ৰী সমূহক বহুতে ইশ্বৰ জ্ঞান কৰিছিল। কিন্তু পুনৰ চৰ্চা লৈ আহিছে এই জনপ্ৰিয় ধাৰাবাহিক খন। লকডাউনৰ বাবে পুনৰ সম্প্ৰচাৰ কৰা ৰামায়ণে এক অভিলেখ ৰচনা কৰিছে। দূৰদশৰ্নত ডি ডি চেনেল যোগে সম্প্ৰচাৰ হোৱা ৰামায়ণক ২০১৫ চনৰ পৰা হিন্দী সাধাৰণ মনোৰঞ্জন চেনেলৰ শিতানত সৰ্বাধিক দৰ্শকে উপভোগ কৰিছে।এই বিষয়ে প্ৰচাৰ ভাৰতীৰ মখ্য কাৰ্যনিৰ্বাহক বিষয়া শশী শেখৰে টুইট যোগে জানিবলৈ দিয়ে। বাৰ্কেও এই তথ্য প্ৰকাশ কৰিছে। শনিবাৰে পুনৰ সম্প্ৰচাৰ হোৱা ৰামায়ণ খনে পুৱা ৯ বজাৰ দৰ্শনীত ৩.৪ কোটি আৰু সেইদিনাই গধূলি দৰ্শনীত ৪.৫ কোটি লোকে উপভোগ কৰে।
Thrilled to share that the re-telecast of RAMAYAN on @ddnational has garnered the highest ever rating for a Hindi GEC show since 2015 ( source: @BARCIndia )
— Shashi Shekhar (@shashidigital) April 2, 2020