নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড-১৯ ত আক্ৰান্ত CISF ৰ ১১ গৰাকী জোৱান

নিয়মীয়া বাৰ্তা, ৪ এপ্ৰিলঃ ক’ভিড-১৯ ত আক্ৰান্ত হৈছে CISF ৰ ১১ গৰাকীকৈ জোৱান । এই জোৱানকেইজন মুম্বাই বিমান বন্দৰত কৰ্মৰত আছিল । উল্লেখ্য যে কৰ্তব্যৰত আৱস্থাত থকা CISF ৰ মুঠ ১৪২ জন জোৱানৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হৈছিল । তাৰে ভিতৰত বৃহস্পতিবাৰে ৪ জনৰ দেহত আৰু শুকুৰবাৰে ১১ জনৰ দেহত ক’ৰোনাৰ অৱস্থিতি ধৰা পৰে ।

ইফালে ক’ৰোনা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে দেশত মুঠ আঠগৰাকীকৈ চিকিৎসকো।

You might also like