ডিজিটেল ডেস্ক, ২০ জানুৱাৰী : কোকৰাঝাৰৰ কাৰিগাঁৱত আজি পুনৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। কালি নিশা প্ৰায় ৮ বজাত কাৰিগাঁৱত সংঘটিত এক অপ্ৰীতিকৰ পৰিস্থিতিত এজন লোকক ঘটনাস্থলীত মাৰপিট কৰি নিহত কৰিছিল ৷ এই লৈ আজি পুৱাৰ পৰা কাৰিগাঁও ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাৰ লগতে কেইবাটাও ঘৰত অগ্নিসংযোগ কৰে প্ৰতিবাদকাৰীয়ে। আৰক্ষীলৈ শিলগুটিও নিক্ষেপ কৰে প্ৰতিবাদকাৰীয়ে। ইয়াৰ পিছতে প্রতিবাদী জনতাক ক্ষান্ত কৰিবলৈ আৰক্ষীয়ে লাঠীচালনাৰ উপৰি কন্দুৱা গেছ প্ৰয়োগ কৰিবলৈ বাধ্য হয়। প্ৰতিবাদকাৰীসকলে থানাৰ গেট পৰ্যন্ত ভাঙি দি কাৰিগাঁও আৰক্ষী চকীত বলপূৰ্বক প্ৰৱেশ কৰে। প্ৰতিবাদকাৰীৰ শিলাবৰ্ষণত আহত হয় আৰক্ষী বিষয়া। ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী মহাপৰিদৰ্শক বিবেক ৰাজ সিং।
You might also like