নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিতৰ্কিত শিখা শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল গৰিমা শইকীয়া গাৰ্গৰ

ডিজিটেল ডেস্ক, ১৯ জানুৱাৰী : সামাজিক মাধ্যমত জুবিন গাৰ্গ সন্দৰ্ভত বিতৰ্কিত পোষ্ট দিয়া শিখা শৰ্মাৰ বিৰুদ্ধে গোচৰ তৰিলে গৰিমা শইকীয়া গাৰ্গে। ক্ৰাইম ব্ৰাঞ্চত গোচৰ তৰে গৰিমা শইকীয়া গাৰ্গে।

উল্লেখ্য যে শিখা শৰ্মাই সামাজিক মাধ্যমত সীমা চেৰাই গৈ জুবিন গাৰ্গৰ চৰিত্ৰ হনন কৰা পোষ্ট দিছিল। এই লৈ আজি গৰিমা শইকীয়া গাৰ্গে বিতৰ্কিত শিখা শৰ্মাৰ বিৰুদ্ধে ক্ৰাইম ব্ৰাঞ্চত গোচৰ তৰে। বিতৰ্কিত শিখা শৰ্মাৰ বিৰুদ্ধে জুবিনৰ ভগ্নী পামী বৰঠাকুৰৰ উপৰি জুবিন ফেন ক্লাবেও এজাহাৰ দাখিল কৰিব বুলি জানিব পৰা গৈছে।

You might also like