নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চামগুৰিৰ সোণাৰিবালিত ৫২টা চোৰাং গৰুসহ বাহন জব্দ

নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ আৰক্ষীয়ে আজি পুৱা পুনৰ চোৰাং গৰুৰ বিৰুদ্ধে অভিযান চলাই ৫২টাকৈ গৰু উদ্ধাৰ কৰাৰ লগতে এখন বাহন জব্দ কৰিবলৈ সক্ষম হয়। আৰক্ষী থানাখনৰ অন্তৰ্গত সোণাৰিবালি অঞ্চলৰ ৰাষ্ট্ৰীয় ঘাইপথত বাহনসহ চোৰাং গৰুকেইটা জব্দ কৰে।

প্ৰাপ্ত খবৰ মতে, চামগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী পৰিদৰ্শক অৰূপ পাঠকৰ নেতৃত্বত এটা আৰক্ষী দলে আজি পুৱা ৬.১৫ মান বজাত এক গোপন খবৰৰ ভিত্তিত সোণাৰিবালি অঞ্চলৰ ৰাষ্ট্ৰীয় ঘাইপথত চোৰাং গৰুৰ বিৰুদ্ধে অভিযান চলায়। চামগুৰি থানাৰ আৰক্ষীৰ দলটোৱে অভিযান চলাই থকাৰ সময়ত উজনিৰ দিশৰ পৰা গুৱাহাটী অভিমুখে আহি থকা এ এছ-২৫ এফ চি-৪২০৭ নম্বৰৰ চোৰাং গৰুভৰ্তি গাড়ীখন জব্দ কৰে।

আৰক্ষীৰ দলটোৱে জব্দ কৰা গাড়ীখনৰ পৰা পৰৱৰ্তী সময়ত ৫২টা চোৰাং গৰু উদ্ধাৰ কৰে যদিও তাৰে এটা গৰু মৃত অৱস্থাত উদ্ধাৰ হয়। আনহাতে, আৰক্ষীৰ অভিযানৰ সময়তে গাড়ীখনৰ চালক আৰু পৰিচালকে পলায়ন কৰে বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে গাড়ীখনৰ পৰা উদ্ধাৰ কৰা চোৰাং গৰুকেইটা পৰৱৰ্তী সময়ত নগাঁও গো-শালালৈ প্ৰেৰণ কৰা হয় বুলি আৰক্ষীৰ এক সূত্ৰই জানিবলৈ দিয়ে ৷

নিয়মীয়া বাৰ্তা, চামগুৰি, ২০ জানুৱাৰী :
You might also like