ইৰানলৈ বিশাল যুদ্ধ জাহাজ-সেনাৰ দল প্রেৰণ আমেৰিকাৰ
🔹 যুদ্ধৰ দামামা বজাই মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে প্রকাশ কৰিলে উদ্বেগজনক তথ্য
নিউজ ডেস্ক, ২৪ জানুৱাৰী : ইৰানলৈ বৃহৎ সৈন্য দল আৰু বৃহৎ যুদ্ধ জাহাজ প্রেৰণৰ কথা প্রকাশ কৰিছে মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে৷ স্বাভাৱিকতেই মার্কিন ৰাষ্ট্রপতিগৰাকীৰ এই ঘোষণাৰ পিছতেই জল্পনা–কল্পনা বৃদ্ধি পাইছে যে তেহৰানৰ ওপৰত সামৰিক পদক্ষেপ ল’বলৈ আগবাঢ়িছে আমেৰিকা৷
ট্রাম্পে অৱশ্যে দাবী কৰে যে ইৰানৰ ওপৰত নিশ্ছিদ্র নিৰীক্ষণ চলোৱাৰ বাবেই এই পদক্ষেপ লৈছে তেওঁলোকে৷ লগতে ট্রাম্পে আশা কৰে যে হয়তো ইৰানৰ বিৰুদ্ধে অস্ত্র তুলি লোৱাৰ প্রয়োজন নহ’ব আমেৰিকাৰ৷ ডাভোছৰ ৱ’ৰ্ল্ড ইক’নমিক ফ’ৰামৰ সন্মিলনৰ পৰা আমেৰিকালৈ ওভতাৰ পথত ট্রাম্পে সাংবাদিকৰ আগত কয়– ‘আমাৰ এখন বৃহৎ যুদ্ধজাহাজ সেইপিনে (ইৰান) গৈছে৷ আমি চাম কিনো হয়৷ আমাৰ বৃহৎ সৈন্য দলো ইৰানৰ ফালে অগ্রসৰ হৈছে৷ আমি তেওঁলোকৰ (ইৰান) ওপৰত নিশ্ছিদ্র নিৰীক্ষণ ৰাখিম৷’
উল্লেখ্য যে যোৱা ২৮ ডিচেম্বৰৰ পৰা ইৰানত বিক্ষোভ আৰম্ভ হৈছে৷ প্রাথমিকভাৱে মূল্যবৃদ্ধিৰ প্রতিবাদত মানুহে ৰাজপথলৈ ওলাই আহিলেও সেয়া ক্রমে দেশখনৰ ধর্মীয় শাসনৰ বিৰুদ্ধে সর্বাত্মক বিদ্রোহৰ ৰূপ গ্রহণ কৰে৷ সর্বোচ্চ ধর্মীয় নেতা আয়াতুল্লা খোমেইনিক ক্ষমতাচ্যুত কৰিবলৈ বিক্ষোভ প্রদর্শন কৰে হাজাৰ হাজাৰ মানুহে৷ আমেৰিকাই এই গণবিক্ষোভক সমর্থন কৰিছিল৷ বিদ্রোহীক দমন কৰিবলৈ চৰকাৰে কঠোৰ ব্যৱস্থা গ্রহণ কৰে৷ নির্বিচাৰে বিক্ষোভকাৰীসকলৰ ওপৰত গুলী চলোৱা হৈছে বুলি অভিযোগ উঠিছে৷
বৃহস্পতিবাৰে ট্রাম্পে পুনৰ দাবী কৰে যে আমেৰিকাৰ হেঁচাতেই ইৰানৰ চৰকাৰে কেইবাশ বিক্ষোভকাৰীৰ মৃত্যুদণ্ড বাতিল কৰিছে৷ ট্রাম্পে কয়– ‘বৃহস্পতিবাৰে আমি ৮৩৭টা ফাঁচি ৰোধ কৰিছোঁ৷ নহ’লে তেওঁলোকৰ প্রত্যেককে ফাঁচিকাঠত ওলমোৱা হ’লহেঁতেন৷’ ইৰানে মূলতঃ কম বয়সীয়াসকলক হত্যা কৰাৰ পৰিকল্পনা কৰা বুলি দাবী কৰিছে ট্রাম্পে৷