নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজনীতিৰ খেল, খেলৰ ৰাজনীতি

খেল খেলেই৷ ৰাজনীতিৰ পৰা বহু দূৰত অৱস্থান খেলৰ৷ জয়–পৰাজয়ৰ মৰণপণ যুঁজৰ খেলত ৰাজনীতিৰ স্থান নাই, বাস্তৱিকতে এয়া জানো সত্য? একেবাৰে নহয়৷ দূৰ অতীতৰ পৰাই খেলৰ লগত অনাকাংক্ষিতভাৱে জড়িত হৈ আহিছে ৰাজনীতি৷ সেয়া লাগিলে অলিম্পিকেই হওক, বিশ্বকাপ ফুটবলেই হওক নতুবা মুষ্টিমেয় কেইখন দেশে খেলা ভদ্রলোকৰ খেল ক্রিকেটেই হওক৷ খেলৰ পথাৰত ৰাজনৈতিক অংকতেই অনধিকাৰ প্রৱেশ ঘটিছে ৰাজনীতিৰ৷ খেলপথাৰত ৰাজনীতিৰ প্রৱেশ ঘটাৰ শেহতীয়া উদাহৰণ আগন্তুক বিশ্বকাপ টি ২০ ক্রিকেট৷ অহা ৭ ফেব্রুৱাৰীৰ পৰা ভাৰত আৰু শ্রীলংকাই যৌথভাৱে আয়োজন কৰা টি ২০ বিশ্বকাপ বর্জন কৰিছে এছিয়াৰ সহযোগী দল বাংলাদেশে৷ কাৰণটো হ’ল, তেওঁলোকে ভাৰতত খেলিবলৈ অসন্মত৷ দল আৰু সমর্থকৰ সুৰক্ষাৰ প্রশ্ণত ভাৰতৰ পৰিৱর্তে তেওঁলোকৰ মেচসমূহ শ্রীলংকাত আয়োজন কৰাৰ বাবে দাবী তুলিছিল৷ কিন্তু বাংলাদেশৰ এই দাবী পোনছাটে প্রত্যাখ্যান কৰিছে বিশ্ব ক্রিকেটৰ সর্বোচ্চ সংস্থা ইণ্টাৰনেচনেল ক্রিকেট কাউঞ্চিলে৷

আইচিচি–এ বাংলাদেশক তেওঁলোকৰ সিদ্ধান্ত পুনৰ বিবেচনাৰ বাবে সময় বান্ধি দিছিল যদিও বাংলাদেশে এই প্রস্তাৱ নাকচ কৰে৷ ফলত বাংলাদেশ অবিহনেই অন্যতম সন্মানীয় ক্রিকেট প্রতিযোগিতাখন অনুষ্ঠিত হ’বলৈ গৈ আছে৷ আপাত দৃষ্টিত ভাৰতত পর্যাপ্ত সুৰক্ষাৰ অভাৱৰ বাবেই বাংলাদেশে খেলিবলৈ অসন্মত হৈছে যদিও ইয়াৰ আঁৰত আছে চুবুৰীয়া দুয়োখন দেশৰ শেহতীয়া কূটনৈতিক সংঘাতৰ ৰাজনীতি৷ অৱশ্যেই সময়ে সময়ে ক্রিকেটত ৰাজনীতিয়ে ভুমুকি মাৰিয়েই আহিছে৷ সেই তেতিয়াৰ বর্ণবাদী দক্ষিণ আফ্রিকাক বর্জনৰ পৰা শেহতীয়া ভাৰত–পাকিস্তানৰ সংঘাতলৈকে৷ ভাৰত–পাকিস্তানে ৰাজনৈতিক সংঘাতৰ বাবেই পৰস্পৰ দেশ ভ্রমণৰ পৰা বিৰত থকাৰ পিছত শেহতীয়াকৈ সংযোজন হ’ল বাংলাদেশৰ নাম৷

