নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইণ্ডোনেছিয়াত প্রাচীনতম গুহা চিত্রৰ সন্ধান লাভ

নিউজ ডেস্ক, ২৩ জানুৱাৰী : সময়ৰ জলচাপ নে আদিম এবিধ শিল্পৰূপ? কি নাম দিয়া যায় শিলৰ গাত ফুটাই তোলা এই চিত্রকলাক৷ ইণ্ডোনেছিয়াৰ মুনা দ্বীপত সন্ধান পোৱা গৈছে এনে এটা আদিম চিহ্ণৰ৷

ধাৰণা কৰা হৈছে যে এইবোৰ অঁকা হৈছে কমেও ৬৭ হাজাৰ ৮০০ বছৰ পূর্বে৷ যিয়ে প্রমাণ কৰি দিছে যে আধুনিক মানুহৰ খোজ ভাৰতসহ দক্ষিণ–পূব এছিয়াত পৰিছিল ৬৫ হাজাৰ বছৰ পূর্বে৷ এয়াই পৃথিৱীৰ আটাইতকৈ প্রাচীন গুহাচিত্র৷

গৱেষকসকলে বুধবাৰে প্রকাশ কৰা মতে, দক্ষিণ–পূব চুলাৱেচিৰ মুনা দ্বীপৰ চূণশিলৰ গুহাত হাতৰ ছাপৰ চিহ্ণ পোৱা গৈছে৷ তদুপৰি, ইয়াৰ ওপৰৰ খনিজ স্তৰসমূহৰ পৰা স্পষ্টকৈ বুজা যায় যে এই চিহ্ণটো কমেও ৬৭ হাজাৰ ৮০০ বছৰ পুৰণি৷ ইয়াক স্পেইনৰ ৬৬ হাজাৰ ৭০০ বছৰ পুৰণি নিয়ান্দাৰথাল মানুহৰ হাতৰ ছাপতকৈও প্রাচীন বুলি কোৱা হৈছে৷ স্বাভাৱিকতেই এই শিল্পকর্ম দেখি আশ্চর্যৰ সৃষ্টি হৈছে৷ প্রসংগতঃ চুলাৱেচিৰ বিভিন্ন অঞ্চলত ৪ হাজাৰৰ পৰা ৫১ হাজাৰ বছৰ পুৰণি গুহাচিত্রৰ সন্ধান লাভ কৰা হৈছে৷ ইমান প্রাচীন যুগৰ গুহাচিত্রৰ সন্ধান এয়াই প্রথমবাৰৰ বাবে লাভ কৰা হৈছে৷ আটাইকেইটা মিলি মুঠ ১৩টা শিল্পকর্মৰ সন্ধান পোৱা গৈছে৷ ইয়াৰ ভিতৰত ৭টাত পশুৰ আৰু ৩টাত মানুহৰ ছবি আছে৷

প্রত্নতত্ত্ববিদসকলে কোৱা মতে, এই ছবিসমূহে নতুনকৈ এই কথা বুজাই দিছে যে কোনো বিশেষ সময়ত নিজৰ হাতত ৰং ঘঁহি তাক গুহাৰ দেৱালত ফুটাই তোলা কার্য এয়া নহয়৷ বৰং এই প্রথা দীঘলীয়া সময় ধৰি চলি অহা এবিধ বিশেষ শিল্প চর্চা৷ প্রজন্মৰ পিছত প্রজন্ম ধৰি আদিম গুহাবাসীয়ে ইয়াক অনুসৰণ কৰি চলিছিল৷

অষ্ট্রেলিয়াৰ গ্রিফিথ বিশ্ববিদ্যালয়ৰ প্রত্নতাত্ত্বিক মেক্সিম অ’বার্টে কয়– ‘গুহাৰ চিত্রকর্মসমূহৰ পৰা বুজা যায় যে তেওঁলোকে (আদিম মানৱ) ইয়াৰ সহায়ত গুৰুত্বপূর্ণ স্থানসমূহক চিহ্ণিত কৰি আত্মপৰিচয় বা প্রকৃতিৰ লগত তেওঁলোকৰ সম্পর্ক প্রকাশ কৰিবলৈয়ে এইবোৰ কৰিছিল৷’

You might also like