বাংলাদেশৰ তাৰকা পেচ বলাৰ মুস্তাফিজুৰ ৰহমানক আইপিএলৰ পৰা বাদ দিয়াৰ পিছতেই আৰম্ভ হৈছিল ভাৰত–বাংলাদেশ ক্রিকেট ব’ৰ্ডৰ সংঘাত৷ যোৱা এটা বছৰত বাংলাদেশত প্রবল ভাৰতবিৰোধী ঢৌ উঠা আৰু ভাৰতৰ বিৰুদ্ধে একাংশ ৰাজনৈতিক নেতাই অত্যন্ত প্রৰোচনামূলক মন্তব্য দিয়াৰ পৰিপ্রেক্ষিতত দুয়োখন দেশৰ জনগণৰ মাজত উত্তেজনাৰ সৃষ্টি হৈছে৷ এনে পৰিস্থিতিৰ বাবেই মুস্তাফিজুৰে আইপিএলত খেলাটো খেলুৱৈজনৰ সুৰক্ষাৰ বাবে নিৰাপদ নোহোৱাৰ আশংকাত তেওঁক আইপিএলৰ পৰা বাদ দিয়া হৈছে৷ কিন্তু এতিয়া বাংলাদেশ ক্রিকেট ব’র্ডে প্রকাশ কৰিছে যে যি সময়ত ভাৰতত এজন বাংলাদেশী ক্রিকেটাৰকে সম্পূর্ণ নিৰাপত্তা দিব নোৱাৰে তেনে সময়ত সমগ্র বাংলাদেশ ক্রিকেট দলটো আৰু বিশ্বকাপৰ সময়ত ভাৰত ভ্রমণ কৰিবলগীয়া সমর্থকসকলক ভাৰতে কিদৰে সুৰক্ষা দিব? এনে প্রশ্ণ তুলিয়েই চুবুৰীয়া দেশখনে ভাৰতত নেখেলাৰ সিদ্ধান্ত লৈছে৷ কিন্তু বাংলাদেশ ক্রিকেট ব’ৰ্ডৰ এই সিদ্ধান্তৰ নেপথ্যত যে বাংলাদেশ চৰকাৰ আছে, সেই কথা স্পষ্টভাৱেই প্রকাশ পাইছে৷

বাংলাদেশ চৰকাৰৰ ক্রীড়া উপদেষ্টাই ক্রিকেট দলটোক ভাৰত ভ্রমণ কৰাত সম্পূর্ণৰূপে বাধা দিছে৷ দেশখনৰ একাংশ ভাৰতবিৰোধী জনগণক সন্তুষ্ট কৰাৰ বাবেই যে চৰকাৰখনে এই কঠোৰ সিদ্ধান্ত লৈছে সেয়া দিনৰ পোহৰৰ দৰে স্পষ্ট৷ কাৰণ আই পি এল হ’ল ভাৰত ক্রিকেট ব’র্ডে অনুষ্ঠিত কৰা এখন দেশীয়ভিত্তিক ক্রিকেট প্রতিযোগিতা৷ ইয়াৰ পৰিৱর্তে বিশ্বকাপ আয়োজন কৰে ক্রিকেটৰ আন্তর্জাতিক সংস্থা আইচিচিয়ে৷ সেয়ে সকলো অংশগ্রহণকাৰী দেশৰ সুৰক্ষাৰ নিশ্চিতিৰ প্রতি লক্ষ্য ৰাখিয়েই এই প্রতিযোগিতাৰ আয়োজন কৰিছে আইচিচিয়ে৷ যাৰ বাবে বিচিচিআয়ে তেওঁলোকৰ নিজৰ এখন প্রতিযোগিতাত সুৰক্ষাৰ প্রশ্ণত কোনো খেলুৱৈক বাদ দিলে সেয়া আইচিচিয়ে আয়োজন কৰা প্রতিযোগিতাৰ বাবে প্রযোজ্য নহয়৷ প্রকৃতার্থত আইচিচিৰ প্রতিজন খেলুৱৈৰ নিৰাপত্তাৰ বাবে সম্পূর্ণৰূপে দায়বদ্ধ৷ আৰু এই দায়বদ্ধতা ইতিমধ্যে আইচিচিয়ে বাংলাদেশৰ আগত পেছ কৰিছিল৷ কিন্তু ইতিমধ্যে ভাৰতবিৰোধী ৰাজনীতিৰ লেতেৰা বোকাত ডিঙিলৈকে বুৰ যোৱা বাংলাদেশে আইচিচিৰ নির্ভৰতাক সম্পূর্ণৰূপে উপেক্ষা কৰি ভাৰতত খেলাৰ পৰা বিৰত থাকি পুনৰ প্রমাণ কৰিলে খেলতকৈ ৰাজনীতি ঊর্ধ্বত৷

You might also like